• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰৰ মাটিত ‘আধিপত্য’ গিল বাহিনীৰ; ৱেষ্ট ইণ্ডিজক হৰুৱাই আঢ়ৈ দিনতে টেষ্ট জয় টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2025 2:41 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টীম ইণ্ডিয়াই বিদেশত কঠিন যুঁজ দি আহিছে। তাৰ তুলনাত ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজ বহুত সহজ প্ৰতিদ্বন্দ্বী। কেৰিবিয়ান এতিয়া আগৰ দৰে দুৰ্দান্ত দল নহয়, বৰঞ্চ দিশহাৰা সৈনিকৰ দলহে। দ্বিতীয় দিনৰ শেষলৈকে স্পষ্ট হৈ পৰিছিল যে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতেই জয়লাভ কৰিব।

তৃতীয় দিনটোৰ আধাখিনি সময়ো ভাৰতক জয়ৰ প্ৰয়োজন হোৱা নাছিল। দ্বিতীয় ইনিংছত ১৪৬ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয় ৱেষ্ট ইণ্ডিজ। অধিনায়ক শুভমন গিলৰ বাবে ঘৰুৱা টেষ্টত জয়ৰ ‘ভাল আৰম্ভণি’ ঘটিল। প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ১৪০ ৰানত জয়লাভ কৰে।

Apply Now

মেচখন আছিল প্ৰায় একপক্ষীয়। য’ত ক্ৰিকেট জগতৰ এসময়ৰ দুৰ্দান্ত ৱেষ্ট ইণ্ডিজ ভাৰতৰ আধিপত্যৰ সন্মুখত অস্বস্তিকৰ অৱস্থাত পৰিছিল। প্ৰথম ইনিংছত ১৬২ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছত ৫ উইকেটত ৪৪৮ ৰান। টীম ইণ্ডিয়াই ২৮৬ ৰানত আগবাঢ়ি থাকে। কে এল ৰাহুল আৰু ধ্ৰুৱ জুৰেলৰ পিছত ৰবীন্দ্ৰ জাদেজাইও শতক অৰ্জন কৰে।

তৃতীয় দিনৰ আৰম্ভণিতে ভাৰতীয় অধিনায়ক শুভমন গিলে ইনিংছ ঘোষণা কৰে। ভাৰতৰ বিজয়ত কোনো সন্দেহ নাছিল। প্ৰশ্ন আছিল কিমান সময় লাগিব। প্ৰথম ইনিংছত পেচাৰসকল যদি ভয়ংকৰ হৈ উঠিছিল, তেন্তে দ্বিতীয় ইনিংছত স্পিনাৰসকলে যাদু দেখুৱাইছিল। পিটচখন কেৰিবিয়ানসকলৰ বাবে সম্পূৰ্ণ বুজিব নোৱাৰা আছিল। সেই সুযোগতে জাদেজাই ৪টা উইকেট দখল কৰে।

তৃতীয় দিনা দুপৰীয়াৰ মধ্যাহ্ন ভোজন বিৰতিলৈকে কেৰিবিয়ান দলে ৫ উইকেটত ৬৬ ৰান সংগ্ৰহ কৰে। পিটচৰ অৱস্থা, জাডেজা-কুলদীপৰ ঘূৰ্ণী আৰু ৱেষ্ট ইণ্ডিজৰ বেটছমেনৰ দুৰ্দশাই যেন স্পষ্ট কৰি তুলিছি যে যিকোনো মুহূৰ্ততে আন এটা উইকেট পৰিব পাৰে।

মধ্যাহ্ন ভোজন বিৰতিৰ পিছত কিছু সময় যুঁজ দিছিল আলিক আথাঞ্জে (৩৮) আৰু জাষ্টিন গ্ৰীভছ (২৫)। ৱাশ্বিংটন সুন্দৰে প্ৰথমজনক আউট কৰে। দ্বিতীয়জন ছিৰাজৰ বলত আউট হয়। ইংলেণ্ডৰ পিছত ঘৰুৱা মাটিতো তাৰকা পেচাৰগৰাকীয়ে বিৰাট ফৰ্মত আছিল। তেওঁ মুঠ তিনিটা উইকেট দখল কৰে। শেষৰটো উইকেট দখল কৰে কুলদীপ যাদৱে (২/২৩)।

Commanding performance from #TeamIndia 👏

A stellar all-round show to win the first #INDvWI test by an innings and 1️⃣4️⃣0️⃣ runs to take a 1️⃣-0️⃣ lead 🔥

Scorecard ▶ https://t.co/MNXdZceTab@IDFCFIRSTBank pic.twitter.com/YrHg0L8SQF

— BCCI (@BCCI) October 4, 2025

ঘৰৰ মাটিত ভাৰতৰ অন্তিমখন টেষ্ট শৃংখলাৰ ফলাফল ভাল নাছিল। ২০২৪ চনৰ অক্টোবৰ মাহত নিউজিলেণ্ডে ৰোহিত শৰ্মা-বিৰাট কোহলী বাহিনীক হোৱাইটৱাছ কৰিছিল। তাৰ পিছত আহে হতাশাজনক অষ্ট্ৰেলিয়া ভ্ৰমণ। তাৰ পিছতে ভাৰতীয় ক্ৰিকেটত এক বৃহৎ পৰিৱৰ্তন আহিল। শুভমন গিল অধিনায়ক হয়। ইংলেণ্ডৰ পৰা ছিৰিজত ড্ৰ’ কৰি উভতি আহিছিল ‘নিউ ইণ্ডিয়া’। এইবাৰ ৩৬৮ দিনৰ অন্তত ঘৰুৱা খেলপথাৰত টেষ্টত জয়লাভ কৰিলে ভাৰতে।

সংক্ষিপ্ত স্কোৰঃ

প্ৰথম ইনিংছ

ৱেষ্ট ইণ্ডিজঃ ১৬২ (গ্ৰিভছ ৩২, হোপ ৩২, ছিৰাজ ৪০/৪, বুমৰাহ ৪২/৩)

ভাৰতঃ ৪৪৮/৫ ঘোষণা (জুৰেল ১২৫, জাডেজা ১০৪*, ৰাহুল ১০০, চেজ ৯০/২, জেডেন ৫৩/১)

দ্বিতীয় ইনিংছ

ৱেষ্ট ইণ্ডিজঃ ১৪৬ (আথাঞ্জে ৩৮, জাডেজা ৫৪/৪, ছিৰাজ ৩১/৩)

ভাৰতে এক ইনিংছ আৰু ১৪০ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd