গোটেই অসমতে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফছ্পা) প্ৰত্যাহাৰৰ সপক্ষে মত প্ৰকাশ কৰাৰ বিপৰীতে ৰাজ্যখনত থকা সুৰক্ষা সংস্থাসমূহে অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱালৈকে আইনখন বলবৎ থকাটো বিচাৰিছে। ৰাষ্ট্ৰীয় বাতৰিকাকত ইক’নমিকছ টাইমছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।
অলপতে মেঘালয়ৰ পৰা আফছ্পা প্ৰত্যাহাৰ কৰা হৈছে। অসমতো বিভিন্ন মহলে বৰ্তমান ৰাজ্যখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পোৱালৈ চাই আইনখন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে। কাকতখনে প্ৰকাশ কৰা অনুসৰি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই কয়, ‘’এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত আফছ্পা চলি থকাৰ কোনো যুক্তিযুক্ততা আমি দেখা নাই। ৩০ জুনৰ পিছত চৰকাৰে অন্তত: আৰক্ষী জিলা কেইখনৰ পৰা আইনখন প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰিব পাৰে। সন্ত্ৰাসবাদ অসমৰ পৰা দ্ৰুত গতিত হ্ৰাস পাইছে।
তেওঁ লগতে কয় যে নামনি অসম প্ৰায় উগ্ৰপন্থী মুক্ত হৈছে। ‘’ বি বিদাইৰ নেতৃত্বত এটা সৰু গোট ভূটানত আত্মগোপন কৰি আছে। মধ্য অসমৰ কাৰ্বি আংলঙ অঞ্চলত কিছু বিদ্ৰোহী গোট সক্ৰিয় হৈ আছে। উজনি অসমত, বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৰে লাগি থকা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত আলোচনা বিৰোধী আলফা উগ্ৰপন্থীৰ শক্তিশালী স্থিতি থাকিব পাৰে।‘’
কাকতখনৰ আগত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ ভট্টাচাৰ্যই প্ৰকাশ কৰিছে যে ‘’ আমি এন আৰ চিৰ প্ৰকাশ হোৱালৈকে আফছ্পা বলবৎ হৈ থকাটো বিচাৰিছো। এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিছত আমি এইটো পুনৰীক্ষণ কৰিম। অলপতে মেঘালয়ত ইয়াক প্ৰত্যাহাৰ কৰা হৈছে আৰু তাৰ পিছত তাত এতিয়ালৈকে কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।‘’