• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2025 8:05 am
785
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ কেতিয়া অসমলৈ অনা হ’ব সেই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ অনুসন্ধান আৰম্ভ কৰিছে। জুবিনৰ মৃত্যুৰ ঘটনাৰ সৈতে যদিহে আৰক্ষীয়ে কোনো সন্দেহজনক তথ্য লাভ নকৰে তেনেহ’লে ছিংগাপুৰৰ সময় মতে আজি পুৱা ১০.৩০ বজাত তেওঁৰ মৃতদেহ অসমলৈ অনাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব।

আনহাতে, আৰক্ষীয়ে যদি কোনো সন্দেহজনক তথ্য লাভ কৰে তেনেহ’লে ছিংগাপুৰৰ সময় মতে কাইলৈ দিনৰ ১২.৩০ বজাত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব আৰু তাৰ পিছতহে অসমলৈ মৃতদেহ অনাৰ অনুমতি দিয়া হ’ব।

Apply Now

ইপিনে, মৰণোত্তৰ পৰীক্ষাৰ পিছতো সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ আন দুই-তিনিঘণ্টা সময়ৰ প্ৰয়োজন হ’ব। জানিব পৰা মতে, শনিবাৰে জুবিনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাটো প্ৰায় নিশ্চিত।

ছিংগাপুৰৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ অহা বিমানত কমেও ৬ ঘন্টা সময় লাগে। তেনেক্ষেত্ৰত নিশা হয়তো প্ৰায় ৮ মান বজাৰ ভিতৰত গুৱাহাটীত আহি পাবহি জুবিনৰ নশ্বৰ দেহ।

ছিংগাপুৰত জুবিনৰ মৃত্যু হোৱাৰ বাবে দেশখনৰ আইন, নীতি নিয়ম অনুসৰি জুবিনৰ মৃতদেহ প্ৰেৰণৰ অনুমতি দিয়া হ’ব। ছিংগাপুৰ আৰক্ষীয়ে শুকুৰবাৰেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কেইবাগৰাকী ব্যক্তিক সোধাপোচা কৰিছে।

সূত্ৰসমূহৰ মতে, গুৱাহাটীৰ বিমান বন্দৰৰ পৰা জুবিনৰ নশ্বৰ দেহ পোনে পোনে তেওঁৰ কাহিলীপাৰাৰ বাসগৃহলৈ লৈ অনা হ’ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়া মতে গুৱাহাটীত জুবিনৰ নশ্বৰ দেহ আহি পোৱাৰ পিছত তেওঁৰ শেষকৃত্য সন্দৰ্ভতো চৰকাৰীভাবে সকলো ব্যৱস্থা কৰা হ’ব।

মন্ত্ৰী বৰাই জানিবলৈ দিয়া মতে, জুবিনৰ অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ কমেও এদিন তেওঁৰ নশ্বৰ দেহ সৰুসজাই ষ্টেডিয়ামত ৰখা হ’ব। পৰিস্থিতিলৈ চাই সৰুসজাই ষ্টেডিয়ামত হয়তো দুই বা তিনিদিনলৈও জুবিনৰ নশ্বৰ দেহ ৰখা হ’ব পাৰে। ইয়াৰ পিছত তেওঁৰ শেষকৃত্যৰ অনুষ্ঠানটো ৰাইজৰ ইচ্ছা অনুসৰি গুৱাহাটী অথবা তেওঁৰ গৃহ চহৰ যোৰহাটত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব।

বৰ্তমান জুবিনৰ বিয়োগত শোকস্তব্ধ সমগ্ৰ অসম। গোটেই নিশা কাহিলীপাৰাৰ জুবিনৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ভিৰ কৰে। জুবিনক স্মৰণ কৰি কাতৰ হৈ পৰিছে অনুৰাগীসকল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd