• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 10:32 am
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেম্পাছত হিংসা বিয়পোৱাৰ অভিযোগত শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা বহিষ্কাৰ কৰা হৈছে ৫ গৰাকী বাংলাদেশী ছাত্ৰক। কেৱল সেয়াই নহয়, প্ৰশাসনে ৫ অভিযুক্তক বাংলাদেশলৈ ঘূৰাই পঠিয়াব বুলি কৈছে। সূত্ৰ অনুসৰি ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্যনছ স্কোলাৰশ্বিপত ভৰ্তি হোৱা ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ঘৰত তালাচী চলোৱাৰ সময়ত ড্ৰাগছ উদ্ধাৰ হয়।

যোৱা ৮ ছেপ্টেম্বৰত শিলচৰৰ এন আই টি উত্তপ্ত হৈ পৰে। জানিব পৰা মতে, তৃতীয় বৰ্ষৰ বাংলাদেশী ছাত্ৰৰ এটা দলে ড্ৰাগছ সেৱন কৰি তাত আন বাংলাদেশী ছাত্ৰক আক্ৰমণ কৰে। লগে লগে কেম্পাছ চৌহদত উত্তেজনা বিয়পি পৰে।

Apply Now

অভিযোগ অনুসৰি উন্মাদ ছাত্ৰ-ছাত্ৰীসকলে লোহাৰ ৰড, ছুৰী আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই ঘটনাত কেইবাজনো ছাত্ৰ আহত হয়। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কেইবাগৰাকী আহত ছাত্ৰক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ লৈ যোৱা হয়। ইয়াৰে দুজনৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

চিকিৎসকে জনোৱা মতে, আহতসকলক আই চি ইউত ৰখা হৈছে। ইয়াৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়েও ঘটনাৰ তদন্ত আৰম্ভ কৰে। মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে এই হিংসাৰ লগত মূলতঃ ৫ জন ছাত্ৰ জড়িত আছিল। আটাইকেইজন বাংলাদেশী।

এন আই টি কৰ্তৃপক্ষই জনোৱা মতে, তেওঁলোকে নিজেই তদন্ত কৰিছে, গুৱাহাটী জ’নৰ এজন জ্যেষ্ঠ আই চি চি আৰ বিষয়াও কেম্পাছত উপস্থিত হয়। তেওঁ কয়, ‘আমাৰ তদন্ত আৰু গ্ৰহণ কৰা অনুশাসনমূলক ব্যৱস্থাত আমি সন্তুষ্ট। কেম্পাছলৈ অহা গুৱাহাটীৰ আইচিচিআৰৰ সঞ্চালকগৰাকীও আমাৰ তদন্তত সন্তুষ্ট।’

এন আই টিৰ সঞ্চালক দিলীপ কুমাৰ বৈদ্যই কয়, ‘পাঁচজন ছাত্ৰকে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ’ব। তেওঁলোকে কেম্পাছত প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোক কেম্পাছৰ হিংসাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল আৰু দুটা ছেমিষ্টাৰৰ বাবে নিলম্বন কৰা হৈছে।’

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, যোৱা সপ্তাহত তেওঁলোকক হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছিল। ছাত্ৰ কল্যাণৰ ডীন এছ এছ ধৰে কয় যে, “অভিযুক্তৰ ঘৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল, যিটো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত বিবেচনা কৰা হৈছিল। প্ৰথম অৱস্থাত কেম্পাছত হিংসাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, কিন্তু সন্দেহযুক্ত ড্ৰাগছ সেৱনৰ বিষয়টোও বিবেচনা কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd