• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনবদ্য অভিষেক! এছিয়া কাপৰ ছুপাৰ ফোৰতো ভাৰতৰ হাতত বিধ্বস্ত পাকিস্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2025 7:48 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবাসীক এটা সুন্দৰ দেওবাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সূৰ্যকুমাৰ যাদৱে নিজৰ সেই কথা ৰাখিলে। বেটেৰে তেওঁ বিশেষ একো কৰিব নোৱাৰিলে। তাৰ বিশেষ প্ৰয়োজনো নাছিল। শুভমন গিল আৰু অভিষেক শৰ্মা, পুনৰ এই  দুই তাৰকাৰ হাততে ককাঁল ভাগিল পাকিস্তানৰ। এছিয়া কাপৰ গ্ৰুপ পৰ্যায়তে হওক বা ছুপাৰ ফোৰতে হওক, ছবিখন একেই থাকিল।

ডুবাই ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে ৭টা বল বাকী থকা অৱস্থাত ৬ উইকেটত জয়লাভ কৰে ভাৰতে। ছুপাৰ ফোৰত পাকিস্তানক পৰাস্ত কৰি ভাৰতে এইবাৰ এছিয়া কাপত খিতাপ দখলৰ পথ প্ৰায় নিষ্কন্টক কৰিলে।

Apply Now

অৱশ্যে গ্ৰুপ পৰ্যায়ত ছলমান আলী আঘা বাহিনীৰ বেটিঙৰ অৱস্থাৰ পৰা এইবৰা সামান্য উন্নতি ঘটিছে। কিন্তু কুলদীপ যাদৱ আৰু অভিষেক শৰ্মাই যদি কেইবাটাও সহজ কেচ মিছ নকৰিলেহেঁতেন তেন্তে বহু আগতেই পাকিস্তানৰ বেটিং সমাপ্ত হ’লহেঁতেন। তদুপৰি বলিঙত ব্যৰ্থ হয় যশস্প্ৰিত বুমৰাহ।

তথাপিও পাকিস্তানক দেওবাৰে অলপ সাহসী যেন দেখা গৈছিল। ভাৰতীয় অধিনায়কগৰাকীয়ে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু সাহিবজাদা ফাৰহানে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিং কৰিছিল। মাত্ৰ ৯টা বলত ১৫ ৰান সংগ্ৰহ কৰি পাকিস্তানী বেটিঙৰ বাবে মঞ্চ তৈয়াৰ কৰে ফখৰ জামানে। চলি থকা এছিয়া কাপত এটাও ৰান কৰিব নোৱাৰা আয়ুবে তিনি নম্বৰত নামি ২১ ৰানৰ ইনিংছ খেলিছিল।

যদিও পাকিস্তানী মিডল অৰ্ডাৰৰ কোনোৱেই সেই অৰ্থত ডাঙৰ ৰান কৰা নাছিল, তথাপিও তেওঁলোকে সৰু সৰু কেমিঅ’ খেলি ৰানৰ হাৰ অব্যাহত ৰাখিছিল। ছলমান আঘা (১৭), হুছেইন তালাত (১০), মহম্মদ নৱাজ (২১)ৰ পিছতে ফাহীম আশ্ৰাফে ২০ (২০) ৰান কৰে। আনহাতে, অ’পেনাৰ ফাৰহানে ৪৫টা বলত ৫৮ ৰান সংগ্ৰহ কৰে। দলটোৰ সমন্বিত প্ৰচেষ্টাত পাকিস্তানৰ স্ক’ৰ ১৭১ লৈ বৃদ্ধি পায়।

শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ খেলখন ইমানেই একপক্ষীয় যে এই ৰানটোও যুঁজৰ বাবে পৰ্যাপ্ত যেন লাগিব পাৰে। ভাৰতৰ বেটিঙৰ প্ৰথমটো বলত অভিষেকে স্পষ্ট কৰি দিলে যে সেয়া একেবাৰেই নহয়। শ্বাহীন শ্বাহ আফ্ৰিদিৰ প্ৰথমটো বল দৰ্শকৰ মাজলৈ সোমাই গ’ল। তেতিয়াৰ পৰাই বেছিভাগ বলত সেইটোৱেই লিখা থাকিল। কোনোবাটা চাৰি, কোনোবাটো ছয়। কেতিয়াবা অভিষেক, কেতিয়াবা শুভমন গিল।

প্ৰথমে কোনে অৰ্ধশতক অৰ্জন কৰিব সেয়া যেন দুয়ো বন্ধুৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছিল। অৱশ্যে তাত অভিষেকেই জিকিছিল। গিল ৪৭ ৰানত আউট হৈছিল। কিন্তু তেতিয়ালৈকে পাকিস্তানৰ বলাৰসকল দিশহাৰা হৈ পৰিছিল। এই যুটিৰ পাৰ্টনাৰশ্বিপ আছিল ১০৫ ৰান। এসময়ত হেৰিছ ৰাউফহঁতক শাসন কৰিছিল ‘কিং’ কোহলীয়ে, বৰ্তমান কৰে ‘প্ৰিন্স’ গিলে।

গিল আউট হোৱাৰ পিছত সূৰ্য্যও সোনকালে উভতি যায়। অলপ বেছি সময় খেলিব পাৰিলেহেঁতেন। কিন্তু তেওঁ ৰানৰ গতি লেহেমীয়া কৰিব বিচৰা নাছিল। অভিষেকেও একে পদ্ধতি অনুসৰণ কৰি আউট হৈ আহিল। ত্ৰয়োদশ অভাৰত আব্ৰাৰৰ পৰৱৰ্তী বলটোৱে ছয় মাৰিলেও তেওঁ শান্ত নহ’ল। অৱশ্যে এইবাৰ তেওঁ গুগলীটো ভালদৰে ধৰিব নোৱাৰিলে। ৭৪ ৰানৰ মূৰত হেৰিছ ৰাউফৰ হাতত কেচ তুলি দিয়ে।

ভাৰতে কেইবাটাও কেচ মিছ কৰিছিল যদিও পাকিস্তানে তেনে কৰা নাছিল। অৱশ্যে অভিষেক ঘূৰি অহাৰ সময়ত ভাৰতৰ জয়ৰ বাবে মাত্ৰ ৪৬ ৰান বাকী আছিল। ওমান মেচখনৰ নায়ক সঞ্জু চেমছন ১৩ ৰানত আউট হৈছিল। বাকী কাম শেষ কৰিলে হাৰ্দিক পাণ্ডিয়া আৰু তিলক ভাৰ্মাই। শেষত টিম ইণ্ডিয়াই ৬ উইকেটত জয়লাভ কৰে।

পাকিস্তানক পৰাস্ত কৰিবলৈ বিশেষ কষ্ট নাপালেও দুটা কথাই ভাৰতক চিন্তিত কৰিব। প্ৰথমতে মিছড কেচ, দ্বিতীয়তে মিডল অৰ্ডাৰৰ সেই পুৰণি বেমাৰ। যদি তেওঁলোকে সেইটো ঠিক কৰিব পাৰে তেন্তে অপ্ৰতিৰোধ্য হৈ পৰিব সূৰ্য বাহিনী।

সংক্ষিপ্ত স্কোৰঃ

পাকিস্তানঃ ১৭১/৫ (সাহিবজাদা ৫৮, শিৱম ৩৩/২, কুলদীপ ৩১/১)

ভাৰতঃ ১৭৪/৪ (অভিষেক ৭৪, শুভমন ৪৭, হেৰিছ ২৬/২)

ভাৰতে ৬ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd