সোমবাৰে উচ্চতম ন্যায়ালয়ে লাডাখৰ সমাজকৰ্মী সোণম ৱাংচুকক আটক কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰে। সোণমৰ পত্নী গীতাঞ্জলিয়ে উচ্চতম ন্যায়ালয়ত এই আটকক প্ৰত্যাহ্বান জনাই আৱেদন দাখিল কৰিছিল।
সংবিধানৰ ৩২ নং অনুচ্ছেদৰ বন্দী প্ৰত্যক্ষীকৰণ (হাবিয়াছ কৰ্পাছ)ৰ অধীনত এই আবেদন দাখিল কৰা হৈছিল।
লাইভ ল’ৰ বাতৰি মতে ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে কয় যে এই গোচৰৰ পৰৱৰ্তী শুনানি অহা সপ্তাহত অৰ্থাৎ ১৪ অক্টোবৰ মঙলবাৰে অনুষ্ঠিত হ’ব।
আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আদালতত উপস্থিত থাকে। তেওঁ আদালতত যুক্তি দিয়ে যে সোণম ৱাংচুকক আটক কৰাৰ কাৰণৰ বিষয়ে পত্নীক অৱগত কৰা উচিত।
চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সোণম ৱাংচুকক ইতিমধ্যে তেওঁক আটক কৰাৰ কাৰণৰ বিষয়ে অৱগত কৰা হৈছে। তেওঁক আটক কৰাৰ কাৰণ পত্নীক অৱগত কৰাটো কোনো আইনী বাধ্যবাধকতা নাছিল।
ছলিচিটৰ জেনেৰেলে লগতে কয় যে আবেদনকাৰীয়ে সোণম ৱাংচুকক চিকিৎসাৰ সুবিধা প্ৰদান নকৰা আৰু পত্নীক লগ কৰিবলৈ নিদিয়াটো “আৱেগিক বিষয়” কৰি তুলিবলৈ চেষ্টা কৰিছে।





