লাডাখত ‘গণ প্ৰতিবাদ’ৰ দুদিন পিছত শুকুৰবাৰে জলবায়ু কৰ্মী সোণম ৱাংচুকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৱাংচুকে প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।
বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কৈছিল যে, ‘অনশন বন্ধ কৰিবলৈ বহু নেতাই সোণমক আহ্বান জনাইছে, কিন্তু তেওঁ কোনো কথা নুশুনিলে। কেৱল সেয়াই নহয়, নেপালৰ জেন জি আন্দোলনৰ কথা উল্লেখ কৰি ৰাইজক বিপথে পৰিচালিত কৰিছে।‘
বিবৃতিটোত আৰু কোৱা হৈছে, ‘সোণমৰ উচটনিমূলক ভাষণৰ পৰা অনুপ্ৰাণিত হৈ এদল লোকে অনশন স্থান এৰি হিংসাত্মক আন্দোলনত যোগদান কৰে। এটা ৰাজনৈতিক দলৰ কার্যালয়ৰ সমান্তৰালকৈ লেহৰ এটা চৰকাৰী কার্যালয়তো আক্রমণ কৰা হয়৷ সোণমৰ এই উত্তেজক মন্তব্যৰ ফলত জনসাধাৰণ যে প্ৰভাৱিত হৈছে সেয়া স্পষ্ট।‘
লাডাখক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া উচিত, কেন্দ্ৰীয় শাসিত অঞ্চলত সংবিধানৰ ষষ্ঠ অনুসূচী ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰা উচিত, লাডাখৰ বাবে সুকীয়া লোকসেৱা আয়োগ প্ৰৱৰ্তন কৰা উচিত আৰু লাডাখত এটাৰ সলনি দুটা লোকসভা সমষ্টি গঠন কৰা উচিত। এই দাবীত সোণমে দীৰ্ঘদিন ধৰি কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আহিছে।





