আগন্তুক কুঁৱলীময় বতৰৰ পৰিপ্ৰেক্ষিতত ৰে’ল পৰিচালন সুৰক্ষিত আৰু সুগম কৰাৰ উদ্দেশ্যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১ ডিচেম্বৰ ২০২৫ৰ পৰা ৩ মাৰ্চ ২০২৬লৈ নিৰ্বাচিত কিছুসংখ্যক ৰে’লৰ বাতিলকৰণ আৰু ফ্ৰিকুৱেন্সি হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উত্তৰ আৰু পূব ভাৰতত দৃশ্যমানতা নিম্নতম হোৱাৰ সময়চোৱাত যাত্ৰীৰ সুৰক্ষা, সময়ানুৱৰ্তিতা তথা পৰিচালন কাৰ্যক্ষমতা নিশ্চিত কৰাৰ উদ্দেশ্যে এই সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ৰে’ল সেৱাৰ বাতিলকৰণ:
ৰে’ল নং ১৫৯০৩ (ডিব্ৰুগড়–চণ্ডীগড়) এক্সপ্ৰেছ ১ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব, আনহাতে উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ১৫৯০৪ (চণ্ডীগড়–ডিব্ৰুগড়) এক্সপ্ৰেছ ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ১ মাৰ্চ ২০২৬লৈ বাতিল থাকিব।
ৰে’ল নং ১৫৬২০ (কামাখ্যা–গয়া) এক্সপ্ৰেছ ১ ডিচেম্বৰ ২০২৫ৰ পৰা ২৩ ফেব্ৰুৱাৰী ২০২৬ লৈ আৰু ৰে’ল নং ১৫৬১৯ (গয়া–কামাখ্যা) এক্সপ্ৰেছ ২ ডিচেম্বৰ ২০২৫ৰ পৰা ২৪ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।
একেদৰে, ৰে’ল নং ১৫৬২১ (কামাখ্যা–আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ ৪ ডিচেম্বৰ ২০২৫ৰ পৰা ২৬ ফেব্ৰুৱাৰী ২০২৬লৈ আৰু উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল–কামাখ্যা) এক্সপ্ৰেছ ৫ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।
ৰে’ল সেৱাৰ ফ্ৰিকুৱেন্সি হ্ৰাস:
ৰে’ল নং ১২৫০৫ (কামাখ্যা–আনন্দ বিহাৰ টাৰ্মিনেল) নৰ্থ ইষ্ট এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু দেওবাৰে ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ২৫ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল নং ১২৫০৬ (আনন্দ বিহাৰ টাৰ্মিনেল–কামাখ্যা) নৰ্থ ইষ্ট এক্সপ্ৰেছ প্ৰতি শুকুৰবাৰ আৰু মঙলবাৰে ৫ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।
ৰে’ল নং ১৫৪৮৩ (আলিপুৰদুৱাৰ–দিল্লী) চিকিম মহানন্দা এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু শনিবাৰে ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল নং ১৫৪৮৪ (দিল্লী–আলিপুৰদুৱাৰ) চিকিম মহানন্দা এক্সপ্ৰেছ প্ৰতি শুকুৰবাৰ আৰু সোমবাৰে ৫ ডিচেম্বৰ ২০২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।
ৰে’ল নং ১২৫২৩ (নিউ জলপাইগুড়ী–নিউ দিল্লী) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২ ডিচেম্বৰ ২০২৫ৰ পৰা ২৪ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল নং ১২৫২৪ (নিউ দিল্লী–নিউ জলপাইগুড়ী) এক্সপ্ৰেছ প্ৰতি বুধবাৰে ৩ ডিচেম্বৰ ২০২৫ৰ পৰা ২৫ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব।
ৰে’ল নং ১৫৯০৯ (ডিব্ৰুগড়–লালগড় জং.) অৱধ অসম এক্সপ্ৰেছ প্ৰতি শনিবাৰে ৬ ডিচেম্বৰ ২০২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৬লৈ বাতিল থাকিব। একেদৰে, ৰে’ল নং ১৫৯১০ (লালগড় জং.–ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ৯ ডিচেম্বৰ ২০২৫ৰ পৰা ৩ মাৰ্চ ২০২৬লৈ বাতিল থাকিব।
এই ৰে’লসমূহৰ বাতিল আৰু ফ্ৰিকুৱেন্সি হ্ৰাসৰ বিস্তৃত তথ্য আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।





