• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ভুইয়াপাৰা বনাঞ্চলৰ অন্তৰ্গত পূৰ্বৰ কোকিলাবাৰী বীজ পামৰ ৩,৫৫৬.৩২ বিঘা ভূমি বৰ্তমানো অবৈধ দখলৰ কবলত থকাৰ ফলত বিপন্ন হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2026 9:48 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অধিসূচিত মূল বনাঞ্চলৰ এক বৃহৎ অংশ বছৰ বছৰ ধৰি অবৈধ দখলৰ কবলত আছে। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই (এনটিচিএ) এই সন্দৰ্ভত অসম চৰকাৰ আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ) কৰ্তৃপক্ষক ধাৰাবাহিকভাৱে সকীয়নি প্ৰদান কৰি অহাৰ পাছতো সমস্যাটোৰ আজিকোপতি কোনো সমাধান হোৱা নাই। পোহৰলৈ অহা চৰকাৰী নথিপত্ৰই উদঙাই দিছে যে মানাহৰ দৰে এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু পৰিচালনাক লৈ সংশ্লিষ্ট কৰ্তৃপক্ষই চৰম অৱহেলা প্ৰদৰ্শন কৰিছে।

 

Apply Now

যোৱা ৩০ জুলাই, ২০২৬ তাৰিখে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই অসমৰ মুখ্য সচিব ড° ৰবি কোটালৈ এখন পত্ৰ প্ৰেৰণ কৰি মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ভুইয়াপাৰা বনাঞ্চলৰ অন্তৰ্গত পূৰ্বৰ কোকিলাবাৰী বীজ পামৰ ৩,৫৫৬.৩২ বিঘা ভূমিৰ বেদখল সন্দৰ্ভত পুনৰবাৰ উদ্বেগ প্ৰকাশ কৰে। পত্ৰখনত উল্লেখ কৰা অনুসৰি, কৰ্তৃপক্ষই ইয়াৰ পূৰ্বেও যোৱা ১১ জুন, ২০২৬ তাৰিখে মুখ্য সচিবলৈ আৰু ৪ জুন, ২০২৬ তাৰিখে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনলৈ অনুৰূপ পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু এই স্পৰ্শকাতৰ বিষয়টোত বৰ্তমানলৈকে কি পৰ্যায়ৰ অগ্ৰগতি হৈছে, সেই সম্পৰ্কে কৰ্তৃপক্ষ অৱগত নহয় বুলি পত্ৰখনত স্পষ্ট কৰি দিয়া হৈছে।

 

ব্যাঘ্ৰ প্ৰকল্পটোৰ কাৰ্যকৰী সুৰক্ষা, সুচাৰু পৰিচালনা আৰু পাৰিপাৰ্শ্বিক পুনৰুদ্ধাৰৰ স্বাৰ্থত কোকিলাবাৰী বীজ পামৰ অধীনত থকা উক্ত ভূমি তৎকালীনভাৱে মানাহ ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষক হস্তান্তৰ কৰিবলৈ এনটিচিএই মুখ্য সচিবগৰাকীৰ ব্যক্তিগত হস্তক্ষেপ বিচাৰিছে। বন বিভাগৰ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, উক্ত ভূমি বন বিভাগক হস্তান্তৰ কৰাৰ বাবে ২০২২ চনৰ ১৩ জানুৱাৰী আৰু ২০২৩ চনৰ ২৬ মে’ তাৰিখে বিটিআৰ চৰকাৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনোৱা হৈছিল। কিন্তু বিটিআৰ পৰিষদীয় চৰকাৰে এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ ফলতেই অনাকাংক্ষিত আইনী জটিলতাৰ সৃষ্টি হৈছে আৰু এই ভূমিয়ে মূল বনাঞ্চলৰ পৰিৱেশ তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে।

 

প্ৰায় ৯.৩ বৰ্গ কিলোমিটাৰ আৱৰি থকা এই বেদখলকৃত এলেকাটো বিশ্বৰ অতি বিপন্ন চৰাইৰ প্ৰজাতি ‘বেংগল ফ্ল’ৰিকান’ৰ এক গুৰুত্বপূৰ্ণ আৱাসস্থলী। ২০০১ চনতে লীজৰ ম্যাদ উকলি যোৱাৰ পাছত এই কৃষিভূমি মানাহ ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষক ঘূৰাই দিয়াৰ কথা আছিল যদিও সেয়া কাৰ্যকৰী নহ’ল। বৰ্তমান বিটিআৰ চৰকাৰে এই ভূমি পুনৰ কৃষিকাৰ্যৰ বাবে লীজত প্ৰদান কৰিছে। ইয়াৰ ফলশ্ৰুতিত আইইউচিএনৰ ‘ৱৰ্ল্ড হেৰিটেজ আউটলুক ৪ (২০২৫)’ প্ৰতিবেদনতো মানাহ ৰাষ্ট্ৰীয় উদ্যানক ‘গুৰুতৰ উদ্বেগৰ’ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

 

আইইউচিএনৰ প্ৰতিবেদনখনত ভুইয়াপাৰা আৰু পানবাৰী বনাঞ্চলত অব্যাহত থকা বেদখল, অবৈধ কৃষিকাৰ্য আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ফলত বন্যপ্ৰাণীৰ আৱাসস্থলী ক্ৰমাগতভাৱে ধ্বংস হৈ অহাৰ দিশটো আঙুলিয়াই দিয়া হৈছে। বৰ্তমান ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ এই কঠোৰ নিৰ্দেশনাৰ পাছত ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনে এই বৃহৎ ভূমি বেদখলমুক্ত কৰি মানাহৰ মূল বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কেনে আইনী আৰু প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd