মৃত্যুৰ পিছত হয়তো বহুতেই জুবিন গাৰ্গক নতুনকৈ আৱিস্কাৰ কৰিলে। ছিংগাপুৰত জুবিনৰ মৃত্যুৰ লগে-লগে অসমত আৰম্ভ হোৱা জুবিন পূজা (Zubin cult) আৰু যোৱাটো সপ্তাহত অসমত কোনেও কাহানিও নেদেখা এক পৰিস্থিতিৰ উদ্ভৱ তথা বৃহৎসংখ্যক মানুহৰ সমদলত স্বতঃস্ফূৰ্ত অংশগ্ৰহণ, জীৱনত শেষবাৰৰ বাবে জুবিনৰ মৃতদেহ চাবলৈ ঘণ্টাৰ পিছত ঘণ্টা শাৰী পতা, মৃত্যুৰ ষড়যন্ত্ৰ তত্বৰ ব্যাপক আলোচনা, কেইবাজনৰো আত্মহত্যা ইত্যাদি সকলো মিলি জুবিনক এক প্ৰপঞ্চলৈ (phenomenon) পৰিণত কৰিলে। জুবিন কেৱল এজন গায়ক হৈ নাথাকিল, হৈ পৰিল সকলোৰে আপোনজন – যেন এই মৃত্যুৱে অসমৰ সকলোলৈ কঢ়িয়াই আনিলে এক দুৰ্ভাৱনা আৰু শূণ্যতা। জীৱিত কালত জুবিনৰ গান যিদৰে বহুতে শুনিছিল, জুবিনে কৰা সকলো কাম, সকলো কথাকে মান্যতা দিছিল- ঠিক সেইদৰে বহুতে জুবিনৰ গান শুনাও নাছিল বা লগতে বহু আছিল জুবিনৰ চোকা সমালোচক -তেওঁৰ গানৰ, আৰু কৰ্মকাণ্ডৰ আৰু ৰাজনৈতিক কথা-বতৰাৰ। কিন্তু জুবিনৰ মৃত্যুৰ পিছৰ পৰিঘটনাবোৰে বা সাধাৰণ ৰাইজে তাক কেনেকৈ লৈছে ই আমাক সমগ্ৰ জুবিন পৰিঘটনাটোক বা যাক আমি প্ৰপঞ্চ বুলি কৈছো নতুনকৈ চোৱাৰ সুযোগ দিছে। কিয় আৰু কেনেকৈ অসমৰ সকলো জাতি, বৰ্ণ, শ্ৰেণী, ধৰ্ম, লিংগ, শিক্ষাগত অৰ্হতা নিৰ্বিশেষে নিজকে জুবিনৰ গীতৰ সৈতেই হওক বা “জুবিনীয় শৈলী”ৰ সতে সংযোগ ঘটাইছে? অথবা কিয় ভিন্ন বয়স আৰু প্ৰজন্মৰ লোক জুবিনৰ লগত একাত্ম হৈ পৰিছে – সেয়া কেৱল গানৰ বাবেই নে? মোৰ নিজৰে কৰ্মস্থলী অসম বিশ্ববিদ্যালয় ডিফু চৌহদত শিক্ষক গোটৰ দ্বাৰা আয়োজিত শোকসভাত ডিমাছা, কাৰ্বি, বড়ো ছাত্ৰ-ছাত্ৰীয়ে জুবিনৰ গান গালে নিজা-নিজা ভাষাত। জনজাতীয় ল’ৰা এজনে ‘মায়াবিনী’ গাই থাকোতে বাৰে বাৰে ফেকুৰি উঠিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলে উপাচাৰ্যই জুবিন সম্পৰ্কে কৰা তুলুঙা মন্তব্যৰ বাবে তেওঁক, বৰ্খাস্ত বা পদত্যাগৰ বাবে আন্দোলন চলাই আছে। যোৱা এসপ্তাহত বিচাৰিলে এনে হাজাৰ উদাহৰণ ওলাব। জুবিন সম্পৰ্কে ভৱিষ্যতে নিশ্চয় গৱেষণা হ’ব- গীতৰ কথা, গীতত প্ৰেম, বিষাদ, মৃত্যু বা আনুষংগিক বিষয় লৈ। কিন্তু মই বিশ্বাস কৰো জুবিন প্ৰপঞ্চ বোলা কথাটো সস্তাতে বাজিমাৎ কৰিব পৰা কথা নহয়। প্ৰগতিশীল, বামপন্থী, জাতীয়তাবাদী সকলোকে জুবিন প্ৰপঞ্চই বহু কথা শিকাই গ’ল।
এটা উদাহৰণেৰে কথাটো বুজিবৰ যত্ন কৰো। জুবিনৰ মৃত্যুৰ আগলৈকে অসমৰ ৰাজনীতিত এক ব্যাপক কলুষতাই ছানি ধৰিছিল। যদিও অসমীয়া জাতীয়তাবাদত মিঞা বিদ্বেষ কথাটো বৰ নতুন নহয় কিন্তু বিভিন্ন সময়ত তাক সমাধানো কৰা হৈছে। শাসক পক্ষৰ উগ্ৰ-হিন্দুত্বৰ পাকত পৰি বহু তথাকথিত জাতীয়তাবাদী সংগঠনে উজনিৰ পৰা মিঞা খেদা আন্দোলন আৰম্ভ কৰিলে। দৈনিক মিঞা খেদা নতুন ভিডিঅ, সাধাৰণ শ্ৰমিকক অশালীন ব্যৱহাৰ, অপদস্থ কৰা ইত্যাদিবোৰ সুলভ হৈ পৰিল। বামপন্থী, প্ৰগতিশীল লোক বা প্ৰগতিশীল জাতীয়তাবাদীসকলে মত প্ৰকাশৰ কোনো ভাষা বিচাৰি নাপালে (ব্যক্তিগতভাৱে বহুতেই মত পোষণ কৰিছিল যদিও এক ধৰণৰ সংগঠিত প্ৰতিবাদ বা প্ৰতিৰোধ সৃষ্টিৰ যি ভাষা সেয়া হেৰাই গ’ল।) হঠাৎ জুবিনৰ মৃত্যুৱে এই সকলোবোৰ উটুৱাই লৈ গ’ল – সকলোৱে পাহৰি গ’ল নিজৰ ধৰ্ম, জাতি – হৈ গ’ল সকলো মানৱতাবাদী – ঠিক জুবিনে কোনো এক মঞ্চত কোৱাৰ দৰে “মোৰো কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত।” সৰুসজাইত দীঘালীয়া শাৰীত জাতি, বৰ্ণ, শ্ৰেণী, ধৰ্ম হেৰুৱাই সকলো একাকাৰহৈ গ’ল। কোনে পানী আনিছে, কোনে বিলাইছে কোনেও নাজানে – কিন্তু পিয়াহত এবটল পানী জুবিন ফেনে বিলাইছে। জুবিন ফেনৰ মাজত এই মানৱতাবাদী লাইনটো জুবিনৰ সংগীতৰ পৰা অহা নাই- সুন্দৰ কণ্ঠ, কেৰিজমেটিক বৈশিষ্ট্য আৰু সংগীতেৰে দহ বছৰৰ ব্যৱধানৰ প্ৰায় তিনি-চাৰিটা প্ৰজন্মক মোহাছন্ন কৰি ৰখা জুবিনৰ কথা বতৰাৰ পৰা আহিছে। হয়তো মিঞা বিদ্বেষী অতি জাতীয়তাবাদীৰ উজনিৰ পৰা পুনৰ মিঞা খেদা ধৰণৰ সমাজ-ভাঙোনকাৰী চিন্তা-চৰ্চা, কৰ্ম কাণ্ডলৈ ঘূৰি যাবলৈ বেছ কিছু সময়ৰ প্ৰয়োজন হব, কিন্তু সম্প্ৰতি অতি জনপ্ৰিয় শব্দ “জেন-জি”য়ে জুবিনৰ ধৰ্মবিহীন, জাতিবিহীন কথাটোক বেছি গুৰুত্ব দিব যেনেই লাগে। ধাৰণাটো আগতীয়া হ’ব পাৰে, কিন্তু আশাটো কৰিব পাৰি।
সমাজ এখন বিভিন্ন নিয়মৰ মাজেৰে চলে – কোনে কি কৰিব, কোনে কি নকৰিব, উচিত-অনুচিত ইত্যাদি। এই নিয়মানুবৰ্তিতাৰ মাজতো নৈতিক ধৰণৰ কথা বতৰাৰে বিপথগামিতা, নিয়ম-ভাঙোতাক নিয়ন্ত্ৰণলৈ অনা হয় বা বাধা দিয়া হয়। নিয়ম ভঙাটোৱেই সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ বা যাক ভূপেন হাজৰিকাই কৈ গৈছে “সমাজৰ নীতি নিয়ম, ভঙাটো নতুন নিয়ম”। আমি সকলোৱে এক বিদ্ৰোহী মন লৈ ঘূৰি ফুৰো – নীতি-নিয়ম ভঙাৰ – সেয়া কেতিয়াবা প্ৰকাশিত হয় বা প্ৰায়েই নহয়; যিহেতু তাত জড়িত থাকে সামাজিক নৈতিকতা, ভয়, সংশয় বা সমাজৰ বান্ধোন। জুবিনে নিজৰ ৫২ বছৰীয়া জীৱনকালত সেই সকলোবোৰ ভাঙি-চিঙি চুৰমাৰ কৰি দিছিল। প্ৰভূত্বৰ ধাৰণাক দলিয়াই, শৃংখলাৰ ধাৰণাক নৎসাত কৰি সাধাৰণ মানুহৰ মাজলৈ সোমাই যাব পৰা যি শকতি জুবিনৰ আছিল সেয়াই বিভিন্ন প্ৰজন্মক আকৃষ্ট কৰে। সমাজৰ আধিপত্যবাদীসকল যিসকলৰ আধিপত্যক আমাৰ সন্মতিৰে আধিপত্য চলাব দিছো বা তাৰ বিৰুদ্ধে প্ৰতিবাদৰ কোনো ভাষা নাছিল সেয়া জুবিনে মুকলিকৈ প্ৰত্যহ্বান জনালে, নিয়ম ভাঙিলে, নিজেই এক ভাষা হৈ পৰিল। নিয়ম ভঙা জুবিনজনেই, বিদ্ৰোহী জুবিনজনেই আপুনি – মই নহয় জানো – যিয়ে নিয়ম ভাঙিবলৈ সাহস কৰা নাই। এখন মঞ্চৰ পৰা সত্ৰাধিকাৰক প্ৰভূ বুলি মানিবলৈ অস্বীকাৰ কৰা তাকো মাজুলীত সেয়া মৰসাহ নহয়জানো? যি সাহস আমি কৰিব পৰা নাই। প্ৰভাৱশালী মন্ত্ৰী এজনক টি-ভিত গৰু বুলি কোৱা, অসমীয়া এথেলেট এগৰাকীক খেলত শক্তি পাবলৈ গৰু মাংস খাবলৈ পৰামৰ্শ (গো মাংসই সচাকৈ শক্তি দিয়ে নে নিদিয়ে সেয়া পিছৰ কথা কিন্তু এক জটিল সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটৰে চালে সি ডাঙৰ কথা), জাতত বামুণ হৈ লগুণ দলিয়াই দিয়া কথাটো ৰাজহুৱাকৈ ঘোষণা কৰা ইত্যাদিবোৰে কেৱল জুবিনৰে নহয় আমাৰ বিদ্ৰোহী মনটোকো প্ৰতিফলিত নকৰে জানো? প্ৰভূত্ব, সমাজৰ শিথিলতা ভাঙি মুক্ত হ’ব খোজা জুবিন আচলতে আমিবোৰেই নহয় জানো? জুবিনৰ প্ৰতিষ্ঠান বিৰোধিতা তাকো সাধাৰণ ৰাইজ, জেন-জিয়ে বুজা ধৰণৰ ভাষাত কোৱা যেনে- “বিজেপি অতি বটলা মাল, ভোট নিদিব”, “মই ঘেণ্টা কাকো খাতিৰ নকৰো” আদিবোৰ উল্লেখনীয়। ২০ ৰ পৰা ৪৫ বয়সৰ কেইবাজনো লোকে মোক একেটা কথাই কলে – জুবিনৰ গানৰ লগত তেওঁলোকে নিজৰ যৌৱনক সংযোজিত কৰিব পাৰে, কাৰোবাৰ বাবে নষ্টালজিয়া কাৰোবাৰ বাবে বৰ্তমান। গায়ক জুবিন আৰু নিজকে ছ’ছিয়েলিষ্ট বুলি ঘোষণা কৰা বিদ্ৰোহী জুবিন বা তাৰ সংমিশ্ৰণত গঢ়ি উঠা জুবিন- এই তিনিওটা জুবিনৰ লগত বিভিন্ন প্ৰজন্মৰ লাখ লাখ লোকে ভিন্ন ধৰণেৰে নিজক পাইছে। গায়কৰ পৰা জুবিন এক ব্যক্তিসত্বালৈ পৰিণত হ’ল, এক ফেন’মেননলৈ উত্তৰণ হ’ল। সেয়ে জুবিনে মঞ্চত উঠি হাজাৰ হাজাৰ লোকক ক’ব পাৰে – “আজি মোৰ মন নাই, গান নাগাওঁ”- জনতাইও মানি লয়। মঞ্চত জুবিনে জখলা বগালেও ৰাইজে একো বেয়া নাপায়, গো-মাংস খাবলৈ ক’লেও ক’তো জুবিনৰ জুমুঠি নজ্বলে, প্ৰতিবাদ নহয়।
শেষত জুবিনে দি যোৱা এক সাহসৰ কথা কওঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ মই প্ৰাক্তন ছাত্ৰ। বিশ্ববিদ্যালয়খন বেছ নিয়মেৰে চলে – সময়ত পৰীক্ষা, ফলাফল, নিয়ম-নীতি, সময়ানুবৰ্তিতা আৰু এক ধৰণৰ এলিটিজিম দেখা যায়। বিশ্ববিদ্যালয়খন লৈ সদায় এটা অভিযোগ আছিল ছাত্ৰ-ছাত্ৰীবোৰ পলিটিকেল নহয়- সেয়ে কোনো প্ৰতিবাদ নাই, কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে কোনো নাযায় (এইবোৰ ভাল নে বেয়া সেই বিতৰ্কলৈ মই যাব খোজা নাই। বা পলিটিকেল নহয় বোলা ধাৰণাটোও একধৰণৰ পলিটিকেল কাৰবাৰেই)। যিসময়ত জুবিনৰ মৃত্যুত সমগ্ৰ অসমজুৰি শোকসভা চলিছে, তেজপুৰ বিশ্ববিদ্যালয়ত চলিছে ছাত্ৰৰ ব্যাপক আন্দোলন য’ত – শিক্ষকেও অংশ লৈছে। কাৰণটো হ’ল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ছাত্ৰ-ছাত্ৰীয়ে জুবিনক লৈ আয়োজন কৰা শোকসভা সম্পৰ্কে কৰা বিৰূপ মন্তব্য। সাহস গোটাই ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰিলে আন্দোলন, সকলো ভয় উৰুৱাই উপাচাৰ্যৰ পদত্যাগ দাবী কৰিছে – বহুতে উজাৰিছে ক্ষোভ – কিদৰে উপাচাৰ্যই ভয় ভাবুকিৰে চলাইছে বিশ্ববিদ্যালয়। এই সাহস যেন দি গ’ল জুবিনে – কাৰণ জুবিন কেৱল এজন গায়ক নহয়- জুবিন এক আৱেগ, জুবিন এক ব্যক্তি নহয় এক ব্যক্তিসত্বা, সেই জুবিনক অপমান কৰাৰ সাহস কেনেকৈ পালে?
মৃতদেহ চাবলৈ লাখ লাখ মানুহৰ সমাগম, প্ৰতিবাদ, আৱেগ, উচুপনি, দাবী সেইবোৰৰ মাজত জুবিন উজলি উঠিল। এই সমাগম, জুবিনৰ কথা বতৰা, আদিবোৰৰ মাজেৰে জুবিনক চালে আমি অজস্ৰ জুবিনক দেখিম- কেতিয়াবা নৈৰাজ্যবাদীৰূপে, কেতিয়াবা বিদ্ৰোহী ৰূপে, মানৱতাবাদীৰূপে বা গায়কৰূপে। জুবিনক কেৱল গানত বিচাৰিলে আমি ঘূৰ্মুটিয়াই ফুৰিব লাগিব, আমি বুজি নাপাম এই লাখ লাখ মানুহক বা প্ৰতিবাদবোৰক। জুবিনক কোনে কিমান দিনলৈ কেনেকৈ মনত ৰাখে নাজানো কিন্তু জুবিন এক পৰিঘটনা বা প্ৰপঞ্চৰূপে আমাৰ সন্মুখত থিয় দিলে। প্ৰকৃতি-সংস্কৃতিৰ (nature-culture) যি বিদ্যায়তনিক বিতৰ্ক সেই বিতৰ্কৰ আওতালৈ আনিলে জুবিন প্ৰপঞ্চও যেন আমাৰ বাবে এক হৈ পৰিছে দ্বিধা (dilemma)।
প্ৰফুল্ল নাথ
লেখকৰ ই-মেইলঃ [email protected]





