কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে অভিযোগ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত বিজেপিৰ আাইটি চেল আৰু এছআইটিয়ে একেলগে কাম কৰি আছে। জুবিন গাৰ্গক ন্যায় দিয়াটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়।
গগৈয়ে লগতে কয় যে অসমৰ ৰাইজৰ এটাই দাবী আছে- জুবিন গাৰ্গৰ ন্যায়। চৰকাৰে সঠিক তদন্ত কৰিব লাগিব। এয়া এক শক্তিশালী, স্পষ্ট, আৰু আৱেগিক দাবী।
গগৈয়ে বিজেপিৰ আইটি চেলক সমালোচনা কৰি দাবী কৰে যে তেওঁলোকৰ গুৰুত্ব জুবিনৰ ন্যায় নিশ্চিত কৰাতকৈ শ্যামকানু মহন্তক সুৰক্ষা দিয়াতহে।
গৌৰৱ গগৈয়ে কয়, ‘‘আইটিচেল আৰু এছআইটিয়ে একেলগে কাম কৰা যেন লাগে। তেওঁলোকে তথ্যৰ পৰিৱৰ্তে ব্যক্তিগত চৰিত্ৰৰ বিষয়ত গুৰুত্ব দিছে। আমি তেওঁলোকৰ পৰা নৈতিকতা শিকিবলৈ বিচৰা নাই, মুখ্যমন্ত্ৰীৰ পৰাও আশা কৰা নাই।’’
তেওঁ অভিযোগ কৰে যে এতিয়ালৈকে ছিংগাপুৰ বা ইয়টত কি হৈছিল তাৰ তদন্তৰ বাবে এছ আই টিয়ে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই।
গৌৰৱ গগৈয়ে লগতে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পৰিয়াল আৰু শ্যামকানু মহন্তৰ পৰিয়ালৰ মাজত থকা সুপৰিচিত ঘনিষ্ঠ সম্পর্কৰ বাবেই শ্যামকানু মহন্তক মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে।
গগৈয়ে কয়, ‘আমি এতিয়াও বিশ্বাস কৰিবলৈ টান পাইছো যে জুবিন গাৰ্গ আৰু আমাৰ লগত নাই। মই কৰ্তৃপক্ষক তদন্ত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছো। তদন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত গুৰুত্ব দিব লাগিব, চৰিত্ৰ বা নৈতিকতাৰ বিষয়ত নহয়।’
‘‘মূখ্যমন্ত্ৰীয়ে এই জনসাধাৰণৰ আৱেগ বুজিব লাগিব। যিসকলে জুবিন গাৰ্গক ন্যায়ৰ দাবী কৰা মানুহক ভয় খুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ লাভ কৰিব।” গৌৰৱ গগৈয়ে কয়।





