• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা বিশ্বকাপতো ভাৰতৰ হাতত পৰাস্ত পাকিস্তান; ৮৮ ৰানত হৰুৱালে হৰমনপ্ৰীত বাহিনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 8:34 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইয়ে হওক বা কলম্বোই হওক। টুৰ্ণামেণ্ট সলনি হয়। খেলুৱৈ একে নহয়। কিন্তু খেলৰ ফলাফল একেই থাকে। সূৰ্যকুমাৰ বাহিনীৰ সলনি ইয়াত হৰমনপ্ৰীত বাহিনী। পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকে বিশ্বকাপৰ খেলত নামিছিল। কিন্তু দুয়োখন দেশৰ সংঘাতৰ মাজতে ভাৰতীয় মহিলা দলটোৱে বাইশ গজত জয়লাভ কৰে।

মহিলা ভাৰত-পাক যুঁজত ‘উইমেন ইন ব্লু’ দলে ১২-০ ব্যৱধানত আগবাঢ়ি থাকিল। খেলখনত ২৪৮ ৰানৰ লক্ষ্য আগত লৈ পাকিস্তানৰ ইনিংছ ১৫৯ ৰানতে খহি পৰে। ভাৰতে ৮৮ ৰানত জয়লাভ কৰে।

Apply Now

ভাৰতে নিৰ্ধাৰিত কৰি দিয়া লক্ষ্যৰ অনুসৰণ কৰি পাকিস্তান আৰম্ভণিৰে পৰাই চাপত পৰিছিল। প্ৰথম দুটা অভাৰত মাত্ৰ ৪ ৰানহে সংগ্ৰহ কৰে। চতুৰ্থ অভাৰৰ শেষত মুনিবা আলী ৰান আউট হয়। যদিও তেওঁৰ আউটক লৈ কম নাটক হোৱা নাছিল।

ক্ৰান্তি গৌৰৰ বলে মুনিবাৰ পেডত খুন্দা মাৰে। লেগ বিফোৰ উইকেটৰ বাবে আবেদন জনাইছিল ভাৰতীয় ক্ৰিকেটাৰসকলে। আম্পায়াৰে অৱশ্যে আউট নিদিলে। ভাৰতেও কোনো ৰিভিউ লোৱা নাছিল। কিন্তু ঘটনাটো ইয়াতেই ক্ষান্ত নাথাকিল। দীপ্তি শৰ্মাৰ নিখুঁত থ্ৰ’ই উইকেট ভাঙি পেলায়। যদিও ফিল্ড আম্পায়াৰে জনায় দিয়ে যে পাকিস্তানী বেটাৰ ক্ৰীজত আছিল।

ইয়াৰ পিছতে আৰম্ভ হয় বিতৰ্ক। তৃতীয় আম্পায়াৰে ফিল্ড আম্পায়াৰক ৰখাই দিলে। ৰিপ্লেত দেখা গ’ল যে মুনিবাৰ বেট ক্ৰীজৰ ভিতৰত আছিল যদিও বলটো উইকেটত খুন্দা মৰাৰ সময়ত তেওঁৰ বেটখন শূন্যত আছিল। তৃতীয় আম্পায়াৰে  আউটৰ সিদ্ধান্ত লয়। এনে সিদ্ধান্তৰ পিছতে সম্পূৰ্ণ স্তম্ভিত হৈ পৰে মুনিবা।

তেওঁ দাবী কৰে যে বলটো ডেড হৈ গৈছে। সেয়ে কি ভিত্তিত তেওঁ আউট? এই সময়ত পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই ড্ৰেছিং ৰুমৰ পৰা ওলাই আহি চতুৰ্থ আম্পায়াৰৰ সৈতে তৰ্ক আৰম্ভ কৰে। তেওঁ আম্পায়াৰক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু আম্পায়াৰে নিজৰ সিদ্ধান্ত সলনি নকৰিলে। তেতিয়া পাকিস্তানৰ ৰান আছিল ৬।

ইপিনে, ছিদ্ৰা আমিনৰ কেচ মিছ কৰিলে ৰিচাই। কেইটামান বলৰ পিছত তেওঁ এল বি ডব্লিউ হৈ ড্ৰেছিং ৰুমলৈ উভতিব পাৰিলেহেঁতেন। ভাৰতীয় ক্ৰিকেটাৰৰ আবেদনৰ প্ৰতি কোনো সঁহাৰি নিদিলে আম্পায়াৰে। ইয়াৰ পিছত হৰমনপ্ৰীতে ৰিভিউ লোৱা নাছিল। পিছত ৰিপ্লেত দেখা গ’ল যে পাকিস্তানী বেটাৰগৰাকী আউট আছিল।

তাৰ পাছত ক্ৰান্তিয়ে সাদাফ ছামছক (৬) পেভলিয়নলৈ ওভতাই পঠিয়ালে। কিছু সময়ৰ পিছতে আলিয়া ৰিয়াজ মাত্ৰ ২ ৰানতে আউট হয়। পাকিস্তানে ৩ উইকেটত ২৬ ৰান সংগ্ৰহ কৰে। তাৰ পিছত ছিদ্ৰাই নাটালিয়া পাৰভেজৰ সৈতে ৬৯ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। ক্ৰান্তিয়ে নাটালিয়াক ৩৩ ৰানত ঘূৰাই পঠিয়ায়। পাকিস্তানৰ অধিনায়ক ফাতিমাইও ভাল বেটিং কৰা নাছিল। দীপ্তিৰ বলত ছয় মাৰিবলৈ গৈ ২ ৰানতে আউট হয়। তেতিয়া পাকিস্তানৰ স্ক’ৰ আছিল ১০২/৫।

ছিদ্ৰা আমিন হাৰ মানিবলৈ ইচ্ছুক নাছিল। ইয়াৰ পৰাই তেওঁ নৱাজৰ সৈতে ৪১ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিলে। অৱশ্যে এই পাৰ্টনাৰশ্বিপ বিপদজনক হোৱাৰ আগতেই স্নেহ ৰাণাই নৱাজক আউট কৰি দিলে। উইকেটৰ সিটো মূৰত আমিনে অকলে যুঁজি আছিল। কিন্তু তেওঁক সমৰ্থন কৰিবলৈ কোনো নাছিল।

অৱশেষত ৮১ ৰানৰ সংগ্ৰামী ইনিংছ খেলি স্নেহ ৰানাৰ বলত আউট হয়। ইয়াতেই যেন লিখা হ’ল খেলখনৰ ভাগ্য। অৱশেষত পাকিস্তানৰ ইনিংছ ১৫৯ ৰানতে অন্ত পৰিল। ভাৰতৰ হৈ ক্ৰান্তি গৌৰ আৰু দীপ্তি শৰ্মাই ৩টাকৈ উইকেট দখল কৰে। স্নেহ ৰাণাই ২টা উইকেট দখল কৰে। পাকিস্তানৰ ইনিংছত দুটা ৰান আউট হয়।

দেওবাৰে পাকিস্তানে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ দিছিল। বৰষুণৰ বাবে পিটচ তিতি আছিল। আকাশ ডাৱৰীয়া হৈ পৰিছিল। ইয়াৰ সুযোগ ল’ব বিচাৰিছিল পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই। অৱশ্যে ভাৰতৰ দুই অ’পেনাৰ প্রতীকা ৰাৱাল আৰু স্মৃতি মান্ধনাই ভাল আৰম্ভণি কৰে৷ ফাতিমা ছানাৰ বলত এল বি ডব্লিউ হৈ ২৩ ৰানত পেভলিয়নলৈ ওভতে স্মৃতি। প্ৰতীকাইও ৩১ তকৈ অধিক ৰান কৰিব নোৱাৰিলে।

ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ মাত্ৰ ১৯ ৰানত আউট হয়। অৱশ্যে হাৰ্লিন দেউলে যুঁজ দিছিল। চাৰি ৰাণৰ বাবে তেওঁ অৰ্ধশতক মিছ কৰিলে। জেমাইমা ৰড্ৰিগেজেও ৩২তকৈ বেছি ৰান কৰিব নোৱাৰিলে। কিন্তু তেওঁ আউট হোৱাৰ পূৰ্বে পোকৰ আক্ৰমণৰ বাবে ১০ মিনিটৰ বাবে মেচখন স্থগিত ৰখা হয়।

তাৰ পাছত দীপ্তি শৰ্মা আৰু স্নেহ ৰাণাই মিলি ৪২ ৰান সংগ্ৰহ কৰে। ৰাণা (২০) আউট হোৱাৰ পিছতো দীপ্তিয়ে নিজৰ গ্ৰিপ হেৰুৱাই পেলায়। অৱশ্যে ৰিচা ঘোষে ৮ নম্বৰত নামি ধুমুহাৰ সৃষ্টি কৰে। ৰিচাই ২০টা বলত ৩৫ ৰান কৰি অপৰাজিত হৈ থাকে। তেওঁৰ বিস্ফোৰক ইনিংছে ভাৰতৰ স্ক’ৰ ২৪৭ লৈ বৃদ্ধি কৰে। সেই লক্ষ্যৰ অনুসৰণ কৰি পাকিস্তানে এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাই পেলায়।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ২৪৭ (হাৰ্লিন ৪৬, ৰিচা ৩৫, ডায়না ৬৯/৪, ফাতিমা ৩৮/২)

পাকিস্তানঃ ১৫৯ (আমিন ৮১, নাটালিয়া ৩৩, ক্ৰান্তি ২০/৩, দীপ্তি ৪৫/৩)

ভাৰতে ৮৮ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd