• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনক ন্যায় দিয়াৰ পৰিৱৰ্তে ‘মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2025 8:31 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰিৱৰ্তে ‘মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে। আজি ৰাজীৱ ভৱনত এক সংবাদমেলত এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

তেওঁ কয়, ”জুবিন গাৰ্গৰ মৃত্যুত ন্যায়ৰ দাবীটো হৈছে এটা শক্তিশালী, জনপ্ৰিয় আৰু আৱেগিক দাবী৷ এই কেইদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিধায়কসকলৰ টুইটবোৰ চাই, কেন্দ্ৰৰ আইটি চেলৰ টুইটবোৰ চাই এটা কথা স্পষ্ট হৈ পৰিছো যে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিব নোখোজে৷ তেওঁলোকৰ কথাৰ পৰা আমি এনেকুৱা এটা ইংগিত পাইছো যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰি সেয়াই হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল উদ্দেশ্য৷’’

Apply Now

গগৈয়ে আৰু কয় যে মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত এছআইটি বা আইটি চেলক কেতিয়াবা একেই লাগে৷ দুয়োটাই কথা উলিয়াইছে চৰিত্ৰৰ ওপৰত, নৈতিকতাৰ ওপৰত৷ অসমৰ জনসাধাৰণে নৈতিকতাৰ প্ৰমাণ নিবিচাৰে৷ নৈতিকতাৰ কথা তেখেতৰ মুখেৰে শুনিব নিবিচাৰে৷

এতিয়া এনে কিছুমান কথা ওলাইছে, তদন্তই এনে কিছুমান ধাৰণা দিছে যে নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত যেন আমি তদন্ত কৰিবলৈ গৈছো৷ নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এছআইটি আৰু তদন্ত বিচৰা নাই৷ আমি জানিব বিচাৰিছো যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল৷ আজি এছআইটি ছিংগাপুৰলৈ গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই৷ যিখন হোটেলত ৰাতি জুবিন গাৰ্গ আছিল, শুনা মতে, তেওঁৰ সতীৰ্থৰ সৈতে বাহিৰত আছিল৷ য়ট লৈ যি ঠাইলৈ গ’ল তাৰ বাবে এছআইটিয়ে কোনো পদক্ষেপ লোৱা নাই৷

মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ কথা ক’বলৈ বাদেই দিলে৷ বিষয়টো অন্য প্ৰসংগলৈ টানিবলৈ বিচাৰিছে৷ তাৰ পৰা এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তক ক্লিনশ্বীট দিব বিচাৰে৷ মুখ্যমন্ত্ৰীয়ে বিচাৰে তেওঁ পুনৰ ওলাই আহি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ বেপাৰ চলাই থাকক৷ শ্যামকানু মহন্তৰ পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰীৰ আজিৰ নহয়, পূৰ্বৰে পৰা মধুৰ সম্পৰ্ক৷ মধুৰ সম্পৰ্ক থকাৰ কথা সকলোৱে জানে, বুজি পায়৷ সেইকাৰণে ‘মিছন চেভ শ্যামকানু মহন্ত’ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে৷

গগৈয়ে কয়, ”শ্যামকানু মহন্তক বচাবলৈ মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক’বলৈ আৰম্ভ কৰিছে তেনে কথা অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত বহি থকা এজন ব্যক্তিৰ মুখৰ পৰা ওলাব নালাগে৷ মুখ্যমন্ত্ৰীৰ চকীত বহি থকা ব্যক্তিৰ গাম্ভীৰ্য্যতা থাকিব লাগে, কথাৰ মৰ্যাদা থাকিব লাগে৷ সেইখিনি মুখ্যমন্ত্ৰীজনে হেৰাই পেলাইছে৷ আজি তেওঁ শ্যামকানু মহন্তক বচাবলৈ গৈ অসমৰ শিল্পী সমাজ, যুৱ সমাজক কষ্ট দিছে৷ অসমৰ মানুহে জানিব খোজে যে সেইদিনা জুবিন গাৰ্গে দৰৱ লৈছিল নে নাই৷ জুবিন গাৰ্গে ছিংগাপুৰ যাবলৈ বিচাৰিছিল নে যাবলৈ বাধ্য কৰোৱা হ’ল৷ সাগৰত নমাৰ সময়ত জুবিন গাৰ্গক লাইফ জেকেট পিন্ধিবলৈ বাধ্য কিয় কৰোৱা নহ’ল৷ জুবিন গাৰ্গৰ সৈতে গৰিমা কিয় নাছিল? ছিংগাপুৰলৈ গৰিমাক কিয় নিয়া নহ’ল? সেইখিনি কথাহে আমি জানিব বিচাৰো৷ সেইকাৰণে বিটিচি নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী হতাশ হৈছে৷ নিজৰ চকীক লৈ ভয় কৰিছে৷’’

গগৈয়ে কয় যে আজি অসমত আবেগিক মুহূৰ্ত৷ ৰাইজ ভাগি পৰিছে৷ এতিয়াও ভাবিবলৈ টান লাগে যে অহাবাৰ বিহু মঞ্চত জুবিন গাৰ্গ নাথাকিব৷ ৰাইজে তেওঁলোকৰ পৰা যিধৰণে আশা কৰিছে তেনেকৈ কাম কৰিব পৰা নাই৷ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ যিখিনি তদন্ত কৰিব লাগে সেইখিনি কৰক, চৰিত্ৰক লৈ নহয়৷ বিশেষকৈ এইখন চৰকাৰৰ পৰা নৈতিকতা আৰু চৰিত্ৰৰ চাৰ্টিফিকেট আমাক নালাগে৷ তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে৷ কেন্দ্ৰীয় আইটি চেলে দুৰ্গা পূজাৰ বাহিৰত জুবিন গাৰ্গৰ ফটো দেখুৱাই এটা মন্তব্য দিছে৷ তাত জুবিনৰ অনুৰাগীসকলে কমেণ্ট কৰিছে৷ তাত কৈছে যে হয় আমি বিজেপি দলৰ সদস্য৷ লগে লগে আমি জুবিন গাৰ্গৰ অনুৰাগী৷ আপুনি যিদৰে কথা কৈছে সেই কথাৰ জুবিন গাৰ্গৰ সৈতে সম্পৰ্ক নাই৷ এই কথাখিনি বাদ দিয়ক৷ আমি সমৰ্থন নকৰো৷ জুবিন গাৰ্গৰ এনে বহু অনুৰাগী যিসকল বিজেপিৰ সৈতে জড়িত৷ কিন্তু তেওঁলোকে বিজেপিৰ আইটি চলেৰ বিৰোধিতা কৰিছে৷ দলৰ উৰ্ধত গৈ জুবিন গাৰ্গৰ আত্মা আৰু আদৰ্শৰ প্ৰতি সন্মান জনাইছে। তাৰ বাবে তেওঁলোকক শলাগ লৈছো৷ যিসকলে নিজৰ দলকে মানা কৰিছে ৰাজনীতি কৰিবলৈ৷ বিজেপিৰ আইটিচেলৰ এটা শক্তিশালী হেণ্ডেল আছে৷ যিজনে ‘কা’ সম্পৰ্কত জুবিন গাৰ্গক টানি নিছে৷ তাতো জুবিন গাৰ্গৰ অনুৰাগীসকলে কৈছে যে আমি বিজেপি দলৰ সদস্য, কিন্তু ‘কা’ আমি নামানো৷ এনে মন্তব্যসমূহ মুখ্যমন্ত্ৰীয়ে বুজি পোৱা উচিত৷ তৰল মন্তব্য কৰিলে, তদন্ত শ্যামকানু মহন্তক বচাবলৈ কৰিলে, জুবিনৰ অনুৰাগীয়ে প্ৰতিবাদ কৰিলে পুলিচ-প্ৰশাসনে শক্তি দেখালে, জুবিন গাৰ্গৰ ঘনিষ্ঠ হেঁচা দি থাকিলে তেওঁ অহা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে চকী এৰিবলৈ বাধ্য হ’ব৷ কিন্তু আমি বিচাৰো তেওঁ কাৰ্যকাল সম্পূৰ্ণ হোৱালৈ মুখ্যমন্ত্ৰী হৈ থাকক৷ ৰাইজে সুবিধা পাব তেওঁৰ বিৰুদ্ধে ভোট দি দৰ্পচূৰ্ণ কৰিবলৈ৷ তেওঁ যদি তেনে কামবোৰ কৰি থাকে তেতিয়া দলে তেওঁক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তেওঁক সলাই পেলাব৷ পুনৰবাৰ আমি আহ্বান জনাইছো৷ মুখ্যমন্ত্ৰীয়ে আৰু মাথোঁ ৫ মাহ মুখ্যমন্ত্ৰী হৈ আছে৷ তেওঁ তদন্ত ভালদৰে কৰক৷ নৈতিকতা আৰু চৰিত্ৰৰ প্ৰমাণপত্ৰ দিবলৈ বন্ধ কৰক৷ ছিংগাপুৰলৈ যাওক৷ তাত কি হৈছিল সকলো তথ্য লৈ আহক৷ মুখ্যমন্ত্ৰীৰ চকীখনৰ গাম্ভীৰ্য্যতা ৰক্ষা কৰক আৰু শ্যামকানুক ৰক্ষা কৰিবলৈ কৰা প্ৰয়াস বন্ধ কৰক৷ জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই৷ তেওঁলোকৰ দলৰে সদস্যসকলে আজি মুখ্যমন্ত্ৰীৰ কথাৰ পৰা যথেষ্ট আঘাত পাইছে৷ আজি মুখ্যমন্ত্ৰীৰ মন্তব্যই অসমৰ শিল্পীসমাজক দুখ দিছে৷ শিল্পীয়ে সামাজিক মাধ্যমত আঘাত পাইছে বুলি কৈছে৷ মুখ্যমন্ত্ৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ এনে কিছুমান কথা কৈছে যিবিলাক কাম কৰিলে তদন্ত দুৰ্বল হ’ব৷

মুখ্যমন্ত্ৰীয়ে কৈছে যে দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৰাজহুৱা কৰিব বিচাৰিলে কৰিব পাৰে৷ মুখ্যমন্ত্ৰীয়ে তেনে কৰাৰ আঁৰত আছে শ্যামকানুক ৰক্ষা কৰাৰ ষড়যন্ত্ৰ৷ যাতে শ্যামকানুৰ অধিবক্তাই সেই ৰিপৰ্ট দেখুৱাই আইনী সহায় ল’ব পাৰে৷ যাতে গোটেই তদন্ত প্ৰক্ৰিয়াৰ ওপৰত শ্যামকানুৰ আইনজ্ঞই আঙুলি টোৱাব পাৰে৷ গাফিলতি হোৱাৰ কথা কৈ আইনী ৰেহাই পাব৷ বহু আইনী অধিবক্তাই এই কথা কৈছে৷ সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা কৰিলে কৰিব পাৰে৷ এছআইটিৰ তথ্য ৰাজহুৱা হোৱাটোৱে তাৰ প্ৰমাণ৷ তাৰ কাৰণ হৈছে শ্যামকানু মহন্তৰ ঘৰৰ সৈতে মুখ্যমন্ত্ৰীৰ মধুৰ সম্পৰ্ক আছে৷ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নীয়ে ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট দিয়াত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে গৰিমা বাক মই কম যে আপোনালোকৰ সৈতে আমি সকলোৱে থিয় দি আছে, আপুনি যি সিদ্ধান্ত লয় তাত আমাৰ লগতে আমাৰ সৈতে থকা সকলোৰে সহায় আৰু সমৰ্থন পাব৷ গৰিমা বা আৰু পাল্মী বাৰ লগত আমি আছো৷ আপোনালোকে ভয় নকৰিব৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে অভিযোগ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত বিজেপিৰ আাইটি চেল আৰু এছআইটিয়ে একেলগে কাম কৰি আছে। জুবিন গাৰ্গক ন্যায় দিয়াটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়।

গগৈয়ে লগতে কয় যে অসমৰ ৰাইজৰ এটাই দাবী আছে- জুবিন গাৰ্গৰ ন্যায়। চৰকাৰে সঠিক তদন্ত কৰিব লাগিব। এয়া এক শক্তিশালী, স্পষ্ট, আৰু আৱেগিক দাবী। গগৈয়ে বিজেপিৰ আইটি চেলক সমালোচনা কৰি দাবী কৰে যে তেওঁলোকে জুবিনৰ ন্যায় নিশ্চিত কৰাতকৈ শ্যামকানু মহন্তক সুৰক্ষা দিয়াতহে গুৰুত্ব দিছে। গৌৰৱ গগৈয়ে আৰু কয়, ‘‘আইটিচেল আৰু এছআইটিয়ে একেলগে কাম কৰা যেন লাগে। তেওঁলোকে তথ্যৰ পৰিৱৰ্তে ব্যক্তিগত চৰিত্ৰৰ বিষয়ত গুৰুত্ব দিছে। আমি তেওঁলোকৰ পৰা নৈতিকতা শিকিবলৈ বিচৰা নাই, মুখ্যমন্ত্ৰীৰ পৰাও আশা কৰা নাই।’’ তেওঁ অভিযোগ কৰে যে এতিয়ালৈকে ছিংগাপুৰ বা য়টত কি হৈছিল তাৰ তদন্তৰ বাবে এছআইটিয়ে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই।

গৌৰৱ গগৈয়ে লগতে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পৰিয়াল আৰু শ্যামকানু মহন্তৰ পৰিয়ালৰ মাজত থকা সুপৰিচিত ঘনিষ্ঠ সম্পর্কৰ বাবেই শ্যামকানু মহন্তক মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। গগৈয়ে কয়, ‘আমি এতিয়াও বিশ্বাস কৰিবলৈ টান পাইছো যে জুবিন গাৰ্গ আৰু আমাৰ লগত নাই। মই কৰ্তৃপক্ষক তদন্ত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছো। তদন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত গুৰুত্ব দিব লাগিব, চৰিত্ৰ বা নৈতিকতাৰ বিষয়ত নহয়।’ মুখ্যমন্ত্ৰীয়ে এই জনসাধাৰণৰ আৱেগ বুজিব লাগিব। যিসকলে জুবিন গাৰ্গক ন্যায়ৰ দাবী কৰা মানুহক ভয় খুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ লাভ কৰিব।” গৌৰৱ গগৈয়ে কয়। দিল্লীৰ সাংবাদিকক মাতি আনি গৌৰৱ গগৈৰ পাক লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি আজি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে এনেবোৰ কথা কোৱাৰ আঁৰৰ কথা এয়াই যে যাতে মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু শ্যামকানু মহন্তৰ কথা পাহৰি যায়৷ ইয়াৰ অন্তৰালত আছে মুখ্যমন্ত্ৰীৰ ‘মিছন ছেভ শ্যামকানু মহন্ত’৷ এই বিষয়তে মুখ্যমন্ত্ৰীয়ে নিজেই স্পষ্টীকৰণ দিয়ক৷ ১০ ছেপ্টেম্বৰত তেওঁ একো ক’ব নোৱাৰিলে৷ মই যি ক’বলগীয়া আছো, সকলো কৈছো৷ এতিয়া তেওঁকহে প্ৰশ্ন কৰক৷ তেওঁ যি কয় কৈ থাকক৷ এতিয়া তেওঁ কৌশলেৰে শ্যামকানুৰ বিৰুদ্ধে যাতে উচিত তদন্ত নহওক, আইনেৰে কেনেকৈ বচাব পাৰে তাৰ চিন্তা কৰি আছে৷ ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে একো কৰিব নোৱাৰিলে৷ ১০ ছেপ্টেম্বৰত আমি কথা দি যোগদান সভা অনুষ্ঠিত কৰিছিলো, ১০ অক্টোবৰত আমি যোগদান সভা কৰিম৷ আপোনালোকৰ সৈতে ৰাজীৱ ভৱনত লগ হ’ম৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd