ছৌদি আৰৱৰ পবিত্ৰ চহৰ মক্কাৰ মছজিদৰ ভিতৰত ‘অনৈতিক কাৰ্য’ আৰু পবিত্ৰতা আৰু মৰ্যাদা উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে দুজন বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে। এই ঘটনাত অভিযুক্ত মহিলা আৰু পুৰুষক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিছে ছৌদি চৰকাৰে। স্থানীয় ন্যায়িক আদালতে এই অপৰাধ প্ৰমাণ কৰাৰ পিছতে মক্কা অঞ্চলত ৰাজকীয় আদেশৰ দ্বাৰা এই শাস্তি কৰ্যকৰী কৰা হয়।
ছৌদি আৰৱৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰে মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়। চৌদি আৰৱস্থিত সংবাদ মাধ্যম ‘আজেল’ৰ এক প্ৰতিবেদন অনুসৰি ছৌদি গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে মৃত্যুদণ্ড দিয়া বাংলাদেশী নাগৰিক দুজনৰ নাম নজৰুল ইছলাম আব্দুল বাছিৰ আৰু সীথি আখতাৰ। এটা মছজিদৰ ভিতৰত অনৈতিক কাণ্ডৰ বাবে তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল। বাংলাদেশত তেওঁলোকৰ ঘৰ ক’ত সেয়া জানিব পৰা হোৱা নাই।
ছৌদি আৰৱৰ গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে মক্কাৰ মছজিদত স্থান আৰু কালৰ পবিত্ৰতা আৰু মৰ্যাদা উলংঘা কৰি অনৈতিক কাম কৰাৰ অভিযোগত ছৌদি নিৰাপত্তা বাহিনীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছিল।
তদন্তৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰি গোচৰটো আদালতলৈ প্ৰেৰণ কৰা হয়। গোচৰৰ বিচাৰৰ অন্তত আদালতে কয় যে পবিত্ৰ উপাসনা স্থানৰ ভিতৰত এনেধৰণৰ অপৰাধ অতি গুৰুতৰ আৰু স্থান আৰু কালৰ পবিত্ৰতাৰ তীব্র উলংঘা। অপৰাধৰ ভয়াৱহতা বিবেচনা কৰি আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি আইনী অধিকাৰ অনুযায়ী মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।
বিবৃতিটোত কোৱা হৈছে যে আদালতে তেওঁলোকক বিবেচনামূলক শাস্তি হিচাপে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পিছত সংশ্লিষ্ট উচ্চ ন্যায়ালয়ে এই ৰায়ক সমৰ্থন কৰে। তাৰ পিছত শাস্তি কাৰ্যকৰী কৰাৰ বাবে ৰাজকীয় আদেশ জাৰি কৰা হয়। ইয়াৰ পিছত বুধবাৰে মক্কা অঞ্চলত দুয়োকে আনুষ্ঠানিকভাৱে মৃত্যুদণ্ড দিয়া হয়।
ছৌদি আৰৱৰ গৃহ মন্ত্ৰালয়ে লগতে কয় যে যিসকলে মছজিদৰ পবিত্ৰতা উলংঘা কৰি তাত অনৈতিক কামত লিপ্ত হয় তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। এনে অপৰাধৰ পুনৰাবৃত্তি ৰোধ কৰাৰ লগতে নিৰাপত্তা আৰু ন্যায় সুনিশ্চিত কৰাৰ বাবে আইনখন কঠোৰভাৱে বলবৎ কৰা হ’ব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।
গৃহ মন্ত্ৰালয়ে লগতে সকীয়াই দিয়ে যে ভৱিষ্যতে যিকোনো ব্যক্তিয়ে এনে অপৰাধ সংঘটিত কৰিবলৈ চেষ্টা কৰিলে ভয়াৱহ আইনী পৰিণতিৰ সন্মুখীন হ’ব লাগিব। কিন্তু ছৌদি গৃহ মন্ত্ৰালয়ৰ বিবৃতিত বাংলাদেশী নাগৰিক দুজনৰ বিৰুদ্ধে কি নিৰ্দিষ্ট ধৰণৰ অনৈতিক কাণ্ডৰ অভিযোগ উত্থাপন কৰা হৈছে সেই সন্দৰ্ভত সবিশেষ তথ্য দিয়া হোৱা নাই। মক্কাৰ কোনটো মছজিদত এই ঘটনা সংঘটিত হৈছে সেই কথাও প্ৰতিবেদনত উল্লেখ কৰা হোৱা নাই।


