• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সচেতন নাগৰিকৰ উদ্যোগত গুৱাহাটীত জুবিন গাৰ্গৰ জন্মদিনটো ‘গছৰ দিন’ হিচাপে উদযাপন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 18, 2025 9:01 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী, ১৮ নৱেম্বৰ: গুৱাহাটীৰ সচেতন নাগৰিকৰ উদ্যোগত মঙলবাৰে অসমৰ প্ৰাণৰ শিল্পী জুবিন ‎গাৰ্গৰ জন্মদিনটো ‘গছৰ দিন’ হিচাপে পালন কৰা হয় আৰু এই উপলক্ষে মহানগৰীত গছপুলি ‎ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

গছৰ দিন পালনৰ কাৰ্যসূচীৰ অংশ হিচাপে, দীঘলীপুখুৰী উদ্যানত, তাৰিণী চৰণ চৌধুৰী বহুমুখী ‎বালিকা বিদ্যালয় চৌহদত আৰু হেদায়েৎপুৰ প্ৰাথমিক খেলপথাৰকে ধৰি কেইবাটাও স্থানত নাহৰকে ‎ধৰি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়।

Apply Now

এই গছপুলি ৰোপন কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে দীঘলীপুখুৰী উদ্যানৰ ভিতৰত বিশিষ্ট চিন্তানায়ক ড০ ‎হীৰেন গোহাঁয়ে উদ্বোধন কৰে।

অনুষ্ঠানত ভাষণ দি ড০ গোহাঁয়ে প্ৰয়াত শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে গছৰ দিন পালনৰ ‎উদ্দেশ্য ব্যাখ্যা কৰে।

ড০ গোহাঁয়ে কয়, “জুবিন গাৰ্গৰ মধুৰ স্মৃতিত গুৱাহাটীৰ সচেতন নাগৰিকৰ উদ্যোগত তেওঁৰ জন্মদিন ‎উপলক্ষে আয়োজন কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই সুখী অনুভৱ কৰিছোঁ।”‎

গোহাঁইয়ে জুবিন গাৰ্গৰ প্ৰকৃতিৰ গভীৰ উপলব্ধিৰ ওপৰত গুৰুত্ব দি কয়, “জুবিন গাৰ্গে উপলব্ধি ‎কৰিছিল যে মানুহ প্ৰকৃতিৰেই সন্তান। হাতী, বাঘ, সাপ, ভেকুলী, গঁড়কে ধৰি প্ৰতিটো বন্যপ্ৰাণীয়েই ‎প্ৰকৃতিৰ সন্তান। দুৰ্ভাগ্যজনকভাৱে, কিছুমান লোকে উন্নয়নৰ নামত এই কথা পাহৰি গৈছে।”‎

পৰিৱেশৰ অৱক্ষয়ৰ ফলত হ’ব পৰা ভয়ংকৰ পৰিণতিৰ বিষয়ে সতৰ্ক কৰি ড০ গোহাঁইয়ে কয় ‎‎”প্ৰকৃতিৰ দুটা অমূল্য উপাদান—বায়ু আৰু পানীৰ অৱক্ষয়ৰ বাবে বন্যপ্ৰাণীয়ে এক সংকটৰ সন্মুখীন ‎হৈছে। যদি বায়ু আৰু পানী প্ৰদূষিত হয়, তেন্তে পৃথিৱীৰ পৰা জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। এই ‎গুৰুত্বপূৰ্ণ বাৰ্তা বিয়পাই দিবলৈ আমি এই দিনটো ‘গছৰ দিন’ হিচাপে পালন কৰিছোঁ।”‎

গোহাঁইয়ে ধ্বংসাত্মক উন্নয়নমূলক শক্তিসমূহক সমালোচনা কৰি কয়, “আমি জ্ঞাতসাৰে বা ‎অজ্ঞাতসাৰে আমাৰ পৰিৱেশ ধ্বংস যিসকলে ধ্বংস কৰিছে তেঁওলোকক জনাব বিচাৰোঁ যে আমি ‎প্ৰকৃতিৰ বিৰুদ্ধে গৈ জীয়াই থাকিব নোৱাৰোঁ। উন্নয়নৰ নামত উন্মাদ হৈ পৰা সেইসকলৰ প্ৰকৃতি ‎আৰু বন্যপ্ৰাণীৰ প্ৰয়োজন নাই; তেওঁলোকৰ কেৱল ধনৰহে প্ৰয়োজন। কেৱল ধন আহৰণ কৰিবলৈ ‎তেওঁলোকে চাৰি-লেন আৰু ছয়-লেনৰ ঘাইপথৰ দৰে বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প হাতত লৈছে।”‎

ৰাজনৈতিক বিশ্লেষক ড০ অপূৰ্ব কুমাৰ বৰুৱা, শিক্ষাবিদ ড০ ইন্দ্ৰাণী দত্ত, ইতিহাসবিদ ড০ মনোৰমা ‎শৰ্মা, লেখিকা ৰাণী গোহাঁই আৰু জয়শ্ৰী বৰা, সাংবাদিক মহেশ ডেকা, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, ‎সমাজকৰ্মী এলেন ব্ৰুকছ, ৰবীন্দ্ৰনাথ দত্ত, কৰ্মী সংগীতা দাস, পূজা নিৰলা আৰু জয়ন্ত গগৈ, ‎ইছফাকুৰ ৰহমান, সুপ্ৰকাশ তালুকদাৰ, যুৱ কবি কোকিল শইকীয়া আৰু যুৱ সাংবাদিক অঞ্জুমান ‎ভৰদ্বাজ, আৰু কবি ৰশ্মিৰীয়া গগৈকে ধৰি গোটটোৰ কেইবাজনো বিশিষ্ট সদস্য আৰু অন্যান্য সচেতন ‎নাগৰিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে, সোমবাৰে, গুৱাহাটীৰ সচেতন নাগৰিকৰ উদ্যোগত জুবিন গাৰ্গৰ সৃষ্টিৰাজিক ‎উদযাপন কৰিবলৈ দীঘলীপুখুৰীত এক সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত “জীয়া ‎জুবিন” নামৰ এখন নাটক, জুবিন গাৰ্গৰ গীত পৰিৱেশন আৰু কবিতা পাঠ, আৰু মহেশ ডেকাৰ ‎দ্বাৰা পৰিচালিত “বিয়ণ্ড দ্য ষ্টেজ: জুবিন গাৰ্গছ গ্ৰীণ ছিম্ফনী” নামৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd