• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশৰ লেখিকা তচলিমা নাছৰিনৰ জুবিন গাৰ্গৰ সন্মানাৰ্থে প্ৰকাশিত বাংলা প্ৰবন্ধৰ অসমীয়া অনুবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2025 8:24 am
882
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰায় ১৫ লাখ লোকে অশ্ৰুশিক্ত নয়নেৰে জুবিন গাৰ্গৰ কফিন লৈ গুৱাহাটীৰ ৰাজপথত পদযাত্ৰা কৰিলে। সকলো শিল্পীয়ে হয়তো এনে মৰম লাভ কৰাৰ সপোন দেখে, কিন্তু সকলোৰে সপোন বাস্তৱায়িত নহয়, হয়তো লাখৰ ভিতৰত এজনে শিল্পীয়েহে এনে সন্মান লাভ কৰে। জুবিন কোনো ৰাজনৈতিক দলৰ সমৰ্থক নাছিল। তেওঁ নিজকে ‘চ’ছিয়েল লেফটিষ্ট’ বুলি অভিহিত কৰিছিল। অৰ্থাৎ জুবিন ৰাজনৈতিক বাওঁপন্থী নহয়, সামাজিক বাওঁপন্থীহে আছিল। জুবিনে বানাক্ৰান্তক সহায় কৰিছিল। দুখীয়া আৰু আৰ্তজনৰ কাষত সকলো সময়তে ঠিয় দিছিল। জুবিনে ১৫টি শিশুৰ ভৰণ-পোষণৰ দায়িত্ব লৈছিল। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। জুবিনে কোনো শক্তিশালী বা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোচ কৰা নাছিল। মান আৰু যশস্যাৰ শিখৰত থকাৰ পাছতো তেওঁ সাধাৰণ জীৱন যাপন কৰিছিল। পথৰ কাষৰ পৰা খাদ্য কিনি বেঞ্চত বহি সকলোৰে দৰে গ্ৰহণ কৰিছিল। জুবিনে সকলোৰে জ্ঞাতেসাৰে সুৰাপান কৰিছিল, আৰু মদ্যপান কৰি নিজৰ শ্ৰেষ্ঠ গীতবোৰ গাইছিল। জুবিনে বঙালী শিল্পীৰ দৰে ভদ্ৰলোকৰ নিচিনা সাজ-পোছাক পিন্ধিবলৈ চেষ্টা কৰা নাছিল। তেওঁ কোনোদিনে অহং ভাৱ প্ৰকাশ কৰা নাছিল। শৰীৰৰ সকলো অংশতে টেটু কৰাইছিল। জুবিনৰ কোনো বিলাসী ৰাজপ্ৰসাদ নাছিল। এজন সাধাৰণ মধ্যবিত্ত ব্যক্তিৰ দৰে এটা ফ্লেটত জুবিনে বাস কৰিছিল। বম্বেত জুবিনৰ এটা ফ্লেট আছিল, য’ত তেওঁ কামৰ বাবে মাজে-মাজে যাবলগীয়া হৈছিল। কিন্তু বম্বেত থাকি জুবিনে ভাল পোৱা নাছিল। অসম আছিল তেওঁৰ প্ৰকৃত ঘৰ। অসম আছিল তেওঁৰ আত্মা। ইমান নিস্বাৰ্থ আৰু উদাৰ মানুহ এজনক অসমৰ ৰাইজে কিয় ভাল নাপাব? জন্মসূত্ৰে ব্ৰাহ্মণ হোৱাৰ পাছতো তেওঁ লগুণ খুলি পেলাইছিল। তাৰপাছত জুবিনে ঘোষণা কৰিছিল, তেওঁৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো ভগৱান নাই, কোনো ৰাজনৈতিক দল নাই। সেইবাবেই চাগে জুবিনৰ বিয়োগত সকলো ধৰ্ম, সকলো জাতি, সকলো সম্প্ৰদায়ৰ লোকে চকুলো টুকিছিল, হাহাকাৰ কৰিছিল, অথবা শোক প্ৰকাশ কৰিছিল।

মই ভাবো জুবিনৰ মৃত্যু তেওঁৰ সংগীসকলৰ গাফিলতিৰ বাবেই হৈছিল। কিন্তু জুবিনৰ চিজাৰ হোৱা নাছিল, চকুৰে অন্ধকাৰ দেখা নাছিল, বা স্কুবা ডাইভিঙৰ আগতে মদ্যপান কৰা নাছিল। লাইফ জেকেটটো জুবিনৰ বাবে ডাঙৰ হোৱাৰ বাবে খুলিছিল আৰু সাঁতুৰিবলৈ অসুবিধা হৈছিল। তেওঁৰ শৰীৰৰ আকাৰ অনুসৰি জেকেট এটা দিয়াৰ দায়িত্ব আছিল সংগীসকলৰ। সংগীসকলে লক্ষ্য কৰা উচিত আছিল যে, জুবিন ডুব গৈছে, আৰু তেঁওক সোনকালে য়টখনলৈ ঘূৰাই আনিবৰ বাবে চেষ্টা কৰিব লাগে। অৱশ্যে জুবিনৰ লগৰবোৰে তেওঁক কিন্তু পানীত মৃত্যুৰ পাছতহে উদ্ধাৰ কৰি আনিলে।

Apply Now

জুবিনে যদি গুৱাহাটীৰ দীঘলীয়া শোক শোভাযাত্ৰাটো চাব পাৰিলেহেঁতেন, মানুহে তেওঁক কিমান মৰম কৰে জুবিনে স্বচক্ষে প্ৰত্যক্ষ কৰিলেহেঁতেন, হয়তো মৃত্যুৰ পাছতো তেওঁৰ শান্তি থাকিলহেঁতেন। মানুহবোৰ এদিন নহয় এদিন গুচি যাব। কোনোবা কেইবছৰমান আগত, কোনোবা কেইবছৰমান পাছত। কিমানজন শিল্পী এটা জীৱনত ইমান সফল হৈছে! জুবিনৰ জীৱনটোৱে বহু বঁটা-বাহন লাভ কৰাৰ বাবে নহয় বৰঞ্চ অগণন মানুহৰ প্ৰকৃত মৰম লাভ কৰাৰ বাবে পূৰ্ণতা পাইছিল৷

যদিহে জুবিনৰ জন্ম অসমৰ ধৰ্মীয় সংখ্যাগৰিষ্ঠ লোকৰ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ দৰে বাংলাদেশৰ ধৰ্মীয় সংখ্যাগৰিষ্ঠ পৰিয়ালত হ’লহেঁতেন। যদি তেওঁ নিজৰ জাতি-ধৰ্ম দলিয়াই পেলালেহেঁতেন তেন্তে বাংলাদেশৰ ৰাইজে তেওঁৰ গীতৰ বাবে অসমৰ ৰাইজে যিদৰে সন্মান কৰিছিল, সেইদৰে তেওঁক সন্মান কৰিলেহেঁতেননে? এই প্ৰশ্নটো আপোনালোকলৈ বুলি এৰিলোঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd