পাকিস্তানক পৰাস্ত কৰাৰ হেট্ৰিক কৰাৰ লগতে এছিয়া কাপ জয়। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে ইয়াতকৈ ভাল উপহাৰ আৰু থাকিব নোৱাৰে। দেওবাৰে অৰ্থাৎ ২৮ ছেপ্টেম্বৰত এছিয়া কাপৰ ফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি ভাৰতে নৱমবাৰৰ বাবে এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয়। ২০ অভাৰৰ খেলখনত ভাৰতে ১৯.৪ অভাৰতে জয়লাভ কৰে।
যদি আমি সপোনৰ প্ৰত্যাৱৰ্তনৰ কথা কওঁ, তেন্তে ২০২৫ৰ এছিয়া কাপৰ ফাইনেলত ভাৰতৰ বলিং আৰু বেটিঙৰ বিষয়ে পৃথকে আলোচনা কৰিব লাগিব।
প্ৰথমতে আছিল বলিং। দেওবাৰে টছত জয়লাভ কৰি সূৰ্যকুমাৰ যাদৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। এই মেচত পাকিস্তানৰ অপেনিং যুটিয়ে ৮৪ ৰান সংগ্ৰহ কৰে। সাহিবজাদা ফাৰহান আৰু ফখৰ জামানৰ এই ইনিংছটো দেখি বহু ভাৰতীয় অনুৰাগী চিন্তিত হৈ পৰিছিল।
কিন্তু সেইটো বেছি সময় নাথাকিল। পাকিস্তানে ১ উইকেটত ৮৪ ৰানৰ পৰা ১৪৬ ৰানত নিজৰ ইনিংছ সামৰে। হিচাপ কৰিলে পাকিস্তানে ৬২ ৰানত ৯টা উইকেট হেৰুৱাইছিল।
পাকিস্তানৰ অ’পেনাৰ সাহিবজাদা ফাৰহানে ৩৮ বলত ৫৭ ৰানৰ ইনিংছ খেলে। শেষৰখন মেচতো তেওঁ ভাৰতৰ বিৰুদ্ধে ভাল ইনিংছ খেলিছিল। ইয়াৰ পিছত তেওঁৰ বেটেৰে বন্দুক টোৱাই কৰা উদযাপনে বিতৰ্কৰ সৃষ্টি কৰে। কিন্তু এই মেচখনত তেওঁ অৰ্ধশতক কৰি স্বাভাৱিকভাৱে উদযাপন কৰে। তেওঁ আউট হোৱাৰ পিছত আছিল ফখৰ জামান। তেওঁ ৩৫ বলত ৪৬ ৰানত আউট হৈছিল।
দুই অ’পেনাৰ ঘূৰি অহাৰ পাছত পাকিস্তানী বেটছমেনৰ সঘন অহাযোৱা চলিছিল। ছাইম আয়ুব, মহম্মদ হেৰিছ, ছলমান আলী আঘা, হুছেইন তালাত, শ্বাহীন আফ্ৰিদি, ফাহিম আশ্ৰফ, হেৰিছ ৰাউফ, মহম্মদ নৱাজ এটা এটাকৈ উভতিল। তেওঁলোকৰ ৰান ক্ৰমে ১৪, ০, ৮, ১, ০, ০, ৬ আৰু ৬। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰে। তেওঁ একেটা অভাৰতে শ্বাহীন আফ্ৰিদী আৰু ফাহিম আশ্ৰফক ঘূৰাই পঠিয়ায়। বৰুণ চক্ৰৱৰ্তী, অক্ষৰ পেটেল আৰু যশপ্ৰীত বুমৰাহে দুটাকৈ উইকেট দখল কৰে। ভাৰতীয় বলাৰৰ চাপত পাকিস্তানে ১৯.১ অভাৰত ১৪৬ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়।
এই ৰানপ লক্ষ্য অনুসৰণ কৰি অভিষেক শৰ্মা আৰু শুভমন গিলে নিজৰ চিনাকি ছন্দত বেটিং কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকৰ প্ৰথম বলৰ পৰাই আক্ৰমণাত্মক খেলাৰ প্ৰৱণতাই কাম কৰা নাছিল। অভিষেক শৰ্মা মাত্ৰ ৬ বলত ৫ ৰান সংগ্ৰহ কৰিয়েই আউট হৈছিল। ফাহিম আশ্ৰফৰ বলত হেৰিছ ৰাউফক কেচ দি তেওঁ ওভতে।
ইয়াৰ পিছত শুভমন গিলও একে ধৰণে আউট হয়। ফাহিমৰ বলত হেৰিছেই তেওঁৰ কেচ ধৰিছিল। তেওঁ মাত্ৰ ১২ ৰানহে কৰে। এই মেচতো ব্যৰ্থ হয় সূৰ্যকুমাৰ যাদৱ। তেওঁ ৫টা বলত মাত্ৰ এটা ৰানহে কৰে। শ্বাহীন আফ্ৰিদীয়ে তেওঁক ঘূৰাই পঠিয়ায়।
তাৰপিছত সঞ্জু চেমচন আৰু তিলক ভাৰ্মাই দলৰ দায়িত্ব লয়। এই যুটিয়ে ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰে। কিন্তু সঞ্জু চেমছনে ২১টা বলত ২৪ ৰান সংগ্ৰহ কৰি উভতি আহে। ইয়াৰ পিছত তিলক ভাৰ্মাৰ দমনীয় প্ৰদৰ্শন। শিৱম ডুবেৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি তেওঁ দলটোক আগবঢ়াই নিয়ে।
শিৱম ডুবেৰ সৈতে তেওঁ ৭৭ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। কিন্তু শিৱম ডুবে শেষ অভাৰত ছয় মাৰিবলৈ গৈ ৩৩ ৰানত আউট হৈছিল। ইপিনে, ২০ ৰানত তিনিটা উইকেটৰ পৰা খেলখন সমাপ্ত কৰি খেলপথাৰ এৰে তিলকে। শেষত ৫৩টা বলত ৬৯ ৰান কৰি তেওঁ অপৰাজিত হৈ থাকে।
আনহাতে, ৰিংকু সিঙে চাৰি মাৰি দলৰ জয় নিশ্চিত কৰে। এছিয়া কাপত তেওঁ প্ৰথমবাৰৰ বাবে বলটো খেলিছিল আৰু তাতেই তেওঁ চাৰি মাৰি দলৰ জয় নিশ্চিত কৰিলে।





