অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গুৰুতৰ সন্দেহ প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰে যে ৰাজনৈতিক সম্পৰ্ক থকা ব্যক্তিক সুৰক্ষা দিবলৈ তদন্ত আগবঢাই নিয়া হৈছে।
১৯ অক্টোবৰত বিৰোধী দলসমূহে আয়োজন কৰা গাৰ্গৰ স্মৃতিচাৰণ সভাত ভাষণ দি গগৈয়ে কয় যে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দলটোৱে ন্যায়িক জিম্মাত থকা নৰ্থইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৰক্ষনাবেক্ষণ দিয়া যেন লাগে।
গৌৰৱে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই এছ আই টিৰ জৰিয়তে যিদৰে তদন্ত আগুৱাই লৈ গৈছে, এনে অনুভৱ হৈছে যে মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্ক লুকুৱাবলৈকে এছ আই টি গঠন কৰিছিল।’
যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকাৰ সময়তে ৫২ বছৰীয়া জুবিন গাৰ্গৰ মৃত্যু হয়, য’ত তেওঁ চতুৰ্থ সংখ্যক নৰ্থইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল। ৰাজ্য আৰক্ষীৰ চি আই ডিৰ ১০ জনীয়া এছ আই টিয়ে এই গোচৰৰ তদন্ত কৰি আছে।
এই গোচৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, বেণ্ডৰ সদস্য শেখৰজ্যোতি গোস্বামী আৰু গায়িকা অমৃতপ্ৰভা মহন্ত, তেওঁৰ ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যকে ধৰি এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
শ্যামকানু মহন্ত অসমৰ প্ৰাক্তন ডিজিপি তথা বৰ্তমান অসম ৰাজ্যিক তথ্য আয়োগৰ মুৰব্বী ভাস্কৰ জ্যোতি মহন্তৰ কনিষ্ঠ ভাতৃ। আন এগৰাকী ভাতৃ ননী গোপাল মহন্তই পূৰ্বে মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য।
লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে তদন্তৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, “আইনী বিশেষজ্ঞসকলে, যিসকলে অপৰাধমূলক আইন, আদালত ব্যৱস্থাৰ বিষয়ে জানে, সকলোৱে তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে।” তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰীয়ে তদন্তত আগভাগ লৈছে আৰু তেওঁৰ ভাবমূৰ্তি ৰক্ষাৰ বাবে তেওঁ অধিক চিন্তিত যেন লাগে।”
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই গগৈয়ে কয় যে ৰাজ্যখনে ইয়াৰ জনসাধাৰণ, সংস্কৃতি, পৰিৱেশৰ বাবে সাহসেৰে কথা কোৱা এক কণ্ঠ হেৰুৱালে।





