জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বিচাৰি তদন্ত অব্যাহত ৰাখিছে চি আই ডিৰ বিশেষ দলে। ইয়াৰ উপৰিও এই তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন ন্যায়িক তদন্ত কমিটি গঠন হ’ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি সন্ধ্যা ফেচবুক লাইভত আহি কেইবাটাও কথা সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ইতিমধ্যে ছিংগাপুৰৰ জেনেৰেল হাস্পাতালে প্ৰেৰণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ হাতত তুলি দিয়া হৈছে।
লগতে মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শনিবাৰে গৰিমা শইকীয়াৰ হাতত আৰু আদালত জমা দিয়া হ’ব।
শৰ্মাই মন্তব্য কৰে যে আইন অনুসৰি, চিকিৎসালয় বা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নোৱাৰে। চৰকাৰে সেই প্ৰতিবেদন পৰিয়ালক গতাই দিব। জুবিন গাৰ্গৰ পত্নীয়ে যদি সেই প্ৰতিবেদন ৰাজহুৱা কৰে তেন্তে ৰাইজে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে জানিব পাৰিব।





