হংকং আন্তৰ্জাতিক বিমানবন্দৰত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। ডুবাইৰ পৰা যোৱা এমিৰেটছ এয়াৰলাইনছৰ কাৰ্গো ফ্লাইট EK9788 অৱতৰণৰ সময়ত ৰানৱে’ৰ পৰা পিছলি সমুদ্ৰত গৈ পৰে। বিমানখনত পাইলটসহ চাৰিজন ক্ৰুমেম্বাৰ আছিল আৰু ইতিমধ্যে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত দুজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আৰু মৃত দুজনৰ ভিতৰত এজন বিমানবন্দৰৰ কৰ্মী আছিল বুলি জানিব পৰা গৈছে।
বিমানবন্দৰ কৰ্তৃপক্ষৰ বিবৃতি অনুসৰি, পুৱাৰ সময়ত বতৰ কিছু প্ৰতিকূল আছিল। সেয়ে অৱতৰণৰ সময়ত বিমানখন নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰানৱে’ত পিছলি যায়। ইয়াৰ ফলত বিমানখন ৰানৱে’ত থকা এখন গাড়ীৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত সমুদ্ৰত গৈ পৰে। গাড়ীখনত থকা দুজনৰ মৃত্যু হৈছে, য’ত এজন বিমানবন্দৰৰ কৰ্মী হিচাপে নিশ্চিত হৈছে আৰু আনজনৰ পৰিচয় উদ্ধাৰৰ চেষ্টা চলি আছে। প্ৰাপ্ত তথ্য অনুসৰি হংকং আৰক্ষী বাহিনীয়ে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আাৰু দুৰ্ঘটনাৰ পিছত বিমানখনত থকা চাৰিগৰাকী ক্ৰু মেম্বাৰক সমুদ্ৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পঠোৱা হৈছে।
এমিৰেটছ এয়াৰলাইনছৰ বিবৃতি অনুসৰি, কোনো ক্ৰু মেম্বাৰৰ আঘাত গুৰুতৰ নহয় আৰু বিমানখনত কোনো কাৰ্গো বা পণ্য নাআছিল। দুৰ্ঘটনাৰ পতিত হোৱা বিমানবন্দৰৰ উত্তৰ ৰানৱে’ বন্ধ কৰি দিয়া হৈছে যদিও আন দুটা ৰানৱে’ত বিমানৰ উৰণ-অৱতৰণ স্বাভাৱিকভাৱে চলি আছে বুলি সদৰী কৰিছে।





