যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পিছত পেলেষ্টাইনৰ গাজাত ইজৰাইলৰ নিৰ্বিচাৰ আক্ৰমণত ৯৭ জন লোক নিহত হৈছে। আন ২৩০ জন আহত হৈছে। হামাছ নিয়ন্ত্ৰিত গাজাৰ চৰকাৰী সংবাদ মাধ্যমৰ কাৰ্যালয়ে এই তথ্য প্ৰকাশ কৰিছে।
গাজাৰ সংবাদ মাধ্যমৰ কাৰ্যালয়েও কয় যে ইজৰাইলীসকলে এতিয়ালৈকে ৮০ বাৰ যুদ্ধবিৰতি চুক্তিৰ চৰ্ত উলংঘা কৰিছে।
২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠন হামাছে ইজৰাইলত আক্ৰমণ কৰিছিল। ইজৰাইলে দাবী কৰিছে যে ইয়াত ১১০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও প্ৰায় ২৫০ জন লোকক পণবন্দী কৰি গাজালৈ লৈ যোৱা হয়।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ বাহিনীয়ে সেইদিনাই গাজাত নিৰ্বিচাৰে আক্ৰমণ আৰম্ভ কৰে। দুবছৰ ধৰি এই আক্ৰমণত গাজাত নিহত লোকৰ সংখ্যা প্ৰায় ৬৮ হাজাৰ হৈছেগৈ।
শেহতীয়াকৈ হামাছ আৰু ইজৰাইলে গাজাত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ২০ দফীয়া শান্তি পৰিকল্পনা অনুসৰি কাৰ্যকৰী হৈছে যুদ্ধবিৰতি।
যুদ্ধবিৰতিৰ ফলত গাজাত ইজৰাইলৰ সামৰিক অভিযান বন্ধ হোৱাৰ কথা। ইয়াৰ বিনিময়ত হামাছে গাজাত পণবন্দী (জীৱিত আৰু মৃত) লোকক মুকলি কৰি দিব। প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ অধীনত চলি আছে এই জটিল প্ৰক্ৰিয়া।





