• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-চীনৰ সম্পৰ্ক: চীনা সামগ্ৰী সন্দৰ্ভত ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2025 2:09 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় পাঁচ বছৰীয়া বাণিজ্যিক স্থবিৰতাৰ অন্তত ভাৰতে এতিয়া চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ প্ৰস্তুতি চলাইছে। বজাৰত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নহয় আৰু স্থানীয় উৎপাদনক প্ৰসাৰিত কৰাৰ লক্ষ্যত উপনীত হ’ব পাৰি, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে চীনৰ পৰা অহা সামগ্ৰীৰ অনুমোদন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিছে। এই পদক্ষেপে উদ্যোগসমূহক সকাহ দিয়াৰ লগতে দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কত নতুন দিশৰ সূচনা কৰিছে।

উল্লেখ্য যে ২০২০ চনৰ সীমান্ত সংঘৰ্ষৰ পিছত ভাৰতে চীনৰ বহু সামগ্ৰী, যেনে ইলেক্ট্ৰনিক পাৰ্টছ, ষ্টীল, জোতা আৰু ঘৰুৱা সামগ্ৰীৰ বিআইএছ (BIS) অনুমোদন কাৰ্যতঃ বন্ধ কৰি ৰাখিছিল। কিন্তু শেহতীয়াকৈ বেইজিঙৰ সৈতে সম্পৰ্ক কিছু সুস্থিৰ হোৱাৰ লগতে দেশত চাহিদা বৃদ্ধি পোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

Apply Now

বিগত কেইমাহমানৰ ভিতৰত ভাৰত আৰু চীনৰ কূটনৈতিক সম্পৰ্ক উন্নত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণ আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে হোৱা বৈঠকৰ পিছত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ হয় আৰু ব্যৱসায়িক ভিছা প্ৰদান আৰম্ভ হয়।

কেন্দ্ৰীয় চৰকাৰে এতিয়া ভাৰতীয় বজাৰৰ বাবে অপৰিহাৰ্য সামগ্ৰী উৎপাদন কৰা বিদেশী কোম্পানীসমূহৰ বাবে বাট মুকলি কৰি দিছে। শেহতীয়াকৈ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে (DPIIT) বিদেশী উদ্যোগৰ, বিশেষকৈ চীনৰ উদ্যোগৰ অনুমোদন পলম হৈ থকা সকলো গোচৰৰ সন্দৰ্ভত তথ্য বিচাৰিছে। চৰকাৰে এতিয়া এই বাকী থকা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰস্তুতি চলাইছে।

শেহতীয়াকৈ জি এছ টি হ্ৰাস পোৱাৰ পিছতে বহু সামগ্ৰীৰ বিক্ৰী দ্ৰুতগতিত বৃদ্ধি পাইছে। টেলিভিছন, ৱাশ্বিং মেচিন, ফ্ৰীজ, ডিচৱাছাৰ আদি প্ৰিমিয়াম ইলেক্ট্ৰনিকছৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে বহু মডেলৰ বাবে অপেক্ষাৰ তালিকা গঠন হৈছে। কোম্পানীসমূহে জনাইছে যে তেওঁলোকৰ ষ্টক শেষ হৈ গৈছে আৰু যোগান শৃংখলৰ ওপৰত যথেষ্ট হেঁচা পৰিছে।

এনে পৰিস্থিতিত চৰকাৰে বিআইএছৰ (ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ) অনুমোদন প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিব বিচাৰিছে যাতে বিদেশী যোগানকাৰীৰ পৰা সামগ্ৰী সোনকালে আহিব পাৰে আৰু বজাৰত কোনো অভাৱ নহয়।

উল্লেখনীয় যে ভাৰতত যিকোনো সামগ্ৰী বিক্ৰী কৰিবলৈ বিআইএছৰ অনুমোদনৰ প্ৰয়োজন, যি গুণগত মানদণ্ডৰ বিপৰীতে সংশ্লিষ্ট উৎপাদন ইউনিটটোক পৰীক্ষা কৰাৰ পিছতহে প্ৰদান কৰা হয়। বিদেশী কাৰখানাৰ বাবে এই প্ৰক্ৰিয়া দীঘলীয়া, কিয়নো বিআইএছৰ বিষয়াসকলে পৰিদৰ্শনৰ বাবে সেই দেশলৈ যাবলগীয়া হয়।

২০২০ চনৰ পিছত চীনৰ উদ্যোগসমূহৰ বাবে এই অনুমোদন কাৰ্যতঃ বন্ধ হৈ যোৱাৰ ফলত ভাৰতৰ যোগান শৃংখলত প্ৰভাৱ পৰিছিল। এতিয়া চৰকাৰে এই বিষয়সমূহৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে। এই ক্ষেত্ৰত স্থানীয়কৰণৰ প্ৰসাৰ অব্যাহত থাকিব, কিন্তু বিদেশী অনুমোদনত অপ্ৰয়োজনীয়ভাৱে পলম নহ’ব।

শেহতীয়াকৈ বেইজিঙে ভাৰতলৈ আপুৰুগীয়া চুম্বক (Rare Earth Magnets) ৰপ্তানি পুনৰ আৰম্ভ কৰাটোৱে ভাৰত-চীনৰ বাণিজ্যিক সম্পৰ্ক উন্নত হোৱাৰ স্পষ্ট লক্ষণ। এই চুম্বকসমূহ বৈদ্যুতিক বাহন, নবীকৰণযোগ্য শক্তি আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd