• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফাইনেলৰ পূৰ্বে ‘শিক্ষা’ পালে ভাৰতে! শ্ৰীলংকাৰ দুৰ্দান্ত যুঁজ, কোনোমতে ছুপাৰ অভাৰত জয় টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2025 7:50 am
102
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাগজে-কলমে এছিয়া কাপৰ এখন নিয়ম ৰক্ষাৰ মেচ আছিল। তাত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে অতি কষ্টেৰেহে জয়লাভ কৰে। ক’ব পাৰি যে সূৰ্যকুমাৰ বাহিনীয়ে কেবল অভিজ্ঞতাৰ সহায়ত এক গুৰুত্বপূৰ্ণ সময়ত মেচখন কাঢ়ি লৈছিল। অঘটন নঘটিল যদিও ফাইনেলৰ পূৰ্বে টিম ইণ্ডিয়াৰ বাবে সেয়া আছিল এক ‘শিক্ষা’।

অকলল পাথুম নিছাংকাই ভাৰতৰ হাতৰ পৰা মেচখন উলিয়াই আনিছিল। কুলদীপ যাদৱহঁত যদি সঠিক সময়ত জিলিকি নুঠিলহেঁতেন তেন্তে সেয়াই হ’লহেঁতেন৷ তথাপি ছুপাৰ অভাৰতহে সিদ্ধান্ত হয় মেচখনৰ। ছুপাৰ অভাৰত নাটকীয় মেচখনত জয়লাভ কৰে সূৰ্য বাহিনীয়ে। অৱশ্যে দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে ফাইনেল খেলৰ পূৰ্বে পেচাৰৰ প্ৰদৰ্শনে প্ৰশিক্ষক গৌতম গম্ভীৰৰ বাবে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।

Apply Now

ছুপাৰ ফোৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে খেলখন আছিল নিয়ম ৰক্ষাৰ মেচ। ইতিমধ্যে ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীলংকাৰ কোনো সম্ভাৱনা নাছিল। কিন্তু যি আছে সেয়া অভিষেক শৰ্মাৰ আধিপত্য। শুভমন গিল ৪ ৰানত আউট হৈছিল। অধিনায়ক সূৰ্যকুমাৰ যাদৱেও (১২) ৰান কৰিব নোৱাৰিলে। যিটোৱে নিঃসন্দেহে টিম ইণ্ডিয়াৰ থিংক টেংকক চিন্তিত কৰিব। কিন্তু অভিষেক শৰ্মা নিজৰ লক্ষ্যত অটল আছিল। তেওঁ ৮টা চাৰি, ২টা ছয় মাৰে। ষ্ট্ৰাইক ৰেট ১৯৬.৭৭। অৱশেষত ৩১টা বলত ৬১ ৰান সংগ্ৰহ কৰি আউট হয়।

অভিষেক আউট হোৱাৰ পিছতো ৰানৰ অভাৱ নাছিল। সঞ্জু চেমচন আৰু তিলক ভাৰ্মাই স্কোৰ আগুৱাই লৈ যায়। আশ্চৰ্যজনকভাৱে এই দুজনৰ বেটিং পজিচনক লৈ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। বাংলাদেশৰ খেলখনত তিলকে ৭টা বল খেলিছিল। সঞ্জুৱে বেটিং কৰাৰ সুযোগ নাপালে। কিন্তু শ্ৰীলংকাৰ বিৰুদ্ধে সঞ্জুৱে ৩৯ ৰান সংগ্ৰহ কৰে। ৪৯ ৰানত অপৰাজিত হৈ থাকে তিলক। শেষত অক্ষৰ পেটেলেও ২১ ৰান সংগ্ৰহ কৰে। দুষ্মন্ত চমিৰাই এটা আচৰিত কেচ ধৰি হাৰ্দিকক ঘূৰাই পঠিয়ায়। এই মেচখনত শ্ৰীলংকাৰ ক্ৰিকেটাৰসকলে বহু ভাল কেচ ধৰি ভাৰতক যেন কেচ ধৰা ‘শিকাইছিল’। শেষত ভাৰতে ৫টা উইকেট হেৰুৱাই ২০২ ৰান সংগ্ৰহ কৰে।

এই এছিয়া কাপত এইটোৱেই সৰ্বাধিক স্ক’ৰ। অনবদ্য ভাৰতীয় দলৰ সন্মুখত শ্ৰীলংকাই সংগ্ৰাম কৰিব বুলি বহুতে আশা কৰিছিল। কিন্তু বাস্তৱত ছবিখন বেলেগ দেখা গ’ল। জয়-পৰাজয়ৰ বাহিৰেও এই মেচখনে ভাৰতৰ দুৰ্বলতা দেখুৱাই দিলে। যশপ্ৰীত বুমৰাহক জিৰণি দিয়া হৈছিল। শিৱম ডুবেও খেলা নাছিল। হৰ্ষিত ৰাণা আৰু অৰ্শদীপ সিঙে সুযোগ পালে।

ইয়াৰে প্ৰথমজনক লৈ প্ৰশ্ন উত্থাপন হোৱাটো নিশ্চিত। গম্ভীৰৰ ‘প্ৰিয়’ হৰ্ষিতৰ বল পাথুম নিছাংকা আৰু কুছাল পেৰেৰাই সঘনে বাউণ্ডেৰিৰ বাহিৰলৈ মাৰি পঠিয়ালে । লাইন-লেংথৰ বাবে কোনো ঠিকনা নাছিল। এনে লাগিছিল যেন তেওঁলোকে হৰ্ষিতে বলিং কৰাৰ আগতেই কোনটো বাউন্সাৰ হ’ব আৰু কোনটো শ্বৰ্ট পিটচ হ’ব গম পাইছিল।

আনহাতে, অৰ্শদীপক বহাই ৰাখি ৰাখি যেন চোকটোৱে নোহোৱা কৰি দিলে। দুয়োজনে মিলি দিয়া ৰানে বুমৰাহৰ অভাৱ আৰু অধিক স্পষ্ট কৰি দিলে। অৱশেষত বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে ৰানৰ গতি টানি ধৰিলে। বৰুণে স্পিনৰ যাদুৰে কুশল (৫৮)ক বশ কৰিলে। কিন্তু নিছাংকাক কোনে ৰখায়? ছয় মাৰিয়েই শতক অৰ্জন কৰে। তেওঁ কোনো বলাৰক ৰেহাই দিয়া নাছিল।

অৱশ্যে শেষ অভাৰত নাটকীয় স্থিতি আহি পৰিল। হৰ্ষিতে ৩ অভাৰত ৪৪ ৰান দি বলিং কৰিবলৈ আহিছিল। খেলখনত জয়ী হ’বলৈ শ্ৰীলংকাক ১২ ৰানৰ প্ৰয়োজন হৈছিল। হৰ্ষিতে প্ৰথমটো বলত নিছাংকাক ঘূৰাই পঠিয়ায় (১০৭)। মেচখন ছুপাৰ অভাৰলৈ গ’ল। তাতো নাটকীয়তা বৰ্তি থাকিল।

তাত শ্ৰীলংকাই মাত্ৰ ২ ৰানহে সংগ্ৰহ কৰে। কিন্তু আম্পায়াৰে দসুন শনাকাক আউট দিও পিছত উঠাই লয় । কাৰণ প্ৰথমে কেচ আউট হ’লেও পিছত ৰান আউট হ’ল। অৱশ্যে ৰিভিউত দেখা গ’ল যে কোনো কেচ নাছিল। যিহেতু বলটো ‘ডেড’ আছিল, সেয়ে ৰান আউটো দিয়া নহ’ল। যিয়েই নহওক অৰ্শদ্বীপ সিঙে ২টা উইকেট দখল কৰে। পুনৰ ভাৰতে প্ৰথম বলতে জয়লাভ কৰে।

এতিয়া ফাইনেলত ভাৰতৰ মুখামুখি হ’ব পাকিস্তান। পূৰ্বৰ দুখন মেচত ভাৰতৰ হাতত পৰাস্ত হৈছে। আত্মবিশ্বাস আত্মতুষ্টিলৈ পৰিণত হ’ব নালাগে, এই মেচে তাৰেই ‘শিক্ষা’ দি গ’ল। এই মেচখনত কেচো মিছ হৈছিল, ফিল্ডিঙতো বহু সমস্যা আছিল, বলিঙৰ দুৰ্বলতাবোৰ স্পষ্টকৈ দেখা গৈছিল। মুঠতে এই মেচখন ভাৰতৰ বাবে এক সতৰ্ক বাৰ্তা হৈ ধৰা দিলে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ২০২/৫ (অভিষেক ৬১, তিলক ৪৯*, থিক্সনা ৩৬/১)

শ্ৰীলংকাঃ ২০২/৫ (নিছাংকা ১০৭, কুছাল ৫৮, হাৰ্দিক ৭/১)

ছুপাৰ অভাৰ

শ্ৰীলংকা: ২/২

ভাৰত ৩/০

ছুপাৰ অভাৰত ভাৰতে জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd