• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিজয় ভাষণত ট্ৰাম্পক থকাসৰকা নিউয়ৰ্কৰ নৱনিৰ্বাচিত মেয়ৰ জোহৰাণ মামদানীৰ, দিলে নেহৰুৰ উদ্ধৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2025 2:30 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‎আমেৰিকাৰ ৰাজনীতিত ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় মূলৰ ব্যক্তিয়ে। নিউয়ৰ্কত প্ৰথম বাৰৰ বাবে মেয়ৰ ‎হিচাপে নিৰ্বাচিত হ’ল এগৰাকী মুছলমান তথা ভাৰতীয় বংশোদ্ভৱৰ এগৰাকী ব্যক্তি জোহৰান মামদানী। মেয়ৰ ‎হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ সোমবাৰে প্ৰদান কৰা বিজয় ভাষণে এতিয়া সমগ্ৰ বিশ্বতেই খলকনি তুলিছে। ‎বিজয় ভাষণত আমেৰিকাৰ ট্ৰাম্পৰ স্বেচ্ছাচাৰী শাসনক তীব্ৰ সমালোচনা কৰে জোহৰান মামদানীয়ে।

মামদানীয়ে ‎বিজয় ভাষণত কয় যে আজি সন্ধিয়া আমাৰ চহৰখনত সূৰ্য অস্ত গৈছে কিন্তু মই এটা নতুন দিনৰ পোহৰ দেখিবলৈ ‎পাইছো। বন্ধু সকল, আমি ইতিহাস ৰচনা কৰি দেখুৱালো। কামবোৰ সম্পূৰ্ণ নোহোৱালৈকে অসম্ভৱ যেনেই লাগে। ‎কিন্তু অসম্ভৱ কামটো আমি কৰিলো। ভাষণৰ সময়ত তেওঁ জৱাহৰলাল নেহৰুৱে দেশ স্বাধীন হোৱাৰ পিছত প্ৰদান ‎কৰা “ট্ৰিষ্ট উইথ ডেষ্টিনি” শীৰ্ষক ভাষণটো কথা স্মৰণ কৰে।

Apply Now

তেওঁ কয়, ‘‘আপোনালোকৰ সন্মুখত থিয় হৈ মোৰ ‎জৱাহৰলাল নেহৰুৰ কথা মনলৈ আহিছে। এনে লাগিছে যেন বহুত দিন ধৰি দমন আৰু শোষণৰ বলি হৈ থকা ‎জাতি এটাৰ আত্মাই নিজৰ ভাষা বিচাৰি পাইছে। আজি ৰাতি আমি পুৰণিৰ দিন এৰি নতুন দিনত প্ৰৱেশ কৰিবলৈ ‎ওলাইছো। তেওঁ কয়, “মই আপোনালোকৰ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী। অতি সোনকালে নিউয়ৰ্ক চহৰৰ মেয়ৰ ‎হ’ম।”

ভাষণত তেওঁ কয় যে নিউয়ৰ্কৰ প্ৰতিজন নাগৰিকৰ সহায় আৰু আঠ মাহ জোৰা এক অভিযানৰ অন্তত ‎আমি জয় লাভ কৰিছোঁ। হাৰ্লেমৰ পৰা বে ৰিজলৈকে, জেকচন হাইটছৰ পৰা প’ৰ্ট ৰিচমণ্ডলৈকে আমি জয়ী হৈছো। ‎আমি এই কাৰণেই জয়ী হৈছোঁ কাৰণ নিউয়ৰ্কৰ লোকসকলে এখন উন্নত চহৰৰ বাবে থিয় হৈছে। যি চহৰত ‎পৰিশ্ৰমৰ পৰি_শ্ৰমৰ (পৰিশ্ৰমৰ বিনিময়) এক সুস্থিৰ জীৱন হ’ব। য’ত কেৱল ঋণ পৰিশোধ কৰিবলৈকে ‎কাৰখানাৰ মজিয়াত বা কেবৰ চকাৰ পিছফালে আঠ ঘন্টা পৰিশ্ৰম কৰিব নালাগে। যাতে এই পৰিশ্ৰমৰ পৰা পোৱা ‎মূল্য ঘৰৰ লাইটবোৰ জ্বলাই ৰখাবলৈ আৰু নিজৰ সন্তানক স্কুললৈ পঠিয়াবলৈ যথেষ্ট হয়।

তেওঁ লগতে কয়, “বন্ধু ‎সকল আমি এটা ৰাজনৈতিক পৰিয়ালক উফৰাই পেলাইছোঁ। মই এণ্ড্ৰু কুওমোৰ ব্যক্তিগত জীৱনৰ বাবে শুভকামনা ‎জনাইছোঁ। কিন্তু আজি সন্ধিয়াটোৱেই হওক তেওঁৰ নাম উচ্চাৰণ কৰাৰ অন্তিম সময়।”

তেওঁ লগতে কয়, ‘‘মই ‎আজি ইয়াত থিয় দিছোঁ আৰু মোৰ পৰিচয় লুকুৱাই ৰাখিবলৈ অস্বীকাৰ কৰিছোঁ। মই মুছলমান। মই এজন ‎গণতান্ত্ৰিক সমাজবাদী। এইবোৰৰ কোনো এটাৰ বাবে ক্ষমা খুজিব নিবিচাৰোঁ।

জোহৰানে প্ৰতিশ্ৰুতি দি কয়, “আমি ‎ভাড়া ঘৰৰ মালিকসকলক জবাবদিহি কৰিম। এই চহৰৰ এই ড’নাল্ড ট্ৰাম্পসকলে ভাড়াতীয়াসকলৰ পৰা অধিক ‎ধন আদায় কৰি আৰামদায়ক জীৱন যাপন কৰিছে। আমি দুৰ্নীতিৰ সংস্কৃতিৰ অন্ত পেলাম। কৰ ফাঁকি দিয়া ‎কোটিপতিসকলৰ বিৰুদ্ধেও আমি ব্যৱস্থা গ্ৰহণ কৰিম।”

শেষত তেওঁ ট্ৰাম্পক উদ্দেশ্যি কয়, “ড’নাল্ড ট্ৰাম্প, যিহেতু ‎মই জানো যে আপুনি চাই আছে, গতিকে আপোনাৰ বাবে মোৰ হাতত চাৰিটা শব্দ আছে: Turn the volume ‎up!”‎

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd