সকলোতো ঠিকেই চলি আছিল। দৈনিক কথা-বতৰা, দেখা-সাক্ষাৎ, বাৰ্তা আদান-প্ৰদান। কিন্তু হঠাৎ সকলো সলনি হৈ গ’ল। উত্তৰ আহে, কিন্তু বহুত দেৰিকৈ। কথা-বতৰাত আগৰ দৰে উত্তাপ নাই। ফোন কৰিলে এনে লাগে যেন সোনকালে ফোনটো কাটি দিয়া বা এৰাই চলাটোৱে নিয়ম। মানুহজন আপোনাৰ কাষত বহি আছে যদিও এনে লাগে যেন তেওঁ হাজাৰ মাইল দূৰত আছে। সম্পৰ্কত থাকিও এই যে নথকাৰ দৰে অনুভৱ, মনোবিজ্ঞানৰ জগতত ইয়াকেই ‘ছাইক’লজিকেল ঘোষ্টিং’ বুলি কোৱা হয়।
ই হৈছে, কোনো ধৰণৰ ব্যাখ্যা নোহোৱাকৈ হঠাতে সম্পৰ্কৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যোৱা, সকলো যোগাযোগ বন্ধ কৰি দিয়া। কিন্তু ছাইক’লজিকেল ঘোষ্টিং অধিক সূক্ষ্ম আৰু বহুত বেছি যন্ত্ৰণাদায়ক। এনে ক্ষেত্ৰত সম্পৰ্ক কাগজে-কলমে শেষ নহয়। ব্যক্তিজন আপোনাৰ জীৱনৰ পৰা নোহোৱা হৈ নাযায়, কিন্তু তেওঁৰ মানসিক আৰু আৱেগিক উপস্থিতি সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। শাৰীৰিকভাৱে উপস্থিত থকাৰ সময়তো তেওঁ আপোনাক বুজাই দিয়ে যে তেওঁৰ এই সম্পৰ্কত আৰু কোনো আগ্ৰহ নাই। মনোবিজ্ঞানীসকলৰ মতে এয়া এক প্ৰকাৰৰ পৰোক্ষ আগ্ৰাসন, য’ত প্ৰত্যক্ষ সংঘাতৰ পৰা হাত সাৰিবলৈ আনজনক মানসিকভাৱে দূৰলৈ ঠেলি দিয়া হয়।
এই মানসিক চাপৰ বলি হোৱা ব্যক্তিজনৰ মনত ইয়াৰ প্ৰভাৱ অতি গভীৰ। প্ৰথমতে তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি হয়। যিহেতু আনুষ্ঠানিকভাৱে সম্পৰ্ক শেষ হোৱা নাই, গতিকে কি হৈছে তেওঁ বুজিব পৰা নাই। তেওঁ ভাবিবলৈ আৰম্ভ কৰে, ‘মই কিবা ভুল কৰিলোঁ নেকি?’, ‘মোৰ আচৰণত কোনো সমস্যা হৈছে নেকি?’- এনে প্ৰশ্নই তেওঁক খুলি খুলি খাবলৈ আৰম্ভ কৰে। আত্মবিশ্বাসত গুৰুতৰ ফাট মেলে।
এই কামৰ ফলত কোনো স্পষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাযায়। চিধাচিধি বিচ্ছেদ সঁচাকৈয়ে বেদনাদায়ক, কিন্তু অন্ততঃ ব্যক্তিজনে জানে যে সম্পৰ্ক শেষ। কিন্তু এই ক্ষেত্ৰত মনটো আবদ্ধ হৈ পৰে আশা আৰু হতাশাৰ এক অদ্ভুত দোলনাত। এই অনিশ্চয়তাই দীৰ্ঘম্যাদী উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি কৰে। কিছুমান ক্ষেত্ৰত ই হতাশাৰ দিশলৈও ঠেলি দিব পাৰে। যিহেতু সম্পৰ্কটো এতিয়াও সমাজৰ দৃষ্টিত আছে, গতিকে নিজৰ দুখবোৰ আনৰ লগত ভাগ কৰাটো কঠিন হৈ পৰে।
মনোবিজ্ঞানীসকলৰ মতে এই ধৰণৰ আচৰণ প্ৰধানকৈ সেইসকলে কৰে যিসকলে প্ৰত্যক্ষ সংঘাত বা কঠিন আলোচনাৰ পৰা আঁতৰি থাকিব বিচাৰে। তেওঁলোকৰ মানসিক পৰিপক্কতাৰ অভাৱ। তেওঁলোকে নিজেই অস্বস্তিকৰ পৰিস্থিতিৰ পৰা পলায়ন কৰিব বিচাৰে, কিন্তু ইয়াৰ দ্বাৰা আনজনৰ ওপৰত কিমান গুৰুতৰ প্ৰভাৱ পৰিছে সেই বিষয়ে তেওঁলোকে নাভাবে বা তেওঁলোকৰ এই বিষয়ে চিন্তা কৰাৰ মানসিক ক্ষমতা নাথাকে। বহু সময়ত সম্পৰ্কৰ প্ৰতি আগ্ৰহ হেৰুৱাইও মানুহে এই পথ বাছি লয় আৰু বিচ্ছেদ কৰিবলৈ সাহস গোটাব নোৱাৰে।
গতিকে, এইটো সাধাৰণ মন বেয়া হোৱাৰ বিষয় নহয়। ‘ছাইক’লজিকেল ঘোষ্টিং’ৰ বলি হোৱাসকলৰ বাবে ই মানসিক স্বাস্থ্যৰ নীৰৱ ঘাতক। এই সমস্যাৰ পৰা হাত সাৰিবলৈ নিজৰ আত্মসন্মানক গুৰুত্ব দিয়া আৰু প্ৰয়োজন হ’লে কঠিন সিদ্ধান্ত লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকে। মনোবিজ্ঞানীসকলে কয় যে তাতোকৈ সম্পৰ্কটো ভাঙি পেলোৱাটোৱেই ভাল।





