অসম চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যৰ চৰকাৰী ভূমি, বনাঞ্চল আৰু জলাশয়ত চলোৱা উচ্ছেদ অভিযানত জাতি, ধৰ্ম, ভাষা বা বৰ্ণৰ ভিত্তিত কোনো বৈষম্য নকৰাকৈ চলাব লাগিব বুলি নিৰ্দেশ দিছে আদালতে।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যিকোনো উচ্ছেদ অভিযান আৰম্ভ কৰাৰ কমেও ১৫ দিন আগতে কৰ্তৃপক্ষই জাননী দিব লাগিব। উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহক যথাযথভাৱে অৱগত কৰাটো নিশ্চিত কৰিব লাগিব। আদালতে উল্লেখ কৰিছে যে এই সকলো অভিযানত ন্যায়িক পদ্ধতি আৰু চৰকাৰী নিয়ম কঠোৰভাৱে মানি চলিব লাগিব।
আদালতে ৰাজ্য চৰকাৰৰ অধিকাৰক স্বীকাৰ কৰি কয় যে ৰাজহুৱা ভূমি, বনাঞ্চল আৰু জলাশয়ৰ পৰা বেদখল আঁতৰোৱাৰ অধিকাৰ চৰকাৰৰ আছে। কিন্তু এই প্ৰক্ৰিয়া স্বচ্ছ, ন্যায়্য আৰু আইনৰ সীমাৰ ভিতৰত থাকিব লাগিব।
বিগত কেইমাহমানত গোলাঘাট, বঙাইগাঁও, উৰিয়ামঘাট আদি জিলাত চলোৱা উচ্ছেদ অভিযানে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছিল যদিও স্থানীয় প্ৰতিবেদনত খিলঞ্জীয়া অসমীয়া পৰিয়ালসমূহো ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উঠিছে। ইয়াৰ ফলত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াসকলক উচ্ছেদ নকৰাৰ আশ্বাস দিছিল। কিন্তু থলুৱা পৰিয়ালসমূহ স্থানচ্যুত হোৱাৰ খবৰ ওলোৱাৰ পিছত প্ৰতিবাদমুখৰ হৈ পৰিছে জনসাধাৰণ। চৰকাৰৰ এনে কাৰ্যকলাপৰ প্ৰতিক্ৰিয়া স্বৰূপে সদৌ অসম গৰীয়া জাতীয় পৰিষদে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে পুনৰ দৃঢ়তা প্ৰকাশ কৰি কৈছে যে থলুৱা বাসিন্দাসকলে উচ্ছেদ অভিযানৰ পৰা ৰেহাই পাব। চৰকাৰৰ এই কাৰ্য কেৱল অবৈধ বসতি স্থাপনকৰাসকলৰ বিৰুদ্ধে, প্ৰকৃত অসমীয়া নাগৰিকৰ অধিকাৰ সুৰক্ষিত থাকিব।





