• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোক কেৱল অবৈধ বুলিয়েই নহয়, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ বাবেও এক চৰম আঘাত বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2026 11:48 am
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ বিক্ৰীৰ আঁৰত এখন সম্পূৰ্ণ ভুৱা চিকিৎসা মহাবিদ্যালয় চলি আছিল, আৰু সেই প্ৰতিষ্ঠানৰ চেয়াৰমেন হিচাপে বহি আছিল স্বয়ং এজন স্থানীয় চাহ বিক্ৰেতা! উত্তৰ প্ৰদেশৰ এনে অবিশ্বাস্য আৰু অত্যন্ত উদ্বেগজনক জালিয়াতিৰ ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোক কেৱল অবৈধ বুলিয়েই নহয়, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ বাবেও এক চৰম আঘাত বুলি অভিহিত কৰিছে। শীৰ্ষ আদালতে লগতে একে সময়তে বিশ্ববিদ্যালয় অনুদান আয়োগ বা ইউজিচিক চূড়ান্ত নিষ্ক্ৰিয়তাৰ বাবে তীব্ৰ ভৎৰ্সনা কৰিছে।

আদালতত দাখিল হোৱা তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ স্বঘোষিত চিকিৎসা মহাবিদ্যালয়খন দীৰ্ঘদিন ধৰি কোনো আইনী অনুমোদন বা আন্তঃগাঁথনি অবিহনে চলি আছিল আৰু সাধাৰণ ছাত্ৰ-ছাত্ৰীক ডিগ্ৰীৰ প্ৰলোভন দেখুৱাই লাখ লাখ টকা আত্মসাৎ কৰা হৈছিল।

Apply Now

আটাইতকৈ চকু কপালত তুলিব পৰা কথাটো হ’ল সেই স্থানীয় চাহ বিক্ৰেতাজনক প্ৰতিষ্ঠানটোৰ মুৰব্বী পদত বহুওৱা হৈছিল যিজন প্ৰকৃত প্ৰৱঞ্চকসকলৰ হাতৰ পুতলা হিচাপে ব্যৱহাৰ হৈছিল। ন্যায়ধীশসসকলে আশ্চৰ্য্য প্ৰকাশ কৰি কয়, য’ত সাধাৰণ মানুহৰ জীৱন আৰু ভৱিষ্যত জড়িত হৈ আছে, তাত চাহ বিক্ৰেতা এজন নিজে কেনেকৈ চিকিৎসা মহাবিদ্যালয়ৰ মুৰব্বী হৈ বহি থাকিব পাৰে?

এই ঘটনাত উচ্চতম ন্যায়ালয়ে কেৱল উত্তৰ প্ৰদেশ চৰকাৰকে নহয়, ইউজিচিৰ দায়িত্বহীন ভূমিকাক লৈও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। ন্যায়াধীশসকলে স্পষ্টকৈ সকীয়াই দিয়ে, নাকৰ তলতে কেনেকৈ দিনক দিনে গঢ়ি উঠিছে এনে ভুৱা উচ্চ শিক্ষানুষ্ঠান আৰু কিয় কুম্ভকৰ্ণৰ দৰে শুই আছে ইউ জি চি? কেৱল জাননী প্ৰেৰণ বা ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰি আয়োগে নিজৰ দায়িত্বৰ পৰা আঁতৰি থাকিব নোৱাৰে।

আদালতে নিৰ্দেশ দিয়ে যে অপৰাধমূলক আইনৰ অধীনত এনে অকৰ্তৃত্বশীল ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে তৎকালীনভাৱে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ মূল ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিব লাগিব।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে এনে জঘন্য খেল কোনো ধৰণে সহ্য কৰা নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd