মাত্ৰ ১৬৭ ৰানৰ টাৰ্গেট। আজিকালি টি-২০ ক্ৰিকেটত একেবাৰে ডাঙৰ কথা নহয়। সেই কম ৰানৰ টাৰ্গেট দিও গোল্ড কোষ্টত ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, শিৱম ডুবে বাহিনীয়ে নিয়ন্ত্ৰিত বলিং কৰে। যাৰ বাবেই ভাৰতে চতুৰ্থখন টি-২০ মেচত অনায়াসে জয়লাভ কৰে।
ভাৰতে ৪৮ ৰানত জয়লাভ কৰে। এই জয়েৰে টিম ইণ্ডিয়াই পাঁচখন খেলৰ শৃংখলাটোত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
কুইন্সলেণ্ডত ভাৰতে দিয়া ১৬৮ ৰানৰ লক্ষ্যৰে খেলি অষ্ট্ৰেলিয়াই বেয়া আৰম্ভণি কৰা নাছিল। প্ৰথম উইকেটত ৩৭ ৰান সংগ্ৰহ কৰে। দ্বিতীয় উইকেটৰ পতনৰ সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ৬৭ ৰান।তাৰ পৰাই ভাৰতৰ স্পিনাৰসকলে খেলখন ঘূৰাই দিলে। মিডিয়াম পেচাৰ শিৱম ডুবেইও উপযুক্ত সহায় আগবঢ়ায়।
দৰাচলতে গোল্ড কোষ্টত এই পিটচৰ গতি অষ্ট্ৰেলিয়াৰ অন্যান্য খেলপথাৰতকৈ লেহেমীয়া। প্ৰায়ে বেটত বল অহাত সমস্যা হৈ পৰিছিল। খেলপথাৰৰ এই মন্থৰতাৰ সুযোগ লৈছিল ভাৰতীয় বলাৰসকলে।
মন্থৰ খেলপথাৰত ৰানৰ গতি বৃদ্ধি কৰিবলৈ চেষ্টা কৰি অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে ইটোৰ পিছত সিটো উইকেট তুলি দিয়ে। মাত্ৰ ১১৯ ৰানতে অষ্ট্ৰেলিয়াৰ ইনিংছ শেষ হয়। অষ্ট্ৰেলিয়াৰ শেষৰ পাঁচজন বেটছমেনৰ কোনো এজনেই দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে।
ভাৰতীয় দলৰ ভিতৰত ৱাশ্বিংটন সুন্দৰে ৩টা উইকেট দখল কৰে। অক্ষৰ, শিৱমে দুটাকৈ উইকেট দখল কৰে। অৰ্শদীপ, বুমৰাহ, বৰুণ আটাইকেইজনে এটাকৈ উইকেট দখল কৰে। ভাৰতে ৪৮ ৰানত জয়লাভ কৰে।
আজি কুইন্সলেণ্ডত অনুষ্ঠিত হোৱা খেলখনত টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই ১৬৭ ৰান সংগ্ৰহ কৰে। প্ৰথম তিনিখন মেচত শ্বুবমান গিল একেবাৰেই ছন্দত নাছিল। যাৰ বাবে অসন্তুষ্ট প্ৰশিক্ষক গম্ভীৰেও চতুৰ্থ টি-২০ৰ আৰম্ভণিতে ভাৰতীয় দলৰ উপ-অধিনায়কক এটা সুকীয়া ক্লাছ দিছিল। ফলত এই ৩৯টা বলত ৪৬ ৰানৰ ইনিংছ।
যদিও টি-২০ ক্ৰিকেটত ১১৭ ৰান ষ্ট্ৰাইক ৰেট অসাধাৰণ নহয়, তথাপিও এই খেলপথাৰত গিলৰ ইনিংছ মূল্যৱান বুলি প্ৰমাণিত হ’ল। ইয়াৰ লগতে অভিষেক শৰ্মাই ২১ বলত ২৮ ৰান, শিৱম ডুবেই ১৮ বলত ২২ ৰান, আৰু সূৰ্য্যকুমাৰ যাদৱে ১০ বলত ২০ ৰান সংগ্ৰহ কৰে।
শেষত অক্ষৰ পেটেলে ১১টা বলত ২১ ৰান সংগ্ৰহ কৰে। ইয়াৰ লগে লগে ভাৰতে ১৬৭ ৰানৰ সন্মানজনক স্ক’ৰত উপনীত হয়। সেই কম ৰানৰ টাৰ্গেটৰ পিছতো অষ্ট্ৰেলিয়াক মূৰ দাঙি উঠিব নিদিলে অক্ষৰ বাহিনীয়ে।




