বুধবাৰে পুৱাৰ ভাগত কৰ্ণাটকৰ গংগাৱতীত পথৰ দাঁতিত এজন বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ মৃতদেহ উদ্ধাৰ হয়।
জানিব পৰা মতে, বিজেপি যুৱ মৰ্চাৰ সভাপতি ভেংকটেশ কুৰুবা মটৰ চাইকেলত গৈ থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে পিছফালৰ পৰা খুন্দা মাৰে। তাৰপিছত হাতত চুৰি লৈ গাড়ীখনৰ পৰা ওলাই অহা কেইজনমান লোকে তেওঁক হানি-খুচি হত্যা কৰে। তাৰপিছত হত্যাকাৰী সেই স্থানৰ পৰা পলায়ন কৰে। চিচি টিভিত বন্দী হৈছে এই হত্যাৰ দৃশ্য।
কোপ্পাল জিলাৰ আৰক্ষী অধীক্ষক ৰাম এল আৰাচিদ্দিয়ে কয় যে এয়া প্ৰতিশোধমূলক হত্যাকাণ্ড। ২০০৩ চনত ভেংকটেশে এটা গোচৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাত আৰক্ষীক সহায় কৰিছিল। ভেংকটেশৰ হত্যাকাৰী সেই গোচৰটোৰ লগত জড়িত।
এই হত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে চাৰিজন লোকক আটক কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সাক্ষীৰ পৰা জানিব পৰা মতে এই ঘটনা সাত-আঠ জন লোক জড়িত আছিল।
কৰ্ণাটকৰ ৰাজ্যিক বিজেপিৰ মূৰব্বী বিজয়েন্দ্ৰই বিজেপি যুৱ মৰ্চাৰ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।





