জুবিন গাৰ্গৰ নশ্বৰ দেহৰ সৈতে গৰিমা শইকীয়াৰ এম্বুলেচত যাত্ৰাৰ আৱেগিক মুহূৰ্তই সকলোকে আৱেগিক কৰি তুলিছে।
জুবিন গার্গে কিছু বছৰ পূৰ্বে এক মঞ্চত কৈছিল,তেখেতৰ জীৱনত গৰিমাৰ ভূমিকাৰ কথা। গৰিমাৰ অস্তিত্ব তেওঁৰ জীৱনত কিমান সেই কথা জুবিনে নিজমুখে স্বীকাৰ কৰিছিল।
গোলাঘাটৰ বিহুৰ এক অনুষ্ঠানত জুবিনে হাস্যবদনে কৈছিল, ‘গৰিমা আৰু মই একেঠাইলৈকে আহিছো যদিও বেলেগ বেলেগ বাহনত আহিছো। মই মানে য’তে ত’তে ৰৈ দিও, সেয়ে গৰিমাই বেয়া পায়। তাইক কৈছো তুমি বেলেগ গাড়ীত আহা। উপাই নাই।’
জুবিনেই এক টেলিভিছন সাক্ষাৎকাৰত কৈছিল, ‘গৰিমা মোৰ দুখৰ দিনৰ লখিমী।’ জুবিনৰ সেই কথাতেই প্রতীয়মান হৈছিল যে, জীৱিত কালত লগতে বর্তমান সময়তো জুবিনৰ জীৱনত গৰিমাৰ মহত্ব। স্বামী জুবিন আৰু নাই, তেওঁৰ আদৰৰ গল্ডি আৰু এই পৃথিৱীত নাই সেই কথা তেওঁ বহু সময়লৈ বিশ্বাসেই কৰিব খোজা নাছিল।





