ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰিছে অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইয়ে।
নগাঁৱৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁইয়ে আজি বাজপেয়ী ভৱনত উপস্থিত হৈ দিলীপ শইকীয়ালৈ লিখা পদত্যাগ পত্ৰ দাখিল কৰে।
পদত্যাগ কৰাৰ পিছত তেওঁ সাংবাদিকৰ আগত কয়, ‘‘বিজেপি অসমীয়াৰ মূল শত্ৰু হৈ পৰিছে। বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দৰে মই ধন ঘটিব নোৱাৰো। মই ভাবিছিলো দলৰ নেতাসকলে স্বতন্ত্ৰভাৱে কাম কৰিব, কিন্তু সেয়া হোৱা নাই। মুখ্যমন্ত্ৰীয়ে কাৰো কথা নুশুনে আৰু নিজৰ ইচ্ছামতে কাম কৰে।”
উল্লেখ্য যে মোডী চৰকাৰৰ প্ৰথম কাৰ্যকালত তেওঁ ৰে’ল বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
ইয়াৰ পূৰ্বে ২০২৩ চনত নগাঁও লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰতিবাদত গোহাঁইয়ে কেবিনেট মযাৰ্দা সম্পন্ন পদ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ দাবী কৰিছিল যে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণে জনগাঁথনিৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব আৰু খিলঞ্জীয়া লোকৰ আধিপত্য নোহোৱা কৰিব।
তেওঁ কৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিছিল যদিও কোনো ইতিবাচক ফল লাভ কৰা নাছিল।
ইয়াৰ উপৰিও ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা তেওঁ দলবিৰোধী মন্তব্য কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁক তীক্ষ্ণ সমালোচনা কৰিছিল।
ইফালে ৰাজেন গোহাঁইয়ে বিজেপি ত্যাগ কৰাৰ পিছত তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি খবৰ ওলাইছে যদিও গোহাঁইয়ে এই সম্পৰ্কে আনুষ্ঠানিকভাবে একো কোৱা নাই।





