• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপহৰণৰ ৪৮ ঘণ্টাৰ পিছতো শুংসূত্ৰ নাই চাহ বাগিচাৰ পৰিচালক গোপাল উপাধ্যায়ৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 10, 2018 7:26 pm
Jagun tea estate manager

দীননাথ উপাধ্যায়

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত উজনী ফানেংস্থিত ব্যৱসায়ী ৰাধা চেতিয়া মালিকানাধীন ক্ষুদ্ৰ চাহ বাগিচাৰ পৰিচালক দীননাথ উপাধ্যায় ওৰফে গোপাল উপাধ্যায়ৰ অপহৰণৰ ৪৮ ঘণ্টাৰ পিছতো ব্যক্তিজনৰ কোনো সন্ধান উলিয়াব পৰা নাই সেনা-আৰক্ষীয়ে।

৮ জুনৰ দিন দুপৰতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত সন্দেহজনক আলফা (স্বা)ৰ উগ্ৰপন্থীৰ দ্বাৰা অপহৃত ব্যক্তিজনৰ সন্ধানত কালিৰে পৰা সেনা আৰক্ষীয়ে অঞ্চলটোৰ লগতে অসম-অৰুণাচল সীমান্তৱৰ্তী পাটকাই পাহাৰৰ বনাঞ্চলত ব্যাপক অভিযান আৰম্ভ কৰিছে যদিও তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাই।

Apply Now

আনহাতে, উপাধ্যায়ক অপহৰণৰ দায়িত্ব এতিয়াও কোনো এটা উগ্ৰপন্থী সংগঠনে স্বীকাৰ নকৰাত পৰিয়ালৰ লোকসকল শংকাত ভুগিছে।

মন কৰিব লগীয়া যে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সোঁহাত স্বৰূপ ব্যৱসায়ী ৰাধা চেতিয়াৰ সৈতে আলফাৰ কোনো বিষয়ক লৈ সংঘাত সৃষ্টি হৈছিল। এক সূত্ৰৰ পৰা জানিব পৰা মতে ধন দাবীক কেন্দ্ৰ কৰিয়েই ৰাধা চেতিয়াৰে আলফা (স্বা) সংঘাতৰ সৃষ্টি হৈছিল। সেই সূত্ৰে তেওঁৰ বাগিচাৰ পৰিচালকজনক আলফা (স্বা)এ অপহৰণ কৰাৰ আশংকা কৰা হৈছে। ইপিনে ব্যৱসায়ী ৰাধা চেতিয়াই সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

ধৃত আলফা (স্বা)ৰ লিংকমেন

আনহাতে, এই অপহৰণ কাণ্ডৰ অনুসন্ধানৰ মাজতে আজি ১৩নং অসম ৰাইফলছ আৰু জাগুন আৰক্ষীয়ে অভিযান চলাই জাগুনৰ ২নং ফানেঙৰ পৰা বাবু  ওৰফে হেমকান্ত বসুমতাৰী (৩৮) নামৰ আলফাৰ এজন লিংকমেনক আটক কৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে আলফাৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰি চলা বাবু বসুমতাৰীয়ে বিগত এপ্ৰিল মাহত আলফাত যোগদান কৰা জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফানেঙৰ কৰিশ্মা মেচ নামৰ যুৱতীগৰাকীক আলফাৰ সৈতে যোগাযোগ স্থাপন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

আৰক্ষী বিষয়া ভাস্কৰ কলিতাক গুলিয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁ‌তেই তিনিচুকীয়া জিলাৰ জাগুনত সন্দেহযুক্ত ৬জনীয়া আলফা (স্বা)ৰ উগ্ৰপন্থীয়ে বাগিচাৰ পৰিচালকক অপহৰণ কৰি নিয়া ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্মৰ্তব্য যে, কিছুদিন পূৰ্বে জাগুনৰ বিশিষ্ট ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুনাভ ফুকনক আলফাই অপহৰণ কৰি নিয়াৰ পিছত প্ৰায় পোন্ধৰ দিনৰ অন্তত মুকলি কৰি দিছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd