• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জলা-কলা খুৱাইছে ৰাইজক : তীব্ৰ আন্দোলনৰ হুংকাৰ দল-সংগঠনৰ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
June 9, 2018 11:58 am
৩৮ নং ঘাইপথৰ দুৰৱস্থা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ চহৰৰ মাজেদি পাৰ হৈ যোৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জনসাধাৰণক জলা-কলা খুৱাইছে। দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটা ব্লক তিনি আলি, চেগুণবাৰী তিনিআলি, বৰগোলাই, লিডু, টিৰাপ কলিয়ৰি আদি অঞ্চলেৰে পাৰ হৈ যোৱা ৩৮ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে।

সাধাৰণ পথচাৰীৰ পৰা আৰম্ভ কৰি ৰোগী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, দুচকীয়-তিনিচকীয়া বাহনত যাতায়ত কৰা যাত্ৰী সকলে প্ৰতিদিনে যথেষ্ট দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ ব্লক তিনিআলি, বৰগোলাই আৰু টিৰাপ কলিয়ৰি এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত কেৱল আছে প্ৰকাণ্ড প্ৰকাণ্ড কেইবাটাও গাত।

Apply Now

মাৰ্ঘেৰিটা মহকুমাৰ অতি ব্যস্ত অঞ্চল ব্লক তিনিআলিৰ পথ অতিক্ৰম কৰিয়ে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়, মহকুমাধিপতিৰ কাৰ্য্যালয়, চক্ৰ বিষয়াৰ কাৰ্য্যালয়, মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত, খণ্ড উন্নয়ন কাৰ্য্যালয়, শিক্ষাখণ্ড কাৰ্য্যালয়, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ লগতে কেইবাখনো বিদ্যালয়লৈ যাব লাগে।

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ

বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ নগৰ তথা গ্ৰামাঞ্চলৰ লোক সকলে প্ৰতিদিনে বিভিন্ন কামৰ বাবে এই পথৰে যাতায়ত কৰাৰ সময়ত যমৰ-যাতনা ভোগ কৰিব লগা এক পৰিবেশৰ সৃষ্টি হৈছে। ৰাইজক সাময়িক সকাহ দিয়াৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কেইবাবাৰো দ গাত হোৱা স্থানত বালি মাটি মিশ্ৰিত শিল দিয়াৰ ব্যৱস্থা কৰিছিল যদিও একো উন্নত হোৱা নাই। গুৰুত্বপূৰ্ণ কথা যে স্থানীয় ক্ৰেচাৰ বোৰৰ পৰা লোৱা এই বালি মাটি মিশ্ৰিত শিল অতি নিম্নমানদণ্ডৰ ( শিল বালিতকৈ বোকা মাটি বেছি )হোৱা বাবে পথৰ অৱস্থাৰ অধিক অৱনতিহে ঘটিল।

ইতিমধ্যে সংবাদ মাধ্যমত বহুবাৰ এই বাতৰি প্ৰকাশ পাইছে। বিভিন্ন দল সংগঠনে ৰাষ্ট্ৰীয় পথটি নতুনকৈ নিৰ্মাণ কৰাৰ দাবীত আন্দোলনৰ কাৰ্যসূচীও সাব্যস্ত কৰিছে। দীৰ্ঘদিন ধৰি আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি দল সংগঠনে কেতবোৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰ প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

পৰিবৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত দুবছৰে অসমৰ বাট পথ সমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। অনতিপলমে মাৰ্ঘেৰিটাৰ লগতে অসমৰ আন আন অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আদি দল সংগঠনে। অন্যথা ভগ্নপ্ৰায় ৰাষ্ট্ৰীয় ঘাই পথসমূহ নিৰ্মাণৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে সংগঠনসমূহে।

উল্লেখ্য যে মাৰ্ঘেৰিটাৰ এই পথেদিয়ে অসম চৰকাৰ তথা ভাৰত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সুদীৰ্ঘ বছৰে লাভ কৰি অহাৰ পাছতো কি কাৰণত এই পথটোৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰা নাই সেইয়া অতি ৰহস্যৰ বিষয় হিচাপে চিহ্নিত হৈছে।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd