• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একেলগে থাকিও অকলশৰীয়া অনুভৱ হয়? সম্পৰ্কৰ নতুন বিপদ কি এই ‘ছাইক’লজিকেল ঘোষ্টিং’?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2025 7:37 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলোতো ঠিকেই চলি আছিল। দৈনিক কথা-বতৰা, দেখা-সাক্ষাৎ, বাৰ্তা আদান-প্ৰদান। কিন্তু হঠাৎ সকলো সলনি হৈ গ’ল। উত্তৰ আহে, কিন্তু বহুত দেৰিকৈ। কথা-বতৰাত আগৰ দৰে উত্তাপ নাই। ফোন কৰিলে এনে লাগে যেন সোনকালে ফোনটো কাটি দিয়া বা এৰাই চলাটোৱে নিয়ম। মানুহজন আপোনাৰ কাষত বহি আছে যদিও এনে লাগে যেন তেওঁ হাজাৰ মাইল দূৰত আছে। সম্পৰ্কত থাকিও এই যে নথকাৰ দৰে অনুভৱ, মনোবিজ্ঞানৰ জগতত ইয়াকেই ‘ছাইক’লজিকেল ঘোষ্টিং’ বুলি কোৱা হয়।

ই হৈছে, কোনো ধৰণৰ ব্যাখ্যা নোহোৱাকৈ হঠাতে সম্পৰ্কৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যোৱা, সকলো যোগাযোগ বন্ধ কৰি দিয়া। কিন্তু ছাইক’লজিকেল ঘোষ্টিং অধিক সূক্ষ্ম আৰু বহুত বেছি যন্ত্ৰণাদায়ক। এনে ক্ষেত্ৰত সম্পৰ্ক কাগজে-কলমে শেষ নহয়। ব্যক্তিজন আপোনাৰ জীৱনৰ পৰা নোহোৱা হৈ নাযায়, কিন্তু তেওঁৰ মানসিক আৰু আৱেগিক উপস্থিতি সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। শাৰীৰিকভাৱে উপস্থিত থকাৰ সময়তো তেওঁ আপোনাক বুজাই দিয়ে যে তেওঁৰ এই সম্পৰ্কত আৰু কোনো আগ্ৰহ নাই। মনোবিজ্ঞানীসকলৰ মতে এয়া এক প্ৰকাৰৰ পৰোক্ষ আগ্ৰাসন, য’ত প্ৰত্যক্ষ সংঘাতৰ পৰা হাত সাৰিবলৈ আনজনক মানসিকভাৱে দূৰলৈ ঠেলি দিয়া হয়।

Apply Now

এই মানসিক চাপৰ বলি হোৱা ব্যক্তিজনৰ মনত ইয়াৰ প্ৰভাৱ অতি গভীৰ। প্ৰথমতে তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি হয়। যিহেতু আনুষ্ঠানিকভাৱে সম্পৰ্ক শেষ হোৱা নাই, গতিকে কি হৈছে তেওঁ বুজিব পৰা নাই। তেওঁ ভাবিবলৈ আৰম্ভ কৰে, ‘মই কিবা ভুল কৰিলোঁ নেকি?’, ‘মোৰ আচৰণত কোনো সমস্যা হৈছে নেকি?’- এনে প্ৰশ্নই তেওঁক খুলি খুলি খাবলৈ আৰম্ভ কৰে। আত্মবিশ্বাসত গুৰুতৰ ফাট মেলে।

এই কামৰ ফলত কোনো স্পষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাযায়। চিধাচিধি বিচ্ছেদ সঁচাকৈয়ে বেদনাদায়ক, কিন্তু অন্ততঃ ব্যক্তিজনে জানে যে সম্পৰ্ক শেষ। কিন্তু এই ক্ষেত্ৰত মনটো আবদ্ধ হৈ পৰে আশা আৰু হতাশাৰ এক অদ্ভুত দোলনাত। এই অনিশ্চয়তাই দীৰ্ঘম্যাদী উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি কৰে। কিছুমান ক্ষেত্ৰত ই হতাশাৰ দিশলৈও ঠেলি দিব পাৰে। যিহেতু সম্পৰ্কটো এতিয়াও সমাজৰ দৃষ্টিত আছে, গতিকে নিজৰ দুখবোৰ আনৰ লগত ভাগ কৰাটো কঠিন হৈ পৰে।

মনোবিজ্ঞানীসকলৰ মতে এই ধৰণৰ আচৰণ প্ৰধানকৈ সেইসকলে কৰে যিসকলে প্ৰত্যক্ষ সংঘাত বা কঠিন আলোচনাৰ পৰা আঁতৰি থাকিব বিচাৰে। তেওঁলোকৰ মানসিক পৰিপক্কতাৰ অভাৱ। তেওঁলোকে নিজেই অস্বস্তিকৰ পৰিস্থিতিৰ পৰা পলায়ন কৰিব বিচাৰে, কিন্তু ইয়াৰ দ্বাৰা আনজনৰ ওপৰত কিমান গুৰুতৰ প্ৰভাৱ পৰিছে সেই বিষয়ে তেওঁলোকে নাভাবে বা তেওঁলোকৰ এই বিষয়ে চিন্তা কৰাৰ মানসিক ক্ষমতা নাথাকে। বহু সময়ত সম্পৰ্কৰ প্ৰতি আগ্ৰহ হেৰুৱাইও মানুহে এই পথ বাছি লয় আৰু বিচ্ছেদ কৰিবলৈ সাহস গোটাব নোৱাৰে।

গতিকে, এইটো সাধাৰণ মন বেয়া হোৱাৰ বিষয় নহয়। ‘ছাইক’লজিকেল ঘোষ্টিং’ৰ বলি হোৱাসকলৰ বাবে ই মানসিক স্বাস্থ্যৰ নীৰৱ ঘাতক। এই সমস্যাৰ পৰা হাত সাৰিবলৈ নিজৰ আত্মসন্মানক গুৰুত্ব দিয়া আৰু প্ৰয়োজন হ’লে কঠিন সিদ্ধান্ত লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকে। মনোবিজ্ঞানীসকলে কয় যে তাতোকৈ সম্পৰ্কটো ভাঙি পেলোৱাটোৱেই ভাল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd