• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰ্ভৱতী আলবেনিয়াৰ AI মন্ত্ৰী, জন্ম দিব একেলগে ৮৩টা সন্তান! প্ৰধানমন্ত্ৰীয়ে নিজেই কৰিলে ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2025 10:23 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা এটা চৰিত্ৰক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। সেই ‘এ আই’ মানৱীয়েই হেনো গৰ্ভৱতী! আলবেনিয়াৰ প্ৰধানমন্ত্ৰী এডি ৰামাই নিজেই এই কথা ঘোষণা কৰে। তেওঁ কয় যে তেওঁৰ চৰকাৰৰ ‘এ আই’ মানৱী মন্ত্ৰীজনৰ এটা বা যমজ সন্তান নহয়, এবাৰতে ৮৩টা সন্তান হ’ব, যিয়ে মাতৃৰ দৰে চৰকাৰৰ বাবে কাম কৰিব।

শেহতীয়াকৈ আলবেনিয়াই এগৰাকী ‘এআই’ মানৱীক দেশৰ মন্ত্ৰী হিচাপে ঘোষণা কৰি আলোড়ণৰ সৃষ্টি কৰে। সেই সময়ত কোৱা হৈছিল যে দুৰ্নীতি ৰোধৰ বাবে এনে সিদ্ধান্ত লোৱা হৈছে। সেই ‘এ আই’ মানৱীৰ নাম হৈছে ডিয়েলা।

Apply Now

আলবেনিয়াৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে যে ডিয়েলাৰ ৮৩টা সন্তান হ’ব। তেওঁ কয় যে ডিয়েলাৰ প্ৰতিটো সন্তানে তেওঁৰ ছ’চিয়েলিষ্ট পাৰ্টিৰ প্ৰতিজন জনপ্ৰতিনিধিৰ সহায়ক হিচাপে কাম কৰিব।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত থিয় হৈ এডিয়ে এই কথা ঘোষণা কৰে। তেওঁৰ এই মন্তব্যত প্ৰথমতে সকলোৱে স্তম্ভিত হৈ পৰিছিল। পিছত বুজা গ’ল যে তেওঁ ‘এআই সহায়ক’ৰ কথা কৈছে।

বাৰ্লিনত ‘গ্ল’বেল ডাইলগ’ত ভাষণ দি এডিয়ে কয়, ‘আমি ডিয়েলাৰ সৈতে আজি এটা ডাঙৰ ৰিস্ক লৈছিলো আৰু সেয়া ভালেই হ’ল। এইবাৰ প্ৰথমবাৰৰ বাবে ডিয়েলা ৮৩টা সন্তানৰ সৈতে গৰ্ভৱতী হৈছে। তেওঁৰ সন্তানসকলে সংসদৰ সকলো পৰিঘটনা ৰেকৰ্ড কৰিব, দৈনিক আলোচনাৰ বিষয়ে জনপ্ৰতিনিধিসকলক অৱগত কৰিব। তেওঁলোকে তেওঁলোকৰ অনুপস্থিতিত ঘটা সকলো কথা ক’ব।”

এডিয়ে লগতে কয়, “তেওঁলোকে প্ৰতিজন জনপ্ৰতিনিধিৰ সহায়ক হিচাপে কাম কৰিব। সংসদৰ অধিৱেশনত নিয়মিতভাৱে অংশগ্ৰহণ কৰিব। তেওঁলোক মাতৃৰ দৰে জ্ঞানেৰে ভৰপূৰ হ’ব।”

তেওঁ ২০২৬ চনৰ শেষৰ ফালে ডিয়েলাৰ সন্তানসকলকো নিযুক্তি দিয়া হ’ব বুলিও কয়। তেওঁলোকে কেনেকৈ কাম কৰিব সেই বিষয়েও বুজাই দিয়ে। এডিয়ে কয়, “ধৰক আপুনি কফি খাবলৈ গ’ল। কিবা কাৰণত ঘুৰি আহিবলৈ পাহৰি গ’ল। আপোনাৰ অনুপস্থিতিত কি হৈছিল ডিয়েলাৰ সন্তানবোৰে ক’ব। কাক আক্ৰমণ কৰিব লাগে সেইটোও ক’ব। তাৰ পিছত যেতিয়া আপোনালোকে মোক নিমন্ত্ৰণ কৰিব, তেতিয়া ডিয়েলাৰ ৮৩টা সন্তানকো পৰ্দাত দেখা পাব।”

ডিয়েলাৰ অৰ্থ হৈছে সূৰ্য্য। ছেপ্টেম্বৰ মাহত আলবেনিয়া চৰকাৰে তেওঁক দেশৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। চৰকাৰী ব্যৱস্থা স্বচ্ছ, কলংকমুক্ত, দুৰ্নীতিমুক্ত কৰি ৰাখিবলৈ তেওঁক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

অৱশ্যে জানুৱাৰী মাহতে গোটেই দেশখনকে পুৰণি সাজত ডিয়েলাৰ লগত চিনাকি কৰাই দিয়া হৈছিল। আলবেনিয়াৰ চৰকাৰী পৰ্টেলত নথি-পত্ৰৰে নাগৰিকক সহায় কৰি আছিল। পিছত মন্ত্ৰী হিচাপে ঘোষণা কৰি সকলোকে আচৰিত কৰি দিয়ে। নিবিদাৰ সৈতে জড়িত সকলো সিদ্ধান্ত ডিয়েলাই লয়। এইবাৰ আলবেনিয়াই তেওঁৰ সন্তান হিচাপে ‘এআই শিশু’ সৃষ্টি কৰিবলৈ ওলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd