বৰপেটা মুছলিমপট্টিৰ ‘ফ্ৰেণ্ডচ ক্লাব এণ্ড লাইব্ৰেৰী’ ৰ উদ্যোগত বৰপেটা টাউন হাইস্কুলত আজি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফত কৃতিত্ব অৰ্জন কৰা বৰপেটা চহৰৰ প্ৰায় ত্ৰিশ গৰাকী শিক্ষাৰ্থী আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কাৰাটেত পদক লাভ কৰা দুগৰাকী খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট চিকিৎসক ডা০ চৈয়দ আহমেদ জাদিদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰি শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰই ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি কয় যে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আত্মবিশ্বাস দৰকাৰ,আত্মসন্তুষ্টি নহয় ৷ সম্ভাৱনা আৰু দুৰ্ভাৱনাৰ মাজত আমি জীয়াই থকা বুলি উল্লেখ কৰি দুৰ্ভাৱনাবোৰ আতৰ কৰাৰ ক্ষেত্ৰত কৃতী ছাত্ৰ ছাত্ৰীসকলৰো যথেষ্ট কৰণীয় থকা বুলি মন্তব্য কৰে শিক্ষাবিদ গৰাকীয়ে ৷
সভাত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন্দ্ৰ কুমাৰ দাস, অধ্যাপক আব্দুছ চামাদ আহমেদ, অধিবক্তা লুৎফৰ ৰহমান, খাইৰুল ইছলাম, বৰপেটা টাউন হাইস্কুলৰ প্ৰধান শিক্ষক নজিবুল হকৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় আৰু নবম স্থান লাভ কৰা বৰপেটা চহৰৰ চুলতানা আঈশ্বাহ ছিদ্দিকা আৰু শ্যামলীনা পাঠকৰ পিতৃয়েও কৃতী শিক্ষাৰ্থীসকলক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায়।
এই সম্বৰ্ধনা সভাত ত্ৰিশ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীৰ লগতে বৰপেটা চহৰৰ ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ হানী আলী আৰু ছাৰহান ৰছুলক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই সভাত উদ্যোক্তা ফ্ৰেণ্ডচ ক্লাব এণ্ড লাইব্ৰেৰীৰ সভাপতি মিনাৰা আক্তাৰা আহমেদ, সাংস্কৃতিক সম্পাদক ইমদাদুল হুছেইনৰ লগতে অন্যান্য বিষয়ববীয়াৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত আছিল।