• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 বিজেপিয়ে কিয় চি বি আইক নিদিলে জুবিন গাৰ্গ হত‍্যাৰ তদন্ত? : কাৰণ দৰ্শালে অখিল গগৈয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2025 8:15 pm
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমদিনটোৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটো লঘু কৰিয়েই ৰাখিব খুজিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু অসমবাসীৰ ধাৰাবাহিক হেঁচাত উপায়ন্তৰ হৈ এটাৰ পাছত এটাকৈ অসম আৰক্ষীৰ হতুৱাই তদন্ত ঘোষণা কৰি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিদেশত হোৱা ঘটনা এটাক অসম পুলিচে ঢুকি নোপোৱা স্বত্বেও সেয়ে হিমন্ত বিশ্ব শৰ্মাই চিআইডি বা এছআইটি তদন্ত ঘোষণা কৰি ভেকোভাওনা কৰাৰ বাহিৰে জুবিন গাৰ্গৰ প্ৰকৃত ন্যায়ৰ দিশত কোনোধৰণৰ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত বিৰোধী উপ দলপতিৰ লগতে বিধায়ক অখিল গগৈয়ে বিচৰা চিবিআই তদন্ত আৰু শ্যামকানু মহন্তই আৰ্জি কৰা চিবিআই তদন্তক একাকীকৰণ কৰি দিয়া লক্ষ্য কৰাৰ পাছতেই এইদৰে উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

Apply Now

সমাজবাদী আদৰ্শত বিশ্বাসী বুলি কোৱা জুবিন গাৰ্গক কা আন্দোলনৰ সময়ত এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই বেয়াকৈ গালি-শপনি পাৰিছিল। জ‍্যোতি প্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ বিজেপিৰ আদৰ্শৰ বিৰোধী আছি, বাওঁপন্থী আছিল। তেতিয়াৰ পৰাই জুবিন গাৰ্গৰ সৈতে মতাদৰ্শগত সংঘাত আৰু আনফালে হলিগলি থকা মহন্ত পৰিয়ালৰ লগতে পত্নী ৰিণিকি ভূঞা শৰ্মাও এই তদন্তৰ আওতালৈ অহাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে চিবিআই তদন্ত দিবলৈ চিন্তিত হৈ পৰিছে বুলি চোকা সমালোচনা কৰিছে অখিল গগৈয়ে।

শ্যামকানু মহন্তৰ পৰিয়ালৰ সৈতে কিদৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক, সেই কথা মুকলিকৈ প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত বিজেপি চৰকাৰৰ দিনতেই ডিজিপি হৈছিল অসমৰ। আনকি, অৱসৰ হোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই প্ৰাক্তন ডিজিপিগৰাকীয়ে লাভ কৰিছিল ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত পদ, যিয়ে তথ্য জনাৰ অধিকাৰ আইন সম্পৰ্কীয় তথ্য যোগানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সেয়াই নহয়, বিজেপিলৈ অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কোন ব্যক্তিৰ ঘৰত বিজেপিৰ শীৰ্ষ নেতা বা আৰএছএছ নেতাৰে গোপন বৈঠকত বহিছিল, সেই কথা সকলোৱে জানে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে শ্যামকানু মহন্তৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ননীগোপাল মহন্তক মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উপদেষ্টা পাতিছিল। পৰৱৰ্তী সময়ত আনকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদো শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃক দিয়া হৈছিল এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই।

নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েই শ্যামকানু মহন্তক ৩০ লাখকৈ টকা দিবলৈ প্ৰতিটো বিভাগক দিবলৈ কৈছিল বুলিও আন এক বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে।

অখিল গগৈয়ে দাবী জনোৱা চিবিআই তদন্ত আৰু সেই তদন্তৰ নিৰীক্ষণ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ যি দাবী, সেই দাবীক ধূসৰ কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনেদৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক থকা পৰিয়ালৰ এজন ব্যক্তি শ্যামকানুক ৰক্ষণাৱেক্ষণ দিয়াৰ স্বাৰ্থতে গোটেই বিষয়বস্তুটো একাকীকৰণ কৰি জনতাক বিপথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে।

সমগ্ৰ ঘটনাটোত আন কেইবাটাও কথা উদঙাই দি অখিল গগৈৰ অভিযোগ যে চিআইডি বা এছআইটিয়ে ছিংগাপুৰৰ দৰে বিদেশত গৈ তদন্ত কৰাটো ক্ষেত্ৰাধিকাৰৰ বাহিৰত। যিটো কথা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মুখৰ পৰাই ধৰা পৰিছে। হিমন্ত বিশ্ব শৰ্মাই সেয়ে এইবাৰ ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয়ক অসমলৈ আহিবলৈ অসমবাসীক হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰোপৰি, অখিল গগৈয়ে কয় যে বিদেশৰ পৰা বিনিয়োগ বিচৰাটো চৰকাৰৰ কাম। তেনেস্থলত কেৱল মাত্ৰ এগৰাকী ব্যক্তি হিচাপে শ্যামকানু মহন্তক কিদৰে ডনাৰ মন্ত্ৰালয়ে সহায় কৰিছে, এইবোৰ কথা পোহৰলৈ অহাটো প্ৰয়োজনীয়।

আনহাতে, শ্যামকানু মহন্তৰ পত্নী নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা কোম্পানীৰ এগৰাকী সঞ্চালক হোৱাৰ পাছতো তদন্তৰ আওতাত কিয় অতদিনে অনা নাই বুলিও প্ৰশ্ন কৰিছে অখিল গগৈয়ে। উল্লেখ্য যে প্ৰথমাৱস্থাত শ্যামকানু মহন্তৰ ওপৰত গুৰু ধাৰা প্ৰয়োগ কৰা নাছিল। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্তই তেনেস্থলত অতি সোনকালেই জামিন লাভ কৰিলেহেঁতেন। যিহেতু প্ৰথমদিনটোৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটো লঘু কৰিয়েই ৰাখিব খুজিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু পৰৱৰ্তী সময়তো জুবিন গাৰ্গৰ অনুৰাগী তথা সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰি ধাৰাবাহিকতা এৰি নিদিয়াত জনতাৰ তীক্ষ্ন নজৰত ধৰাশায়ী হোৱাৰ ভয়ত পুনৰ চিআইডিয়ে মুখ্যমন্ত্ৰীৰ ইংগিততেই অৰ্থনৈতিক কেলেংকাৰীৰ গোচৰ তৰিছে।

অখিল গগৈয়ে এনেক্ষেত্ৰত আশংকা প্ৰকাশ কৰি কয় যে যিহেতু গাঁওবুঢ়াৰ পৰা তদন্তকাৰী আৰক্ষী বিষয়ালৈকে সৰ্বেসৰ্বা মুখ্যমন্ত্ৰীগৰাকী নিজেই, গতিকে এই কেলেংকাৰীৰ গোচৰো হিমন্ত বিশ্ব শৰ্মাই বিচৰাধৰণেই হ’ব। অৰ্থাত্ প্ৰথম গোচৰত যদিও সোনকালেই জামিন লাভ কৰিলেহেঁতেন বা কৰে, অৰ্থনৈতিক কেলেংকাৰীৰ গোচৰত যাতে আৰু দুদিনমান জেলত ৰাখিব পাৰে-সেয়াই তেওঁৰ উদ্দেশ্য। এই গতিৰে যাতে ম্ৰিয়মাণ অসমবাসীৰ আৱেগক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰে, সেইবাবেই চিবিআই তদন্ত দিয়াৰ পৰিৱৰ্তে নিজৰ হস্তক্ষেপত ৰাখিব পৰাকৈ অসম পুলিচৰ হতুৱাই ইটোৰ পাছত সিটো তদন্ত দিয়াৰ এক কৌশলত ব্ৰতী হৈছে মুখ্যমন্ত্ৰীগৰাকী। অখিল গগৈৰ আন এক অভিযোগ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠানৰ সৈতে জড়িত আছে ৰিণিকি ভূঞা শৰ্মা। চিবিআই তদন্ত দিলে মুখ্যমন্ত্ৰীৰ সান্দহ খোৱা বালি তল যাব বুলিও ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই। এনে বিভিন্ন কাৰণতেই চিবিআইৰ প্ৰসংগটোক নতুন ৰহণ সানিবলৈ গৈ ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই’ বুলি মৃত্যুৰ আগমুহূৰ্তলৈকে কৈ অহা সমাজবাদী জুবিন গাৰ্গৰ ন্যায়ৰ নামত মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়ে এইবাৰ ধৰ্মৰ নাম ব্যৱহাৰ কৰি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, যাতে অসমৰ জনতাক পুনৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত ব্যস্ত কৰি মূল কথাবোৰ তল পেলাব পাৰে। উল্লেখ্যে যে ১৯ অক্টোবৰৰ দিনাই অখিল গগৈয়ে সংবাদমাধ্যমৰ সন্মুখত তাত্ক্ষণিক প্ৰতিক্ৰিয়া হিচাপে চিবিআই তদন্ত বিচাৰিছিল। পৰৱৰ্তী সময়ত ২৪ ছেপ্টেম্বৰত অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চিবিআই তদন্ত কৰাৰ দাবী উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি কোৱাৰ পাছত ১ অক্টোবৰত অনিৰ্দিষ্টকালীন সময়ৰ বাবে  অৱস্থান ধৰ্মঘটত বহিছিল অখিল গগৈ আৰু দাবী উত্থাপন কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা কাৰ্যৰত ন্যায়াধীশৰ নীৰিক্ষণত চিবিআই তদন্ত হওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd