• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুপৰিকল্পিত আছিল বাংলাদেশৰ হিংসাত্মক আন্দোলন! প্ৰাক্তন মন্ত্ৰী মহিবুল হাছান চৌধুৰীৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2025 4:35 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ আঁৰত আছিল এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ। বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হাছান চৌধুৰীৰ এই বিস্ফোৰক অভিযোগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাছিয়াৰ সংবাদ গোষ্ঠী ‘Russia Today’ক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে ২০২৪ চনত বাংলাদেশত হোৱা হিংসাত্মক আন্দোলন কোনো স্বতঃস্ফূৰ্ত প্ৰতিবাদ নাছিল, বৰঞ্চ শ্বেইখ হাছিনা চৰকাৰক উফৰাই পেলোৱাৰ উদ্দেশ্যে এক সুপৰিকল্পিত অভিযান আছিল বুলি দাবী কৰিছে।

মহিবুলৰ ভাষ্য অনুসৰি, এই ষড়যন্ত্ৰৰ আঁৰত আছিল আমেৰিকা, তাৰ অলাভজনক সংস্থা USAID, লগতে ক্লিণ্টন পৰিয়াল। তেওঁ অভিযোগ কৰে যে, “আমেৰিকাৰ কিছুমান NGO আৰু USAIDৰ দৰে সংস্থাই ২০১৮ চনৰ পৰা আমাৰ চৰকাৰৰ বিৰুদ্ধে গোপনভাৱে প্ৰচাৰ চলাই আহিছে। তেওঁলোকে চচিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি, শিল্পী, মৌলবাদী গোট আৰু তৃতীয় লিংগৰ লোকসকলক বিপুল পৰিমাণৰ ধন দান কৰি আন্দোলনত ইন্ধন যোগাইছিল।”

Apply Now

তেওঁ আৰু অভিযোগ কৰে যে, অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আমেৰিকা চৰকাৰৰ সৈতে হাত মিলাইছে। তেওঁ ইউনুছক “বিপজ্জনক ব্যক্তি” বুলি বৰ্ণনা কৰি কয়, “ইউনুছে আৰু ক্লিণ্টন পৰিয়ালে বহু বছৰ ধৰি বাংলাদেশৰ চৰকাৰ সলনি কৰিবলৈ চেষ্টা কৰি আহিছে। NGOৰ পুঁজিৰ জৰিয়তে বহু গোপন কাম চলি আছিল।”

উল্লেখযোগ্য যে, শ্বেইখ হাছিনাইও পূৰ্বে আমেৰিকাৰ ওপৰত একে ধৰণৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ দাবী অনুসৰি, চেইণ্ট মাৰ্টিন দ্বীপ সংযুক্ত ৰাষ্ট্ৰক বিক্ৰী নকৰাৰ কাৰণেই আমেৰিকাই ষড়যন্ত্ৰৰ জৰিয়তে তেওঁৰ চৰকাৰক উফৰাই পেলাইছিল। তেওঁ ইউনুছৰ ওপৰতো অভিযোগ উত্থাপন কৰিছে যে তেওঁ বাংলাদেশক আমেৰিকাৰ স্বাৰ্থত বলিদান দিছে।

প্ৰাক্তন মন্ত্ৰী মহিবুল হাছান চৌধুৰীয়ে সাক্ষাৎকাৰত স্পষ্টভাৱে কয় যে, “যোৱা বছৰৰ জুলাই মাহত যি আন্দোলন বাংলাদেশত সংঘটিত হৈছিল, ই সম্পূৰ্ণৰূপে পৰিকল্পিত আছিল। ক্লিণ্টন পৰিয়াল আৰু ইউনুছৰ মাজত বহুদিনৰ গোপন বুজাবুজি আছিল, যাৰ লক্ষ্য আছিল হাছিনা চৰকাৰক উফৰাই নতুন শাসন ব্যৱস্থা স্থাপন কৰা।”

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰি কয় যে, “আমেৰিকাৰ পৰা অহা এই বিপুল ধন ক’লৈ গ’ল?” মহিবুলৰ দাবী, এই ধনেই বাংলাদেশৰ চৰকাৰ সলনি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু সেই ধনৰেই জুলাই-আগষ্ট মাহৰ হিংসাত্মক সংঘাতৰ পৰিকল্পনা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd