দুৰ্গাপূজাৰ দশমীৰ দিনাই উত্তপ্ত হৈ পৰিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদ। জানিব পৰা মতে, জে এন ইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ প্ৰতিকৃতিৰে ৰাৱণ দাহ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। এই কাৰ্যসূচীৰ আয়োজন কৰিছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জনোৱা অনুসৰি, এই কাৰ্যসূচীৰ সময়ত ৰাৱণ দাহৰ বাবে ওলাই অহা ছাত্ৰ-ছাত্ৰীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হৈছিল। বাওঁপন্থী ছাত্ৰ সংগঠনৰ সদস্যই নিক্ষেপ কৰিছিল শিলগুটি। শিলগুটি নিক্ষেপৰ পিছত বহুতো ছাত্ৰ-ছাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।
বিশ্ববিদ্যালয়খনৰ এবিভিপিৰ সভাপতি মায়ংক পাঞ্চলে জনোৱা মতে, ইয়াৰ দ্বাৰা কেৱল ধৰ্মীয় বিশ্বাসকেই নহয়, বিশ্ববিদ্যালয়খনৰ উৎসৱ-পাৰ্বন আৰু ছাত্ৰ-ছাত্ৰীৰ বিশ্বাসৰ ওপৰতো আক্ৰমণ চলোৱা হৈছে। এই সমগ্ৰ ঘটনাক অত্যন্ত লজ্জাজনক বুলি অভিহিত কৰিছে এবিভিপিয়ে।
অভিযোগ অনুসৰি, এছ এফ আই, ডি এছ এফ, আইছা আদি সংগঠনৰ ছাত্ৰ-ছাত্ৰীয়ে এই আক্ৰমণ কৰিছিল।
ইফালে আইছাই শিলগুটি নিক্ষেপৰ অভিযোগ নৎসাৎ কৰি কয়, “এবিভিপিয়ে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ প্ৰতিকৃতি সাজি ৰাৱণ দহনৰ আয়োজন কৰিছিল। এনে আচৰণ ইছলামোফ’বিয়াৰ লক্ষণ। ৰাজনৈতিক স্বাৰ্থৰ বাবে ধৰ্মীয় আৱেগক এনেদৰে আঘাত কৰা হৈছে। ঘৃণাৰ ৰাজনীতি জে এন ইউয়ে কেতিয়াও সহ্য নকৰে।’
আইছাই লগতে প্ৰশ্নকৰে যে নাথুৰাম গডছেৰ দৰে ব্যক্তিৰ প্ৰতিমূৰ্তি কিয় দাহ কৰা নহ’ল? অৱশ্যে এই সমগ্ৰ বিষয়ত এতিয়াও কোনো মন্তব্য কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
উল্লেখ্য যে ২০২০ চনৰ দিল্লীত হোৱা এক সংঘৰ্ষৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমাম। গ্ৰেপ্তাৰৰ পাঁচ বছৰৰ পাছতো জামিন লাভ কৰা নাই তেওঁলোকে। তেওঁলোকৰ বিৰুদ্ধে ইউএপিএ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বাৰে বাৰে জামিনৰ আৱেদন নাকচ কৰা হৈছে।





