• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

অভিযুক্তও ভাৰতীয় মূলৰে ২২ বছৰীয়া ৰোহিত নামৰ এজন যুৱক। তেওঁ ২০২৩ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ তথ্য অনুসৰি তেওঁ তাত নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰী আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2026 12:38 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ কেলিফৰ্ণিয়াত এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ভাৰতীয় মূলৰ এগৰাকী যুৱতীক গুলীয়াই হত্যা কৰে। গুলীচালনাৰ পিছতে অভিযুক্তজনে পলায়ন কৰে যদিও কিছু সময়ৰ পিছতে আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়ায়। আৰক্ষীৰ সৈতে মুখামুখি হোৱাৰ সময়ত তেওঁ নিজকে গুলীয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত তেওঁৰ ঠাইতে মৃত্যু হয়। অভিযুক্তই মহিলাগৰাকীক বিয়া কৰাব বিচাৰিছিল আৰু প্ৰায় এবছৰ ধৰি তেওঁক অনুসৰণ কৰিছিল।

বাতৰি অনুসৰি কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টোত সংঘটিত হৈছে এই ঘটনা। ৮ ছেপ্টেম্বৰত চহৰখনৰ আৰ্ডেন-আৰ্কেড অঞ্চলৰ পনেৰা ব্ৰেড নামৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত সংঘটিত হয় এই আক্ৰমণ। মৃতা যুৱতীগৰাকীক শালিনী ঠাকুৰ (৩৮) বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্তও ভাৰতীয় মূলৰে ২২ বছৰীয়া ৰোহিত নামৰ এজন যুৱক। তেওঁ ২০২৩ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ তথ্য অনুসৰি তেওঁ তাত নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰী আছিল।

Apply Now

আৰক্ষীৰ মতে, শালিনীয়ে ৰোহিতক তেওঁৰ কৰ্মস্থলী ড’ৰডেচ পিকআপৰ জৰিয়তে চিনি পাইছিল, য’ত তেওঁ ওৱেট্ৰেছ হিচাপে কাম কৰিছিল। কৰ্তৃপক্ষই জনোৱা মতে, আক্ৰমণৰ সময়ত শালিনীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও ৰোহিতে তেওঁক খেদি খেদি কেইবাজনো লোকৰ সন্মুখতে একাধিক গুলী চলায়।

শালিনী পৰি যোৱাৰ পিছত ৰোহিতে ওচৰৰ পৰা তেওঁৰ মূৰত আৰু এটা গুলী চলায়। খবৰ লাভ কৰি উপস্থিত হোৱা বিষয়াসকলে শালিনীক ৰেষ্টুৰেণ্টৰ বাহিৰত অচেতন অৱস্থাত উদ্ধাৰ কৰে। চিকিৎসা কৰ্মীয়ে ঘটনাস্থলীতে তেওঁক মৃত বুলি ঘোষণা কৰে।

চেক্ৰেমেণ্টো কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ সহকাৰী মুখপাত্ৰ লেফটেনেণ্ট অমৰ গান্ধীৰ মতে, প্ৰত্যক্ষদৰ্শীৰ জৰিয়তে ক্ষন্তেকতে সন্দেহজনক লোকজনৰ বাহনখনৰ সন্ধান উলিয়ায়। কেই মিনিটমানৰ পাছতে ইষ্ট বাউণ্ড ৫০ নং ঘাইপথত গাড়ীখন ধৰা পৰে। আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হয়।

তেওঁ জনোৱা মতে, যেতিয়া বিষয়াসকলে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল, তেতিয়া ৰোহিতে তীব্ৰভাৱে ব্ৰেক লগোৱাৰ ফলত গাড়ীখন ঘাইপথত ৰৈ যায়। আৰক্ষীৰ এক বিবৃতি অনুসৰি চালকৰ আসনত অচেতন অৱস্থাত উদ্ধাৰ হয় ৰোহিত। তেওঁক মৃত বুলি ঘোষণা কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, তেওঁ নিজকে গুলীয়াই আত্মহত্যা কৰা বুলি সন্দেহ কৰে।

চেক্ৰেমেণ্টোৰ আগশাৰীৰ নিউজ চেনেল কেচিআৰএ ৩ৰ মতে শালিনী ঠাকুৰৰ মাতৃ সুদেশ কুমাৰীয়ে প্ৰায় এবছৰ ধৰি ৰোহিতে শালিনীক অনুসৰণ কৰিছিল আৰু হাৰাশাস্তি কৰি আহিছে বুলি প্ৰকাশ কৰিছে। ৰোহিতে তেওঁৰ জীয়েকক বিয়া কৰাব বিচাৰিছিল যদিও তেওঁলোকৰ বয়সৰ পাৰ্থক্যৰ বাবে শালিনীয়ে নাকচ কৰিছিল বুলিও কয়। ৮ ছেপ্টেম্বৰত, গুলীচালনাৰ প্ৰায় এঘণ্টা আগতে ১:৫৮ বজাত দুয়োৱে ফোনত কথা পাতিছিল।

শালিনীয়ে মাকক ১৫ মিনিটৰ পিছত ফোন কৰিম বুলি কৈছিল যদিও সেই ফোনটো কেতিয়াও নাহিল। দুবছৰ আগতে শালিনীৰ পিতৃৰ মৃত্যু হৈছিল। সুদেশে কেইবাটাও ফোন আৰু মেছেজ দেখুৱাইছিল যিবোৰৰ উত্তৰ পোৱা নাছিল। ইয়াৰ ভিতৰত আছিল “প্লিজ মোক ফোন কৰা” আৰু “মই তোমাৰ বাবে চিন্তিত” আদি বাৰ্তা।

আদালতৰ নথি-পত্ৰই ইংগিত দিয়ে যে ২০২৫ চনৰ ছেপ্টেম্বৰৰ আশে-পাশে ৰোহিতৰ এই পিছ লোৱা আৰম্ভ হৈছিল। ক্ৰমান্বয়ে ৰোহিতৰ আচৰণ বেয়া হৈ আহিছিল। সি ঘণ্টাৰ পিছত ঘণ্টা ধৰি শালিনীৰ ঘৰৰ বাহিৰত ৰৈ আছিল, তেওঁৰ গাড়ীৰ টায়াৰৰ হাৱা এৰি দিছিল আৰু অনুসৰণ কৰিবলৈ গাড়ীৰ তলত এপল এয়াৰটেগ লগাই দিছিল।

তেওঁৰ এই কাৰ্যত হতাশ হৈ শালিনী ঠাকুৰে আৰক্ষীৰ অনুৰোধত ৰেষ্ট্ৰেইনিং অৰ্ডাৰ লাভ কৰে। এই আদেশৰ অধীনত অভিযুক্তই তেওঁৰ পিছ লোৱাত বাধা আৰোপ কৰিছিল। অৱশ্যে ৰোহিতে সেয়া উলংঘা কৰিলে। সি শালিনীক বিয়া কৰাবলৈ হেঁচা দি আছিল আৰু তেওঁৰ পিছ লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd