• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বছৰি টেক্সেই দিয়ে ৮০ কোটি টকা, বহু বিলাসী গাড়ী, বাংলো; সেই বিজয়ক চাবলৈ গৈয়েই মৃত্যু ৩৯ জনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2025 9:11 am
315
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিভিকেৰ (Tamilaga Vettri Kazhagam) মুৰব্বী বিজয়ৰ সমাৱেশত নিয়ন্ত্ৰণহীন পৰিস্থিতিত ৩৯ জন লোকৰ মৃত্যু ঘটিছে। আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। থালাপতি বিজয়ে চলচ্চিত্ৰ জগতৰ পৰাই ৰাজনীতিত প্ৰৱেশ কৰিছিল। দক্ষিণৰ ছুপাৰষ্টাৰগৰাকী অন্যতম ধনী অভিনেতা।

যোৱা বছৰ ফৰ্চুন ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ২০২৪ বিত্তীয় বৰ্ষত দেশৰ ভিতৰতে সৰ্বাধিক এডভান্স টেক্স দিয়া চেলিব্ৰিটিৰ তালিকাত বিজয়ে বলীউডৰ কিং খান শ্বাহৰুখ খানৰ পিছতে দ্বিতীয় স্থানত আছিল।

Apply Now

বিজয়ে নিজৰ ছবি আৰু অভিনয়ৰ জৰিয়তে দক্ষিণৰ চিনেমাত এক অনন্য স্থান দখল কৰিছে। কেৱল ভাৰততে নহয় বিদেশতো তেওঁ সুপৰিচিত। ছবিত অভিনয় কৰাৰ উপৰিও বিজয়ে ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু ৰিয়েল এষ্টেট আৰু অন্যান্য উদ্যোগত বিনিয়োগৰ জৰিয়তে বহু ধন উপাৰ্জন কৰে।

ফৰ্বছৰ উদ্ধৃতি দি বিভিন্ন বাতৰিত প্ৰকাশ পাইছে যে থালাপতি বিজয়ৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪৭৪ কোটি, যাৰ সৰ্বাধিক অংশ তেওঁৰ ছবিৰ আয়ৰ পৰাই আহে।

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতি অন্যতম ধনী অভিনেতা। তেওঁৰ চলচ্চিত্ৰৰ উপাৰ্জনে তেওঁৰ উপাৰ্জনত উল্লেখযোগ্য ভূমিকা পালন কৰে। খবৰ অনুসৰি বিজয়ে এখন ছবিৰ বাবে ১৩০ কোটিৰ পৰা ২০০ কোটি টকা লয়। যোৱা বছৰ ২০২৪ চনত অভিনেতা বিজয়ক তেওঁৰ GOAT (Greatest of All Time) ছবিৰ বাবে প্ৰায় ২০০ কোটি টকা দিয়া হৈছিল। ছবিখনৰ প্ৰযোজকে নিজেই এই কথা প্ৰকাশ কৰিছে।

ছবিৰ উপৰিও তেওঁ কোকাকোলা, ছানফিষ্টকে ধৰি বিভিন্ন ব্ৰেণ্ডৰ প্ৰচাৰ কৰি বহু ধন উপাৰ্জন কৰে। তেওঁৰ মুঠ সম্পদৰ ভিতৰত ৰিয়েল এষ্টেট বিনিয়োগ, চলচ্চিত্ৰ নিৰ্মাণৰ পৰা পোৱা আয় আৰু অন্যান্য বিনিয়োগো অন্তৰ্ভুক্ত।

যোৱা বছৰ ফৰ্চুন ইণ্ডিয়াই দেশৰ সৰ্বাধিক কৰ পৰিশোধ কৰা চেলিব্ৰিটিৰ তালিকা প্ৰকাশ কৰিছিল, য’ত বিজয়ৰ ধন-সম্পত্তি আৰু উপাৰ্জনৰ বিষয়ে স্পষ্ট ধাৰণা দিয়া হৈছে। দৰাচলতে বলীউডৰ কিং খান শ্বাহৰুখে দেশৰ ভিতৰতে সৰ্বাধিক এডভান্স টেক্স দিয়া চেলিব্ৰিটিৰ তালিকাৰ শীৰ্ষত আছে, বিত্তীয় বৰ্ষ ২০২৪ ত মুঠ ৯২ কোটি টকা টেক্স দিছিল। ৮০ কোটি টকা এডভান্স টেক্স আদায় দি এই তালিকাৰ দ্বিতীয় স্থানত স্থান লাভ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়ে।

ছুপাৰষ্টাৰ বিজয়ৰ ধন-সম্পত্তি আৰু বিলাসী জীৱনশৈলী স্পষ্টভাৱে প্ৰতিফলিত হৈছে তেওঁৰ প্ৰসাদোপম বগা সাগৰতীৰৰ বাংলোত, যিটো হলিউডৰ তাৰকা টম ক্ৰুজৰ বিচ হাউছৰ পৰা অনুপ্ৰাণিত বুলি কোৱা হয়। বিজয়ৰ বিলাসী বাংলোটো চেন্নাইৰ নীলংকাৰাইৰ সাগৰৰ পাৰৰ কেছুয়াৰিনা ড্ৰাইভত অৱস্থিত।

তেওঁৰ গাড়ীৰ এক আকৰ্ষণীয় সংগ্ৰহও আছে। খবৰ অনুসৰি থালাপতি বিজয়ৰ হাতত আছে ৰ’লছ ৰয়েচ গোষ্টৰ পৰা আৰম্ভ কৰি বিএমডব্লিউ এক্স৫-এক্স৬, অ’ডি এ৮ এল, ৰেঞ্জ ৰভাৰ ইভ’ক, ফৰ্ড মুস্তাংগ, ভলভো এক্সচি৯০ আৰু মাৰ্চিডিজ বেঞ্জলৈকে বহুতো দামী আৰু বিলাসী গাড়ী।

উল্লেখ্য যে তামিলনাডুৰ কাৰুৰত সংঘটিত দুৰ্ঘটনাৰ বাবেই বিজয়ৰ ৰেলীত প্ৰায় এক লাখ লোক সমবেত হোৱা বুলি কোৱা হয়। ৰেলীৰ সময়ত এগৰাকী ৯ বছৰীয়া কন্যা নিৰুদ্দেশ হোৱাৰ খবৰ বিয়পি পৰে আৰু তাইক বিচাৰিবলৈ ভিৰ গোট খোৱাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে আৰু পদপিষ্টৰ ঘটনা ঘটে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd