জুবিনক লগ নোপোৱাৰ বেদনা থাকি গ’ল এহাল দম্পতীৰ। দম্পতীহালৰ বাবে ভগৱান সদৃশ আছিল জুবিন গাৰ্গ। ছিংগাপুৰলৈ যোৱাৰ আগত জুবিনে লগ কৰাৰ কথা আছিল। কিন্তু জুবিনক আৰু লগ পোৱা নহ’ল দম্পত্তীহালৰ। কেতিয়াও ঘূৰি নহা বাটেৰে গ’লগৈ সকলোৰে প্ৰাণত বাস কৰা শিল্পীগৰাকী।
অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আজিও শোকাহত ৰাজ্য। কিন্তু ছিংগাপুৰ যোৱাৰ পূৰ্বে জুবিন গাৰ্গে লগ পাবলৈ ইচ্ছা কৰাৰ পাছতো অন্তিমবাৰৰ বাবে ভগৱান সদৃশ মানুহজনক সাক্ষাৎ কৰিব নোৱাৰৰ দুখ যেন চিৰজীৱনৰ বাবে লগত থাকি যাব দম্পতীহালৰ। এইহাল দম্পতী হ’ল গুৱাহাটীৰ পদপথত খাদ্য সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন কৰা- মনোজ দাস আৰু জয়া দাস। জুবিন গাৰ্গৰ মৰমৰ ডেকা আৰু ভনী। যাৰ দোকানত প্ৰায়ে জুবিন গাৰ্গে খাইছিল পুৰি-চবজি, সিজোৱা কণী কিম্বা জুবিন গাৰ্গৰ প্ৰিয় অমলেট। কিন্তু মৰমৰ ডেকা আৰু ভনীয়ে যতনাই দিয়া সেই খাদ্য খাবলৈ আৰু কেতিয়াও আৰু উভতি নাহে শিল্পীগৰাকী।
উল্লেখ্য যে, বিগত প্ৰায় ১৫ বছৰ ধৰি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰৰ সন্মুখৰ পদপথত দোকান দি জীৱন-নিৰ্বাহ কৰি আহিছে দম্পতীহালে। অৰ্থনৈতিকভাবে দুৰ্বল এই দম্পতীহালক প্ৰায়ে আৰ্থিকভাৱে সহায় কৰিছিল শিল্পীগৰাকীয়ে। দোকানখনৰ মেৰামতি, ডেক্স-বেঞ্চ আদি নিৰ্মাণ কৰা আদিৰ বাবে জুবিন গাৰ্গে তেওঁলোকক প্ৰদান কৰিছিল ধন। সমান্তৰালভাৱে প্ৰতিটো বিহু-পূজাত মনোজ দাস আৰু জয়া দাসৰ তিনি সন্তানৰ বাবে কাপোৰ ক্ৰয় কৰাৰ লগতে কন্যাৰ শিক্ষাৰ বাবেও জুবিন গাৰ্গে দিছিল ধন। যি সমূহ এতিয়া কেৱল মাত্ৰ ক্ষুদ্ৰ ব্যৱসায়ীহালৰ বাবে স্মৃতি হৈ ৰ’ব ।




