• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

টুৱেনচাঙৰ অসামৰিক চিকিৎসালয়ত ৯ জনৰ মৃত্যুৰ পাছতে ৰাজ্যৰ সাতখন জিলাৰ ৰাইজক সুৰাপানৰ পৰা বিৰত থাকিবলৈ আহ্বান আৰক্ষী সঞ্চালকপ্ৰধান ৰুপিন শৰ্মাৰ; পুনৰ চৰ্চালৈ ১৯৮৯ চনৰ সুৰা নিবাৰণী আইন

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2026 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ টুৱেনচাং জিলাত বিষাক্ত সুৰাপানৰ ফলত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাত কমেও নজন লোকৰ মৃত্যু হৈছে। দেওবাৰে টুৱেনচাঙৰ অসামৰিক চিকিৎসালয়ত এই মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে নাগালেণ্ড আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰুপিন শৰ্মাই সমগ্ৰ ৰাজ্যজুৰি এক ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, টুৱেনচাং জিলাৰ পৰা লাভ কৰা এই উদ্বেগজনক খবৰৰ পাছতে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক অনুসন্ধানত এই মৃত্যু বিষাক্ত সুৰাপানৰ ফলতেই হোৱা বুলি সন্দেহ কৰা হৈছে।

 

Apply Now

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সঞ্চালকপ্ৰধান শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণলৈ এক বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে। তেওঁ বিশেষকৈ মন, মোককচাং, টুৱেনচাং, লংলেং, কিফিৰে, ছামাটৰ আৰু নকলাক জিলাৰ ৰাইজক পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে সুৰাপানৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও পৰিস্থিতি স্পষ্ট নোহোৱা পৰ্যন্ত ৰাজ্যখনৰ আন জিলাসমূহৰ জনসাধাৰণকো সুৰা সেৱন নকৰিবলৈ তেওঁ অনুৰোধ কৰিছে।

 

এই শোকাৱহ ঘটনাই ১৯৯০ চনৰ পৰা বলৱৎ হোৱা ‘নাগালেণ্ড সুৰা সম্পূৰ্ণ নিবাৰণী আইন, ১৯৮৯’ খনক পুনৰবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ লৈ আহিছে। গীৰ্জা আৰু নাগৰিক সমাজৰ প্ৰবল দাবীৰ পাছত সমাজ সংস্কাৰ, ঘৰুৱা হিংসা হ্ৰাস আৰু অপৰাধ নিয়ন্ত্ৰণৰ লক্ষ্যৰে এই আইনখন প্ৰৱৰ্তন কৰা হৈছিল। প্ৰথমাৱস্থাত ইয়াক নগা সমাজৰ খ্ৰীষ্টান মূল্যবোধৰ সৈতে সংগতি ৰাখি এক নৈতিক সফলতা হিচাপে গণ্য কৰা হৈছিল যদিও ৩৫ বছৰৰ পাছত এই আইনখনে নিজৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হোৱা বুলি ৰাজ্যিক বিধানসভাতে স্বীকাৰ কৰা হৈছে।

 

শেহতীয়াকৈ নাগালেণ্ড বিধানসভাত আবকাৰী বিভাগৰ উপদেষ্টা মোৱাতোছি লংকুমেৰে প্ৰকাশ কৰা অনুসৰি, কেৱল ডিমাপুৰ আৰু কহিমাতেই পান-তামোল আৰু শীতল পানীয়ৰ দোকানৰ আঁৰত শ শ অবৈধ সুৰাৰ ঘাটি গঢ়ি উঠিছে। এক সমীক্ষাত কেৱল কহিমাৰ ১৯টা ৱাৰ্ডতেই এনে ৫ শতাধিক ঘাটি থকাৰ তথ্য পোহৰলৈ আহিছে। আবকাৰী বিভাগৰ প্ৰতিবেদন অনুসৰি, গুণগত মানৰ নিয়ন্ত্ৰণ নথকাৰ বাবে বজাৰত ভেজাল আৰু নিম্নমানৰ সুৰাৰ পয়োভৰ ঘটিছে, যিয়ে যুৱপ্ৰজন্মক অকাল মৃত্যুৰ মুখলৈ ঠেলি দিছে। অসম-নাগালেণ্ড সীমান্তৰ সুৰুঙাৰে লহৰিজানৰ দৰে সীমান্তৱৰ্তী চহৰসমূহত সুৰা মাফিয়া আৰু অপৰাধী চক্ৰই নিজৰ ঘাটি স্থাপন কৰিছে। আইনখনৰ বাবে সুৰাৰ মূল্য অত্যধিক বৃদ্ধি পোৱাৰ ফলত বহু যুৱকে সস্তীয়া অথচ মাৰাত্মক ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হবলৈ ধৰিছে। ইয়াৰ ফলত ৰাজ্যখনে প্ৰতি বছৰে শ শ কোটি টকাৰ ৰাজহ হেৰুৱাৰ লগতে পৰ্যটন আৰু আতিথ্য খণ্ডতো বিৰূপ প্ৰভাৱ পৰিছে।

 

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে বিধানসভাত স্পষ্ট কৰি দিছিল যে চৰকাৰে সুৰাৰ বিক্ৰী নিয়ন্ত্ৰণ কৰিব পাৰে, কিন্তু ব্যক্তিগত পচন্দৰ বিষয় হিচাপে ব্যক্তিক সুৰাপানৰ পৰা সম্পূৰ্ণৰূপে বাৰণ কৰিব নোৱাৰে। চাহিদা থকালৈকে যোগান অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰিছিল। সাম্প্ৰতিক পৰিস্থিতিত এছ’চিয়েশ্যন অৱ কহিমা মিউনিচিপাল ৱাৰ্ডছ কাউন্সিলকে ধৰি কেইবাটাও সংগঠনে বৰ্তমানৰ ৰূপত থকা সুৰা নিবাৰণী আইনখন বাতিল কৰি ইয়াৰ পৰিৱৰ্তে এক কঠোৰ অনুজ্ঞাপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাইছে। তেওঁলোকে জিলাভিত্তিক সুৰাৰ বিপণীৰ সীমা নিৰ্ধাৰণ, বিদ্যালয় আৰু ধৰ্মীয় স্থানৰ কাষত বিক্ৰী নিষিদ্ধকৰণ, বয়সৰ প্ৰমাণীকৰণ, বিক্ৰীৰ সময় নিৰ্ধাৰণ আৰু ড্ৰাগছ নিৰাময় কেন্দ্ৰৰ বাবে আবকাৰী কৰৰ ধন ব্যয় কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। বৰ্তমান আৰক্ষীৰ তদন্তৰ অন্ততহে এই মৃত্যুৰ প্ৰকৃত কাৰণ  স্পষ্ট হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd