• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰাণৰ ‘হাউচফুল টকীজ’ কৰ্তৃপক্ষৰ মহানুভৱতা : অন্ধ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া প্ৰদৰ্শনৰ ব্যৱস্থা ‘ৰৈ ৰৈ বিনালে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2025 6:10 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাৰ মৰাণৰ ‘হাউচফুল টকীজ’ কৰ্তৃপক্ষই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তি উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে।

আজি পুৱা ৬ বজাত এই বিশেষ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়।

Apply Now

মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী আৰম্ভ হয়।

দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, নীল আকাশ, কুসুম কৈলাশ, মাধৱ ৰঞ্জনকে ধৰি আন আন শিল্পীসকলে একেলগে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘মায়াবিনী’ পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনায়।

‘হাউচফুল টকীজ’ কৰ্তৃপক্ষই মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ ৪০ গৰাকী দিব্যাংগ ছাত্ৰ-ছাত্ৰীক ছবিখন উপভোগ কৰাৰ বিনামূলীয়া ব্যৱস্থা কৰি দিয়ে।

ছবিগৃহটোৰ কৰ্তৃপক্ষই লগতে জনাই যে ‘ৰৈ ৰৈ বিনালে’ৰ লাভৰ টকাৰে মৰাণ অঞ্চলৰ এগৰাকী দৰিদ্ৰ কৰ্কট ৰোগীৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব।

উল্লেখ্য যে ছবিগৃহটোত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ কাষত এখন বিশেষ খালী আসন ৰখা হৈছে।

ছবিখন চলি থকালৈকে এই আসনখন জুবিন গাৰ্গৰ বাবে খালী থাকিব আৰু তেওঁৰ সন্মানত অক্ষয়বন্তি জ্বলি থাকিব।

অনুষ্ঠানত উপস্থিত থাকি কন্ঠশিল্পী কুসুম কৈলাশে কয়, “জুবিন গাৰ্গে বিচৰা ধৰণেৰে আজিৰ দিনটোত ছবিখন শুভমুক্তি দিয়া হৈছে। আশা কৰিছোঁ এইখন ছবিয়ে অসমীয়া ছবি জগতত নতুন দিগন্তৰ সূচনা কৰিব। এই ছবিখনৰ জৰিয়তে অসমৰ ৰাইজে জুবিন দালৈ ভালপোৱা যাচিব বিচাৰিছে।”

কন্ঠশিল্পী নীল আকাশে কয়, “দাদা কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টিৰাজি সদায় আমাৰ লগত থাকিব। ছবিখনক ৰাইজে যিদৰে আদৰি লৈছে, এয়া অসমীয়া ছবিৰ বাবে শুভ লক্ষণ।”

বিপিন চাউদাঙে কয়, “প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই গোটেই অসমবাসী শোকত ভাগি পৰিছে। দুখৰ মাজতো আজি আনন্দৰ দিনটো আহিল। জুবিন গাৰ্গৰ শেষৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ বাবে সকলো আশাৰে ৰৈ আছিল।”

এনেদৰে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ মৰাণতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক আৱেগিক আৰু ব্যতিক্ৰমী ৰূপত ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী আৰম্ভ হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd