ছিংগাপুৰত অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ৰহস্যজনক মৃত্যুক লৈ জনসাধাৰণৰ ক্ষোভ অটুট আছে। ইতিমধ্যে চৰকাৰে তদন্ত ঘোষণা কৰিছে। এই পৰিপ্ৰেক্ষিতত অসম নাগৰিক সন্মিলনে জুবিনৰ মৃত্যুৰ এক নিৰপেক্ষ তদন্ত দাবী কৰিছে। অসম নাগৰিক সন্মিলনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটো তলত হুবহু প্ৰকাশ কৰা হ’লঃ-
জুবিন গাৰ্গৰ আকস্মিক আৰু অকাল মৃত্যুত আমি ম্ৰিয়মান। আজি জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা আমি তেওঁৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জাপন কৰিছোঁ আৰু তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ প্ৰতি অসমৰ সকলো শ্ৰেণীৰ লোকে যি আকুণ্ঠ মৰম-ভালপোৱা যাঁচিছে সি চিৰদিনৰ বাবে অসমৰ ইতিহাসত এক বিৰল পৰিঘটনা হিচাপে চিহ্নিত হৈ ৰ’ব। ই সঁচাই কল্পনাৰ অতীত, প্ৰত্যক্ষ নকৰিলে অবিশ্বাস্য। জুবিনৰ প্ৰতি মানুহৰ সঁচা ভালপোৱা নাথাকিলে এইটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন।
জুবিনৰ গীতবোৰ এসময়ত বহুতেই কৈশোৰৰ ৰোমান্টিক কল্পনা বিলাস বুলি আওকাণ কৰিব বিচাৰিছিল। কিন্তু প্ৰকৃততে তেওঁৰ গীত আছিল সমসাময়িক সময়ৰ নৈৰাজ্য, বন্ধ্যাত্ব আৰু স্থবিৰতাৰ বিৰুদ্ধে এক বিদ্ৰোহ। বহুসময়ত তেওঁৰ সংগীত আছিল আমাৰ যুৱ প্ৰজন্মৰ নিৰাশা-হতাশাৰ এক বহিৰ্প্ৰকাশ। জুবিনৰ গীতত তৰুণ প্ৰজন্মৰ জীৱন স্পন্দন আৰু কেঁচা আবেগ প্ৰতিধ্বনিত হৈছিল বুলিয়ে তেওঁলোকে জুবিনৰ গীত অন্তৰেৰে ভাল পাইছিল। আদৰি লৈছিল।
জুবিনৰ আছিল এক নিৰ্দোষ শিশুসুলভ ব্যক্তিত্ব, যিয়ে সততে তেওঁক মানুহৰ আপোন কৰি লৈছিল। জুবিন ৰাজনৈতিক হিংসাৰ দুৰ্ঘোৰ বিৰোধী আছিল। আৰু তেওঁ কোনো কালে সাম্প্ৰদায়িক নাছিল। “মোৰ কোনো ধৰ্ম নাই জাতি নাই, মই কাঞ্চনজংঘা” বুলি জুবিনে সগৌৰৱে ঘোষণা কৰিছিল। তেওঁৰ গীতত নাছিল কোনো বিভেদৰ বীজ। জুবিন আছিল অসমৰ সমন্বয়ৰ প্ৰতীক। অনবৰতে সাম্প্ৰদায়িক বিষবাষ্পেৰে প্ৰদূষিত অসমলৈ জুবিনৰ মৃত্যুৱে এই কেইদিন কি এক সমন্বয়ৰ প্ৰশান্তিৰ মলয়া লৈ আনিছে তাক আমি সকলোৱে দেখিছোঁ; অনুভৱ, উপলব্ধি কৰিছোঁ। নিজৰ মৃত্যুৰেও হিংসা জিনি জুবিনে আমাক এক কৰি থৈ গ’ল। আমি এতিয়া সেই বাৰ্তা অসমৰ চৌদিশে বিয়পাই দিব লাগিব। তেতিয়াহে জুবিনৰ প্ৰতি থকা আমাৰ ভালপোৱা সাৰ্থক হ’ব। জুবিনৰ স্মৃতিসৌধ নিৰ্মাণৰ কথা ওলাইছে। খুবেই গুৰুত্বপূৰ্ণ। কিন্তু তেনে স্মৃতিসৌধৰ আদৰ্শ আৰু দৰ্শন হ’ব লাগিব জুবিনৰ সংগীতৰ মৰ্ম আৰু জুবিনৰ সমন্বয়ৰ বাৰ্তা।
কিন্তু জুবিনৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিহাস এইটোৱেই আছিল যে এনে এটি উজ্জ্বল প্ৰতিভা, সাংস্কৃতিক সম্পদ কিন্তু অনবৰতে পৰিবেষ্টিত হৈ আছিল অৱক্ষয়ী মূল্যবোধৰ এক ধনাঢ্য ক্ষমতাচক্ৰৰ দ্বাৰা। এক স্বাৰ্থান্বেষী বণিক চক্ৰই তেওঁক অনবৰতে ঘেৰি থাকিছিল। এই স্বাৰ্থান্বেষীসকলৰ অযত্ন-অৱহেলাৰ বাবেই আজি আমি অকালতে, অসময়তে পৰদেশত জুবিনৰ দৰে ৰত্ন এটুকুৰা হেৰুৱালোঁ। আমি সেয়ে জুবিনৰ মৃত্যুৰ এক নিৰপেক্ষ তদন্ত দাবী কৰোঁ। এই তদন্ত কমিটিত থাকক এজন সৎ আৰু নিৰ্ভীক প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, এজন অপৰাধ বিশেষজ্ঞ আৰু এজন উচ্চ ন্যায়ালয়ৰ অধিবক্তা। চৰকাৰৰ লগত হলি-গলি নথকা এনে লোকৰ দ্বাৰা অনুসন্ধান চলালেহে জুবিনৰ মৃত্যুৰ সকলো কথা পোহৰলৈ আহিব। অন্যথা অসমৰ ৰাইজৰ বাবে জুবিনৰ অকাল আৰু আকস্মিক বিয়োগ চিৰদিনৰ বাবে সাঁথৰ হৈ ৰ’ব।
অসম নাগৰিক সন্মিলনৰ হৈ
হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ।





