ইজৰাইল আৰু হামাছৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত এক ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হয়। ট্ৰাম্পে ঘোষণা কৰিছে যে ইজৰাইল আৰু হামাছে শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত সহমত প্ৰকাশ কৰি চুক্তিত স্বাক্ষৰ কৰিছে।
ট্ৰাম্পে সামাজিক মাধ্যমত প্ৰচাৰ কৰা এক পোষ্টত কয় যে, “মই ঘোষণা কৰিবলৈ পায় গৌৰৱান্বিত যে ইজৰাইল আৰু হামাছে আমাৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ আধাৰত সকলো পণবন্দীক অতি সোনকালে মুকলি কৰি দিয়া হ’ব, আৰু ইজৰাইলে নিজৰ সৈন্যবাহিনীক এক নিৰ্দিষ্ট পৰিমাণে প্ৰত্যাহাৰ কৰিব, যি স্থায়ী শান্তিৰ দিশত প্ৰথম পদক্ষেপ হিচাপে চিহ্নিত হৈছে।” তেওঁ এইটোক গাজা যুদ্ধৰ অন্ত পেলোৱাৰ দিশত এক অভূতপূৰ্ব সাফল্য হিচাপে অভিহিত কৰিছে।
এই চুক্তিৰ মূল লক্ষ্য হৈছে গাজাত যুদ্ধ বন্ধ কৰা আৰু পণবন্দী আৰু বন্দীসকলক মুকলি কৰা নিশ্চিত কৰা। বৃহস্পতিবাৰে (৯ অক্টোবৰ) ইজিপ্তত স্বাক্ষৰিত হ’বলগীয়া এই চুক্তিত হামাছে সন্মতি প্ৰকাশ কৰিছে। চুক্তিত মানৱীয় সাহায্যৰ বাবে গাজাত পাঁচটা ক্ৰছিং তৎকালীনভাৱে মুকলি কৰা, আৰু প্ৰথম পৰ্যায়ত ২০ জন ইজৰাইলী বন্দীক জীৱিত অৱস্থাত মুকলি কৰাৰ কথা উল্লেখ কৰা হৈছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে যে, “ইজৰাইলৰ বাবে এক ডাঙৰ দিন। চৰকাৰক এই চুক্তিত অনুমোদন জনাই আমাৰ সকলো পণবন্দীক ঘূৰাই আনিবলৈ আহ্বান জনাম। আইডিএফৰ সাহসী সৈনিক আৰু সকলো নিৰাপত্তা বাহিনীক ধন্যবাদ জনাইছো, যিসকলৰ সাহস আৰু ত্যাগৰ বাবে আমি এই পৰ্যায়ত উপনীত হ’ব পাৰিছো। ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ দলটোক শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াত আগবঢ়োৱা অৱদানৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো। একেলগে আমাৰ সকলো লক্ষ্যত উপনীত হ’ম আৰু আমাৰ ওচৰ-চুবুৰীয়াৰ সৈতে শান্তি ৰক্ষা কৰি যাম।”

আন এটা পোষ্টত নেতান্যাহুয়ে কয় যে, “শান্তি প্ৰতিষ্ঠাৰ প্ৰথম পৰ্যায়ৰ অনুমোদনৰ লগে লগে আমাৰ সকলো পণবন্দীক ঘৰলৈ অনা হ’ব। ইজৰাইল ৰাষ্ট্ৰৰ বাবে ই এটা কূটনৈতিক সফলতা আৰু এক ৰাষ্ট্ৰীয় আৰু নৈতিক জয়।” তেওঁ আৰু কয় যে, “মই আৰম্ভণিতে স্পষ্ট কৰিছিলো। আমাৰ সকলো পণবন্দীক ঘূৰাই নিদিয়ালৈকে আৰু আমাৰ সকলো লক্ষ্যত উপনীত নোহোৱালৈকে আমি জিৰণি নলওঁ। দৃঢ়তা, শক্তিশালী সামৰিক কাৰ্য্যকলাপ আৰু আমাৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অক্লান্ত প্ৰচেষ্টাৰ জৰিয়তে আমি এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হ’লোঁ।”
উল্লেখ্য যে এই চুক্তিয়ে মধ্যপ্ৰাচ্যত শান্তিময় নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে, যদিও পূৰ্ণৰূপে কাৰ্যকৰী কৰাত এতিয়াও কেইবাটাও পৰ্যায় বাকী আছে।





