সদ্যপ্ৰয়াত সংগীত জগতৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত উচতনিমূলক মন্তব্য কৰি প্ৰতিবাদৰ আহ্বান জনোৱা গোলাঘাট জিলাৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক যুৱকজনক সোমবাৰে গোলাঘাট ন্যায়িক আদালতলৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, যুৱকজনে সামাজিক মাধ্যমত আহ্বান জনাইছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি জনসাধাৰণক গুৱাহাটীত একত্ৰিত হৈ প্ৰতিবাদ কৰিবলৈ আহিব লাগিব। লগতে তেওঁ কয়, গোলাঘাট জিলাৰ ফৰকাটিঙৰ পৰা হাজাৰৰো অধিক যুৱক গুৱাহাটীত যাত্ৰা কৰিব।
সামাজিক মাধ্যমত যুৱকজনে লিখিছিল, “অসমবাসী ৰাজপথলৈ ওলাই আহক, সকলো জিলাৰ মানুহে গুৱাহাটীলৈ আহিব লাগিব। জুবিন দা আমাৰ ভগৱান স্বৰূপ, তেওঁৰ জাতি-ধৰ্ম নাই। সকলোৰে দোৱা আৰু প্ৰাৰ্থনা আছে যাতে তেওঁ ন্যায় পায়। শেষত সকলো ওলাই আহিলে জুবিন দাক ন্যায় দিব পাৰিম।”
আৰক্ষীয়ে আটক কৰাৰ পিছত মুকিবুৰ ৰহমানে সাংবাদিকৰ আগত কয়, “জুবিন দাক ন্যায় বিচাৰি ফেচবুকত এটা পোষ্ট দিছিলো। সেই পোষ্টৰ বাবে মোক ডাইৰেক্ট গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থৰ দৰে লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কিন্তু আমাৰ দৰে সাধাৰণ লোককহে সহজে গ্ৰেপ্তাৰ কৰে।”
উল্লেখ্য যে একেদৰে উচতনি মূলক মন্তব্য কৰাৰ বাবে আৰু বহুকেইজন ৰঙা ঘৰৰ আলহি হ’ব লগা হৈছে। সকলোৰে এটাই মাঁথো দাবী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ’ব লাগে।





