ৰাজ্যৰ বিভিন্ন ঠাইত এন এইচ এম কৰ্মীৰ প্ৰতিবাদ। অচল হৈ পৰিছে স্বাস্থ্যসেৱা। চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ এৰি হাতৰ পৰা চিকিৎসাৰ সঁজুলি দলিয়াই ৰাজপথলৈ ওলাই আহিল চিকিৎসক, নাৰ্ছ আদি। কৰ্মচাৰিসকলে একে কামৰ বাবে একে কামৰ দৰমহা প্ৰদান কৰাৰ দাবীত উত্তাল কৰি তুলিছে ৰাজ্য।
আন আন জিলাৰ লগতে লখিমপুৰতো শ শ এন এইচ এম কৰ্মীয়ে প্ৰতিবাদ কৰিবলৈ ওলাই আহে। তেওঁলোকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত সকলোধৰণৰ কৰ্মচাৰীলৈ পে‘ স্কেল ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষাসহ, বেতন আয়োগৰ মতে আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় (Verdict No. 213 of 2013) অনুসৰি সম কামৰ সম দৰমহা তথা সম অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনায়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ ২০২১ চনৰ অসম গেজেট অধিসূচনা, নং: HLA.409/2020/Pt/55 সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি, সমহাৰত পেঞ্চন আৰু পেঞ্চনৰ ক্ষেত্ৰত সুস্থিৰ নিৰ্দেশনা প্ৰকাশ কৰি অতি শীঘ্ৰেই কাৰ্যকৰী কৰাৰো দাবী জনায়।
কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত পোনপটীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যত নতুনকৈ স্থাপিত স্বাস্থ্য অনুষ্ঠানসমূহত নতুন পদ সৃষ্টি কৰি এন এইচ এম কৰ্মচাৰীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, কৰ্মৰত অৱস্থাত কৰ্মচাৰীৰ মৃত্যু হ‘লে পৰিয়ালত যদি যোগ্য ব্যক্তি থাকে নিযুক্তি ব্যৱস্থা কৰা অন্যথা মৃত কৰ্মচাৰীজনৰ ৬০ বছৰ বয়সলৈকে কৰ্মজীৱনৰ সম্পূৰ্ণ দৰমহা পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ উপৰি সামাজিক সুৰক্ষা আইনৰ আওঁতাত কৰ্মচাৰীসকলক ইপিএফ (Employees/Contributory Provident Fund) ৰ ব্যৱস্থা কৰাৰ দাবী জনায়। এই সন্দৰ্ভত জিলা আঁচনি বিষয়া দেবাংগ বিকাশ গগৈ, সন্থাৰ জিলা সভাপতি চৈতন্য বৰাই আন্দোলনৰ কাৰ্যসূচী অধিক তীব্ৰতৰ কৰি তোলাৰ ব্যৱস্থা কৰা হ‘ব বুলি সকীয়াই দিয়ে।
নগাঁৱতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নিয়োজিত চিকিৎসক, স্বাস্থ্যকৰ্মীৰ লগতে কাৰিকৰী কৰ্মচাৰীসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। উপযুক্ত দৰমহাৰ লগতে নিয়মীয়া কৰ্মচাৰীৰ সকলো সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এজন কৰ্মীয়ে কয়, “ৰাজ্য তথা দেশ এখনৰ উন্নয়নৰ মূলতে স্বাস্থ্যখণ্ডৰ উন্নয়ন। স্বাস্থ্য খণ্ডত নিয়োজিত চিকিৎসক, স্বাস্থ্য কৰ্মীসকলেই প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে। নিয়মীয়া কৰ্মচাৰীৰ দৰেই দায়িত্ব পালন কৰিও নিয়মীয়া কৰ্মচাৰীৰ সমানে দৰমহা লাভ কৰা নাই।”
ইফালে ওদালগুৰিটো সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এন এইচ এম অসমৰ বিষয়া-কৰ্মচাৰীসকলে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতিৰ লগতে ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ।





