উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে পুনৰ এক বিতৰ্কিত মন্তব্যৰে আলোড়নৰ সৃষ্টি কৰিছে। বুধবাৰে বাৰাণসীত মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ ৪৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি যুৱতীসকলক উদ্দেশ্যি কয়, “লিভ-ইন সম্পৰ্কৰ পৰা আঁতৰি থাকা, নহ’লে ৫০ টুকুৰা হিচাপে পোৱা যাব।” তেওঁৰ এই বক্তব্যই নিমিষতে সমগ্ৰ ৰাজ্যতে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে।
আগদিনা বালিয়া জিলাৰ জননায়ক চন্দ্ৰশেখৰ বিশ্ববিদ্যালয়ৰ সপ্তম সমাৱৰ্তনতো তেওঁ একেটা বিষয়তে মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তাতো তেওঁ কৈছিল, “লিভ-ইন ৰিলেচনৰ পৰিণতি চাব বিচাৰিলে অনাথ আশ্ৰমলৈ যোৱা। পোন্ধৰৰ পৰা বিশ বছৰ বয়সৰ ছোৱালীবোৰে এবছৰীয়া কেচুৱা লৈ শাৰী পাতি থিয় হৈ আছে।”
বাৰাণসীৰ অনুষ্ঠানত ভাষণ দি ৰাজ্যপালগৰাকীয়ে কয় যে শেহতীয়াকৈ মহিলাৰ ওপৰত হোৱা হিংসাৰ ঘটনা আতংকজনকভাৱে বৃদ্ধি পাইছে। গতিকে ছোৱালীয়ে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সাৱধান আৰু বিচক্ষণ হোৱাৰ প্ৰয়োজন। ‘আমাৰ ছোৱালীবোৰে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব লাগে, কোনো ধৰণৰ সম্পৰ্কত সোমাব নালাগে যিয়ে তেওঁলোকক শোষণ কৰিব পাৰে বা বিপদত পেলাব পাৰে।’
আনন্দীবেন পেটেলে কয়, “ছোৱালীবোৰৰ বাবে মোৰ মাত্ৰ এটা বাৰ্তা, লিভ-ইন এতিয়া ফেশ্বনত আছে, কিন্তু নকৰিবা। জীৱনত নিজৰ সিদ্ধান্ত নিজে লোৱা, কিন্তু ভয়াৱহ পৰিণতি হ’ব পৰা পথত নাযাবা। তোমালোকে দেখিছা কি হয়—৫০ টুকুৰাত পোৱা যায়। যোৱা ১০ দিনত এনেবোৰ ঘটনাৰ বহু খবৰ পাইছো, প্ৰতিটো খবৰে মোৰ মন গধুৰ কৰি তুলিছে।”
তেওঁ লগতে শিশু সুৰক্ষা আইনৰ অধীনত বহু ক্ষতিগ্ৰস্ত ছোৱালীক ব্যক্তিগতভাৱে লগ পোৱা বুলিও কয়। প্ৰত্যেকৰে কাহিনী ভয়ংকৰ আৰু বেদনাদায়ক। “এই ছোৱালীকেইজনীয়ে যি কষ্টৰ মাজেৰে পাৰ হৈ গৈছে, সেই কথা শুনিলে যিকোনো ব্যক্তিয়েই অস্থিৰ হৈ পৰিব।”
এগৰাকী ন্যায়াধীশৰ সৈতে হোৱা আলোচনাৰ সময়ত তেওঁৱো একে উদ্বেগ প্ৰকাশ কৰি বিশ্ববিদ্যালয়সমূহক ছোৱালীৰ মাজত সজাগতা সৃষ্টিৰ বাবে উদ্যোগ ল’বলৈ আহ্বান জনোৱা বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে। তেওঁৰ মতে, শিক্ষানুষ্ঠানসমূহে কণমানি ছোৱালীবোৰক বাস্তৱ জীৱনৰ বিপদ আৰু আত্মৰক্ষাৰ বিষয়ে শিকাব লাগে।
বালিয়াত পূৰ্বৰ ভাষণত আনন্দীবেনে কয়, “এই লিভ-ইন সম্পৰ্কৰ আঁৰত লোভই কাম কৰি আছে। ল’ৰাবোৰে ছোৱালীক হোটেললৈ লৈ যায়, প্ৰলোভিত কৰে, সন্তান জন্ম দিয়াৰ পিছত তেওঁলোকক পৰিত্যাগ কৰে। এয়া আমাৰ সংস্কৃতি নহয়, আমাৰ মূল্যবোধ নহয়। তথাপিও এই সকলোবোৰ ঘটি আছে।”
তেওঁ যুৱতীসকলক আহ্বান জনায় যে “এটা মহান কামত নিজৰ জীৱন উৎসৰ্গা কৰা।এদিন অনুশোচনা কৰিবলগীয়া সম্পৰ্ক বা সিদ্ধান্তৰ দ্বাৰা তোমালোকৰ ভৱিষ্যত নষ্ট হ’বলৈ নিদিবা।”
আনন্দীবেন পেটেলৰ ধাৰাবাহিক মন্তব্যই ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে। কোনোৱে তেওঁৰ বক্তব্যক “মহিলাৰ সুৰক্ষা আৰু আত্মসন্মানৰ বাবে সতৰ্কবাণী” বুলি ব্যাখ্যা কৰিছে, আন কোনোৱে কয়, “ৰাজ্যপালৰ এনে মন্তব্য ব্যক্তিগত স্বাধীনতা আৰু মহিলাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰত হস্তক্ষেপ।”
কিন্তু যি বিতৰ্কই নহওক কিয়, ৰাজ্যপালৰ এই বক্তব্যই সমাজৰ গভীৰ উদ্বেগ প্ৰতিফলিত কৰিছে। আধুনিকতাৰ বেশত যুৱ প্ৰজন্ম কিমান বিপদজনকভাৱে আগবাঢ়িছে সেই কথা চিন্তা কৰাৰ সময় যেন আহি পৰিছে।





