যেতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা উন্নীতকৰণৰ বাবে SIR আৰম্ভ কৰিছিল তেতিয়াই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল। পঁচিশ জুনৰ পৰা ২৪ জুলাইলৈকে লোকসকলে ভোটাৰ তালিকাত পঞ্জীয়ন বা শুধৰণি কৰিব পাৰিছিল। কিন্তু মাজভাগত ইচিআইয়ে নিয়ম সলনি কৰে, প্ৰথমে প্ৰ-পত্ৰ আৰু পাছত নথি-পত্ৰ পূৰণ কৰা ব্যৱস্থা প্ৰণয়নৰ ফলত ভোটাৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। একত্ৰিশ জুলাইত এখন খচৰা তালিকা প্ৰকাশ পাইছিল যদিও নতুন নিয়মৰ বাবে ইয়াক পৰীক্ষা কৰাটো কঠিন হৈ পৰিছিল।
আগষ্ট মাহত ভোটাৰৰ নাম আঁতৰ কৰিবলৈ অভিযোগ দাখিল প্ৰক্ৰিয়া আৰম্ভ হয়। শিৱ কুমাৰ চৌৰাসিয়া নামৰ বিজেপিৰ বুথ পৰ্যায়ৰ এজেণ্ট এজনে দৈনিক ১৩০ জন মুছলমান নামক লক্ষ্য কৰি সৰু সৰু অভিযোগ দাখিল কৰিছিল। তাৰ পাছত ৩১ আগষ্টত বিজেপিৰ বিধায়ক পৱন কুমাৰ জয়ছোৱালৰ ব্যক্তিগত সহায়ক ধীৰাজ কুমাৰে নাম আঁতৰ কৰিবলৈ ৭৮,৩৮৪ জন ভোটাৰৰ এখন ডাঙৰ তালিকা দাখিল কৰে। প্ৰায় সকলোৰে আলম, খান, বা বেগমৰ দৰে মুছলমান নাম আছিল। সেইদিনা বিহাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ লেটাৰহেডত “লোকেশ” নামৰ কোনোবা এজনৰ স্বাক্ষৰিত এখন চিঠি একে দাবীৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা হয়।
দ্য ৰিপ’ৰ্টাৰ্ছ কালেকটিভৰ তদন্তকাৰীৰ আগত গাঁৱৰ মুৰব্বী ফিৰোজ আলমে কয় যে, “মোৰ পৰিয়ালটো ইয়াত প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি বাস কৰি আহিছে। মই স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলো। আমাক কেনেকৈ নাগৰিক নহয় বুলি ক’ব?” উল্লেখ্য যে, আলমৰ পত্নী আৰু সন্তানসকলো সেই তালিকাত আছিল।
ইচিআইৰ জিলা বিষয়াই এইধৰণৰ অভিযোগ পোৱাটো নিশ্চিত কৰে যদিও তেওঁলোকে নথি-পত্ৰ পৰীক্ষা কৰিব বুলি কয়। ভুৱা দাবী দাখিল কৰাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। এই লোকসকলে ভোটদান কৰিব পাৰিবনে নাই সেইটো নিৰ্ণয় কৰি ২০২৫ চনৰ ১ অক্টোবৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ বাবে দিন নিৰ্ধাৰণ কৰা হৈছিল।
ইপিনে এই অভিযোগৰ পোনপটীয়া কোনো উত্তৰ নিদিলে বিধায়ক জয়ছৱালে। বৰঞ্চ বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলে ৪০ হাজাৰ হিন্দু ভোটাৰক আঁতৰ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগহে তেঁও উত্থাপন কৰে। সংখ্যালঘুক লক্ষ্য কৰি দলটোৱে সমালোচনাৰ সন্মুখীন হ’লেও বিজেপিয়ে সমগ্ৰ ঘটনা অস্বীকাৰ কৰা কোনো আনুষ্ঠানিক বিবৃত্তি এতিয়াও প্ৰকাশ পোৱা নাই।
এই ঘটনাটোৱে বিহাৰৰ আগন্তুক নিৰ্বাচনক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। কাৰণ ঢাকাত বিজেপি আৰু আৰজেডিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। ইয়াৰ পূৰ্বে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ১০ হাজাৰ ভোটত জয়লাভ কৰিছিল।





