• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ধ্ৰ প্ৰদেশত এনকাউণ্টাৰত দুৰ্ধৰ্ষ মাওবাদী নেতা মাদভি হিদমাকে ধৰি ৬ জন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 1:27 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশত আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে মাওবাদী। মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য মাদভি হিদমা, তেওঁৰ পত্নী আৰু তেওঁলোকৰ চাৰিজন সহযোগী নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত হৈছে।

মঙলবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাৰ মেৰেডুমিলিৰ বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। সেই সময়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৬জন মাওবাদী নিহত হয়। সূত্ৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে এতিয়াও অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে।

Apply Now

সূত্ৰৰ পৰা জানিব পৰা মতে, কেইবাদিনো ধৰি হিদমাক বিচাৰি নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। তেওঁৰ বিৰুদ্ধে কমেও ২৬টা সশস্ত্ৰ আক্ৰমণৰ অভিযোগ আছে। ইয়াৰ উপৰিও ২০১০ চনত দান্তেৱাড়া আক্ৰমণ, ২০১৩ চনত ঝিৰাম উপত্যকাৰ আক্ৰমণ আৰু ২০২১ চনত চুকমা-বিজাপুৰ আক্ৰমণত হিদমাই মুখ্য ভূমিকা পালন কৰিছিল।

হিদমা প্ৰথমে পিপলছ লিবাৰেচন গেৰিলা আৰ্মীৰ নেতা আছিল। তেওঁ আছিল মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ আটাইতকৈ কম বয়সীয়া সদস্য। এই কমিটীত যোগদান কৰা বস্তাৰ অঞ্চলৰ একমাত্ৰ জনজাতীয় সদস্য। এটা সময়ত হিদমাৰ মূৰৰ দাম ৫০ লাখ টকা উঠিছিল। সূত্ৰ অনুসৰি এনকাউণ্টাৰত কেৱল হিদমাই নহয় তেওঁৰ পত্নী ৰাজে ওৰফে ৰাজাক্কাও নিহত হৈছে।

আনহাতে, ছত্তীশগড়ৰ চুকমা জিলাতো নিৰাপত্তা বাহিনীৰ বাবে আহিছে বৃহৎ সফলতা। এনকাউণ্টাৰত নিহত হৈছে এজন মাওবাদী। মঙলবাৰে পুৱা এৰাবোৰ আৰক্ষী থানাৰ সমীপৰ বনাঞ্চলৰ পৰা বিক্ষিপ্তভাৱে গুলীচালনাৰ শব্দ লাভ কৰে আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীয়ে বনাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে মাওবাদীয়ে গুলীচালনা আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। ফলত মাওবাদীজন নিহত হয়।

ইয়াৰ পূর্বে ১১ নৱেম্বৰত অন্ধ্র প্রদেশত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক এনকাউণ্টাৰত ৬জন মাওবাদী নিহত হৈছিল৷ অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাৰ কেইবাঠাইতো মাওবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে। তেওঁলোকক নিৰ্মূল কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে তালাচী অভিযান চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd