কেম্পাছত হিংসা বিয়পোৱাৰ অভিযোগত শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা বহিষ্কাৰ কৰা হৈছে ৫ গৰাকী বাংলাদেশী ছাত্ৰক। কেৱল সেয়াই নহয়, প্ৰশাসনে ৫ অভিযুক্তক বাংলাদেশলৈ ঘূৰাই পঠিয়াব বুলি কৈছে। সূত্ৰ অনুসৰি ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্যনছ স্কোলাৰশ্বিপত ভৰ্তি হোৱা ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ঘৰত তালাচী চলোৱাৰ সময়ত ড্ৰাগছ উদ্ধাৰ হয়।
যোৱা ৮ ছেপ্টেম্বৰত শিলচৰৰ এন আই টি উত্তপ্ত হৈ পৰে। জানিব পৰা মতে, তৃতীয় বৰ্ষৰ বাংলাদেশী ছাত্ৰৰ এটা দলে ড্ৰাগছ সেৱন কৰি তাত আন বাংলাদেশী ছাত্ৰক আক্ৰমণ কৰে। লগে লগে কেম্পাছ চৌহদত উত্তেজনা বিয়পি পৰে।
অভিযোগ অনুসৰি উন্মাদ ছাত্ৰ-ছাত্ৰীসকলে লোহাৰ ৰড, ছুৰী আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই ঘটনাত কেইবাজনো ছাত্ৰ আহত হয়। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কেইবাগৰাকী আহত ছাত্ৰক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ লৈ যোৱা হয়। ইয়াৰে দুজনৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
চিকিৎসকে জনোৱা মতে, আহতসকলক আই চি ইউত ৰখা হৈছে। ইয়াৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়েও ঘটনাৰ তদন্ত আৰম্ভ কৰে। মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে এই হিংসাৰ লগত মূলতঃ ৫ জন ছাত্ৰ জড়িত আছিল। আটাইকেইজন বাংলাদেশী।
এন আই টি কৰ্তৃপক্ষই জনোৱা মতে, তেওঁলোকে নিজেই তদন্ত কৰিছে, গুৱাহাটী জ’নৰ এজন জ্যেষ্ঠ আই চি চি আৰ বিষয়াও কেম্পাছত উপস্থিত হয়। তেওঁ কয়, ‘আমাৰ তদন্ত আৰু গ্ৰহণ কৰা অনুশাসনমূলক ব্যৱস্থাত আমি সন্তুষ্ট। কেম্পাছলৈ অহা গুৱাহাটীৰ আইচিচিআৰৰ সঞ্চালকগৰাকীও আমাৰ তদন্তত সন্তুষ্ট।’
এন আই টিৰ সঞ্চালক দিলীপ কুমাৰ বৈদ্যই কয়, ‘পাঁচজন ছাত্ৰকে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ’ব। তেওঁলোকে কেম্পাছত প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোক কেম্পাছৰ হিংসাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল আৰু দুটা ছেমিষ্টাৰৰ বাবে নিলম্বন কৰা হৈছে।’
সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, যোৱা সপ্তাহত তেওঁলোকক হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছিল। ছাত্ৰ কল্যাণৰ ডীন এছ এছ ধৰে কয় যে, “অভিযুক্তৰ ঘৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল, যিটো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত বিবেচনা কৰা হৈছিল। প্ৰথম অৱস্থাত কেম্পাছত হিংসাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, কিন্তু সন্দেহযুক্ত ড্ৰাগছ সেৱনৰ বিষয়টোও বিবেচনা কৰা হৈছে।”